গ'ল্ডেন গ্ল'ব বঁটা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ ৯৩ জন সদস্যই দেশী বা বিদেশী চলচ্চিত্ৰ আৰু টেলিভিজন প্ৰগ্ৰেমৰ ক্ষেত্ৰত উৎকৰ্ষৰ বাবে প্ৰদান কৰা এক বাৰ্ষিক বঁটা। বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠান আৰু আহাৰগ্ৰহণ চলচ্চিত্ৰ উদ্যোগৰ বাৰ্ষিক বঁটা চিজনৰ এক উল্লেখযোগ্য পৰ্ব যি প্ৰতিবছৰে অস্কাৰ বঁটাৰ প্ৰদানেৰে সামৰণি পৰে।১
প্ৰথম গ'ল্ডেন গ্ল'ব বঁটা প্ৰদান অনুষ্ঠান ১৯৪৪ চনত টুৱেণ্টীথ চেঞ্চুৰী ফক্স ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিল। ১৯৬১ চনৰ পৰা এই অনুষ্ঠান বেভাৰ্লী হিল্ছ, কেলিফৰ্নিয়াৰ বেভাৰ্লী হিল্টন হোটেলত অনুষ্ঠিত হৈ আহিছে আৰু ২০১২ চনৰ বঁটাও ২০১৩ চনৰ ১৩ জানুৱাৰীত ইয়াতে প্ৰদান কৰা হৈছিল।২
ইতিহাস
১৯৪৩ চনত কেইজনমান লেখকে গোট খাই "হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচন" গঠন কৰে আৰু গ'ল্ডেন গ্ল'ব নামৰ এটা বঁটা আৰম্ভ কৰাৰ সিদ্ধন্ত লয়। আজিকালি তেওঁলোকে চলচ্চিত্ৰ বিপণনত গুৰুত্বপূৰ্ণ ভূমিকা লয়।৩ ১৯৪৩ চনৰ চলচ্চিত্ৰসমূহৰ শ্ৰেষ্ঠতা বিচাৰৰ বাবে প্ৰথম গ'ল্ডেন গ্ল'ব বঁটা প্ৰদান অনুষ্ঠান ১৯৪৪ চনত টুৱেণ্টীথ চেঞ্চুৰী ফক্স ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিল। পিছলৈ এই স্থান সলনি কৰা হৈছিল আৰু বেভাৰ্লী হিল্ছ নাইবা হলিউড ৰ'জভেল্ট হোটেলত বঁটা প্ৰদান হৈছিল।৪
১৯৫০ চনত হলিউড প্ৰে'ছ এছ'চিয়েচনে মনোৰঞ্জন উদ্যোগলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে এক বিশেষ সন্মানীয় বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। এই বঁটাৰ বাবে মনোৰঞ্জন উদ্যোগত আন্তঃৰাষ্ট্ৰীয় খ্যাতি থকা ব্যক্তিক আওতালৈ আনি প্ৰথম বঁটাটো চেচিল বি ডিমিলিলৈ আগবঢ়োৱা হয়। ইয়াৰ পিছত বঁটাটোৰ আনুষ্ঠানিক নাম গ'ল্ডেন গ্ল'ব চেচিল ৱি ডিমিলি হৈ পৰে।৫
১৯৬৩ চনত মিছ্ গ'ল্ডেন গ্ল'বৰ ধাৰণা আৰম্ভ হয়। প্ৰথম বৰ্ষত চলচ্চিত্ৰ আৰু টেলিভিজনৰ বাবে দুটা মিছ্ গ'ল্ডেন গ্ল'ব ঘোষণা কৰা হয়। বঁটা প্ৰাপকসকল আছিল ইভা ছিক্স (অ'পাৰেচন বিকিনি আৰু বীচ্ছ পাৰ্টী বোলছবিৰ নায়িকা) আৰু ড'না ডগ্লাছ (বেভাৰ্লী হিলিবিলিজ টেলিভিজন চিৰিজ খ্যাত)।৬
২০০৯ চনত হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ লগত এবছৰীয়া সহযোগিতাৰে নিউ য়ৰ্ক ফাৰ্মে গ'ল্ডেন গ্ল'ব বঁটা প্ৰতিমূৰ্তিৰ ডিজাইনটো নতুন কৰা হয়। ইয়াক অনুষ্ঠানৰ পূৰ্বে বেভাৰ্লী হিল্টনত এক প্ৰে'ছ কন্ফাৰেন্সত উন্মোচন কৰা হয়।৭
বাৰ্ষিক অনুষ্ঠানৰ জৰিয়তে আহৰণ কৰা ৰাজহৰ একাংশ হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনে মনোৰঞ্জন উদ্যোগৰ লগত জড়িত দাতব্য প্ৰতিষ্ঠান, বা জলপানি আৰু বোলছবি-টেলিভিজনৰ ডেকা পেছাদাৰীলৈ আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত মুখ্য প্ৰাপক হৈছে য়ং আৰ্টিষ্ট এৱাৰ্ড। ১৯৭৮ চনত হলিউড ফৰেইন প্ৰে'ছ সদস্য ম'ৰিন ড্ৰেগনে প্ৰতিষ্ঠা কৰা "য়ং আৰ্টিষ্ট ফাউণ্ডেছনে" হলিউডত উৎকৰ্ষৰ পৰিচয় দিয়া ২১ বছৰ অনুৰ্ধ শিল্পী আৰু শাৰীৰিক/আৰ্থিকভাৱে বাধাগ্ৰস্ত শিল্পীক এই বঁটা প্ৰদান কৰ হয়।৪৮৯
বহিঃ সংযোগ
- Official Golden Globes website
- Awards listing at the ইণ্টাৰনেট মুভি ডাটাবেছ
- Complete Downloadable List of Golden Globe Nominees and Winners
তথ্যসূত্ৰ
- ↑ HFPA History. www.goldenglobes.org. HFPA
- ↑ Butler, Don. "Beverly Hilton recaptures lustre of its glory days", Regina Leader-Post, May 9, 2008. Accessed January 28, 2009. "And the Golden Globe Awards have been handed out in its swanky International Ballroom since 1961."
- ↑ Through their eyes: foreign correspondents in the United States
- ↑ History of the Golden Globes. GoldenGlobes.org
- ↑ Cecil B. DeMille Award. GoldenGlobes.org
- ↑ Miss Golden Globe. GoldenGlobes.org
- ↑ New Look For Golden Globe Statuette. cbsnews.com
- ↑ KABC-TV – Budding stars shine at Young Artist Awards. ABCLocal.go.com
- ↑ Young Artist Awards – President's Message. YoungArtistAwards.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ'ল্ডেন গ্ল'ব বঁটা” প্ৰবন্ধৰ সংশোধন ৫৬১৮২৭ (৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।