চণ্ডী প্ৰসাদ ভাট (Chandi Prasad Bhatt; জন্ম ২৩ জুন ১৯৩৪) এগৰাকী ভাৰতীয় পৰিৱেশবিদ আৰু সমাজ-কৰ্মী, যিয়ে ১৯৬৪ চনত গোপেশ্বৰ দশোলী গ্ৰাম স্বৰাজ্য সংঘ (ডিজিএছএছ) প্ৰতিষ্ঠা কৰিছিল আৰু পাছলৈ সেই অনুষ্ঠান চিপকো আন্দোলনৰ মাতৃ-সংগঠন হৈ পৰিছিল; তেওঁ তাৰ অন্যতম পথ-প্ৰদৰ্শক আছিল। তেওঁৰ কামৰ বাবে ভাটক ১৯৮২ চনত ৰমন মেগছেছে বঁটা, তাৰ পাছত ২০০৫ চনত পদ্মভূষণ প্ৰদান কৰা হৈছিল।১
নিম্নবৰ্গীয় সামাজিক পৰিৱেশ বিজ্ঞানৰ ওপৰত কৰা কামৰ বাবে তেওঁ আজি জনাজাত আৰু তেওঁক ভাৰতৰ প্ৰথম আধুনিক পৰিৱৰ্তনবাদী হিচাপে বিবেচনা কৰা হয়।
তেওঁ ২০১৩ চনত গান্ধী শান্তি বঁটা লাভ কৰিছিল।২৩
প্ৰাৰম্ভিক জীৱন
১৯৩৪ চনৰ ২৩ জুনত গংগা ৰাম ভাট আৰু মহেশী দেৱী থাপলিয়ালৰ দ্বিতীয় সন্তান হিচাপে গোপেশ্বৰৰ ৰুদ্ৰনাথ মন্দিৰৰ পূজাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল চণ্ডী প্ৰসাদ ভাটে, গোপেশ্বৰৰ ৰুদ্ৰনাথ মন্দিৰ পঞ্চ কেদাৰৰ ভিতৰৰ এটা মন্দিৰ, পঞ্চ কেদাৰ শিৱক উৎসৰ্গিত পাঁচটা হিমালয়ত অৱস্থিত মন্দিৰ, ইয়াৰ ভিতৰত আটাইতকৈ পূজনীয় মন্দিৰ হৈছে কেদাৰনাথ মন্দিৰ।১ কৃষকৰ লগতে গোপেশ্বৰৰ বিখ্যাত শিৱ মন্দিৰ আৰু ৰুদ্ৰনাথ মন্দিৰত পুৰোহিত হিচাপে কৰ্মৰত আছিল পিতৃ, চণ্ডী প্ৰসাদৰ কেঁচুৱা অৱস্থাতে দেউতাকৰ মৃত্যু হয় আৰু তাৰ পাছত তেওঁক মাকে ডাঙৰ-দীঘল কৰে ভাৰতৰ উত্তৰাখণ্ডৰ চামোলী জিলাৰ গোপেশ্বৰত, যিখন এতিয়াও এখন অতি সৰু গাঁও। স্কুলীয়া শিক্ষা ৰুদ্ৰপ্ৰয়াগ আৰু পৌৰীত কৰিছিল যদিও ডিগ্ৰী লাভ কৰাৰ আগতেই শিক্ষা সামৰি দিছিল।৪
কেৰিয়াৰ
অতিমাত্ৰা জনবসতিপূৰ্ণ পাহাৰত কৃষিভূমিৰ অভাৱ আছিল আৰু চাকৰিও কম আছিল। অৱশেষত সমভূমিত কাম কৰিবলৈ বাধ্য হোৱাৰ আগতে পাহাৰীয়া গাঁৱৰ বেছিভাগ পুৰুষৰ দৰে চণ্ডী প্ৰসাদেও এবছৰ ধৰি মাকক পোহপাল দিবলৈ শিশুক শিল্প শিকাইছিল। তেওঁ গড়ৱাল মটৰ মালিক সংঘত বুকিং কেৰাণী হিচাপে যোগদান কৰে, ঋষিকেশ, পিপালকোটি আৰু কৰ্ণপ্ৰয়াগকে ধৰি বিভিন্ন স্থানত কৰ্ম-সূত্ৰে বদলি হয়।
১৯৫৬ চনত ভাটে সেই অঞ্চল ভ্ৰমণলৈ যোৱা গান্ধীবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ ভাষণ শুনি মনত আশাৰ সঞ্চাৰ কৰিছিল। ভাট আৰু অন্যান্য যুৱক-যুৱতীসকলে নিজকে সৰ্বোদয় আন্দোলন আৰু গান্ধীবাদী অভিযানত, ভূডান আৰু গ্ৰামদানৰ আৰু সমগ্ৰ উত্তৰাখণ্ডত অৰ্থনৈতিক উন্নয়ন আৰু সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে গাঁও সংগঠিত কৰিবলৈ ল'লে।৫
১৯৬০ চনত তেওঁ জিএমঅ’ইউৰ চাকৰি এৰি সৰ্বোদয় কাৰ্য্যকলাপত পূৰ্ণকালীনভাৱে নিজকে নিযুক্ত কৰে আৰু ১৯৬৪ চনলৈকে ভাটে গোপেশ্বৰত থকা সহযোগী গাঁওবাসীক ঘৰৰ ওচৰত বনভিত্তিক উদ্যোগত কৰ্মসংস্থাপনৰ বাবে সংগঠিত কৰিবলৈ দশোলি গ্ৰাম স্বৰাজ্য মণ্ডল (গাওঁ আত্মশাসনৰ সমাজ) প্ৰতিষ্ঠা কৰিছিল, গছৰপৰা কাঠৰ সঁজুলি তৈয়াৰ কৰা আৰু আয়ুৰ্বেদিক চিকিৎসাৰ বাবে বনৌষধি সংগ্ৰহ আৰু বিপণন কৰা আৰু কু-অভ্যাস আৰু শোষণৰ বিৰুদ্ধে যুঁজ দিয়াই আছিল লক্ষ্য।

বঁটা আৰু সন্মান
- ১৯৮২: সামাজিক নেতৃত্বৰ বাবে ৰমন মেগছেছে বঁটা
- ২০০৫: পদ্মভূষণ
- ২০১৩:১৫ জুলাই ২০১৪ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৩ বৰ্ষৰ বাবে গান্ধী শান্তি বঁটা প্ৰদান কৰে ২৬
- ২০১৬: শ্ৰীসত্য সাই লোক সেৱা ট্ৰাষ্টৰদ্বাৰা পৰিৱেশ শাখাত মানৱ উৎকৃষ্টতাৰ বাবে শ্ৰীসত্যা সাই বঁটা ৭
- ২০১৭/০১৮: ৰাষ্ট্ৰীয় সংহতিৰ বাবে ইন্দিৰা গান্ধী বঁটা ৮
তথ্যসূত্ৰ
- ↑ The Hindu, Sunday, 2 June 2002
- ↑ Untitled Page
- ↑ The President of India
- ↑ BIOGRAPHY of Chandi Prasad Bhatt The 1982 ৰমন মেগছেছে বঁটা for Community Leadership
- ↑ Chandi Prasad Bhatt Gandhi today: a report on Mahatma Gandhi's successors, by Mark Shepard. Published by Shepard Publications, 1987. . Page 65
- ↑ (15 July 2014). President presents Gandhi Peace Prize to Chandi Prasad Bhatt
- ↑ Sri Sathya Sai Awards for Human Excellence conferred on seven people | News - Times of India Videos. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ UNDP Global 500 Ramon Magsaysay Award for Community Leadership 1982 Padma Shri 1986 govind ballabh pant Vishwavidyalaya dwara dr of science ki upadhi Padma Bhushan 2005
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চণ্ডী প্ৰসাদ ভাট” প্ৰবন্ধৰ সংশোধন ৫৫৪৯২০ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।