গৰ্ভপাত বিৰোধী নাৰীবাদ (Anti-abortion feminism) হৈছে কিছুসংখ্যক নাৰীবাদীয়ে কৰা গৰ্ভপাতৰ বিৰোধিতা। গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে হয়তো বিশ্বাস কৰে যে নাৰীৰ অধিকাৰৰ আঁৰৰ নীতিয়েও তেওঁলোকক জীৱন অধিকাৰৰ ভিত্তিত গৰ্ভপাতৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে আৰু গৰ্ভপাতে মহিলাসকলক লাভান্বিত কৰাতকৈ বেছি আঘাতহে দিছে।
আধুনিক গৰ্ভপাত বিৰোধী নাৰীবাদী আন্দোলনে ১৯ শতিকাৰ উদাহৰণ দিছে। ১৯৭০ চনৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে আমেৰিকাত ফেমিনিষ্ট ফৰ লাইফ (FFL) আৰু গ্ৰেট বৃটেইনত উইমেন ফৰ লাইফ প্ৰতিষ্ঠা হোৱাৰ লগে লগে গৰ্ভপাতৰ বহুল অনুমতি দিয়া ৰাষ্ট্ৰসমূহৰ আইনী পৰিৱৰ্তনৰ মাজতে এই আন্দোলনটোৱে গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে।১ এফ এফ এল আৰু চুজান বি এন্থনী লিষ্ট (SBA List) হৈছে আমেৰিকাৰ গৰ্ভপাত বিৰোধী নাৰীবাদী সংগঠন। গৰ্ভপাত বিৰোধী আন নাৰীবাদী সংগঠনসমূহৰ ভিতৰত নিউ ৱেভ ফেমিনিষ্ট আৰু ফেমিনিষ্ট ফৰ ননহিংলেণ্ট চয়ছ অন্যতম।
দৃষ্টিভংগী আৰু লক্ষ্য
গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে "মাতৃত্ব বিৰোধী সামাজিক মনোভাৱ আৰু নীতিক সমৰ্থন কৰা আৰু মহিলাৰ নাগৰিকত্বৰ প্ৰতি সন্মান সীমিত কৰা"ৰ বাবে গৰ্ভপাতৰ আইনী বিকল্প বিবেচনা কৰে।২ গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে বিশ্বাস কৰে যে গৰ্ভপাত সমাজৰ দ্বাৰা নিৰ্ধাৰিত এক কাৰ্য আৰু আইনী গৰ্ভপাতে "এখন অযত্নশীল, পুৰুষ প্ৰধান সমাজক স্থায়ী কৰি ৰাখে।"৩ ল'ৰী অকছে (কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চান্টা বাৰ্বাৰাৰ নাৰীবাদী অধ্যয়নৰ সহযোগী অধ্যাপিকা) লিখিছে যে যেতিয়া গৰ্ভপাত বৈধ; গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে বিশ্বাস কৰে যে মহিলাসকলে গৰ্ভাৱস্থা আৰু অভিভাৱকত্বক শিক্ষা আৰু কৰ্মক্ষেত্ৰত সম্পূৰ্ণ অংশগ্ৰহণৰ বাধা হিচাপে চাবলৈ ধৰে। ১ আয়াৰলেণ্ডত গৰ্ভপাত বিৰোধী নাৰীবাদী সক্ৰিয়তাক "মহিলা সমৰ্থক"তকৈ অধিক "মাতৃ সমৰ্থক" বুলি বৰ্ণনা কৰা হৈছে।১ অকছে লিখিছে যে আইৰিছ গৰ্ভপাতৰ বিৰোধীসকলে সন্তান জন্ম দিয়াক মূল্যৱান বুলি গণ্য কৰে আৰু মহিলাৰ "মাতৃত্বৰ বাহিৰৰ পৰিচয়ৰ অধিকাৰ" আছে বুলি ধাৰণাটোক সমালোচনা কৰে যদিও ফেমিনিষ্টছ ফৰ লাইফ, আয়াৰলেণ্ডৰ প্ৰতিষ্ঠাপক ব্ৰেডা অ'ব্ৰাইনৰ দৰে কিছুসংখ্যকেও নাৰীবাদী-প্ৰেৰিত প্ৰস্তাৱৰ জৰিয়তে যুক্তি আগবঢ়ায় যে সমাজলৈ নাৰীৰ অৱদান কেৱল এনে কামতে সীমাবদ্ধ নহয়।১
গৰ্ভপাত বিৰোধী নাৰীবাদী সংগঠনসমূহে সাধাৰণতে গৰ্ভপাতক আইনী বিষয় হিচাপে, গৰ্ভপাতক নৈতিক বিষয় হিচাপে আৰু গৰ্ভপাতক চিকিৎসা পদ্ধতি হিচাপে লোৱাৰ দৃষ্টিভংগীৰ মাজত পাৰ্থক্য নকৰে।২ এনে পাৰ্থক্য বহু মহিলাই কৰে৷ উদাহৰণস্বৰূপে যিসকল মহিলাই নিজৰ গৰ্ভপাত নকৰে কিন্তু গৰ্ভপাত বৈধ হৈ থকাটো পছন্দ কৰে।১গৰ্ভপাত বিৰোধী নাৰীবাদী সংগঠনসমূহে গৰ্ভপাতক ব্যক্তিগতকৰণ কৰিব বিচাৰে, গৰ্ভপাতৰ পৰা ৰক্ষা পোৱা মহিলাসকলক ব্যৱহাৰ কৰি তেওঁলোকৰ যুক্তিৰ বিষয়ে আনক পতিয়ন নিয়াবলৈ চেষ্টা কৰে।৪আমেৰিকাৰ বিশিষ্ট গৰ্ভপাত বিৰোধী নাৰীবাদী সংগঠনসমূহে আমেৰিকাত গৰ্ভপাতৰ অন্ত পেলাব বিচাৰে। এছ বি এ তালিকাত ইয়াক তেওঁলোকৰ "চূড়ান্ত লক্ষ্য" বুলি উল্লেখ কৰা হৈছে,৫ আৰু এফ এফ এলৰ সভাপতি চেৰিন ফষ্টাৰে কয় যে এফ এফ এলে "সকলো ক্ষেত্ৰতে গৰ্ভপাতৰ বিৰোধিতা কৰে কাৰণ হিংসা হৈছে মৌলিক নাৰীবাদী নীতিৰ উলংঘণ।"২৬
আন আন্দোলনৰ সৈতে সম্পৰ্ক
গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে মূলসুঁতিৰ নাৰীবাদী আন্দোলনৰ পৰিৱৰ্তে গৰ্ভপাত বিৰোধী আন্দোলনৰ অংশ হিচাপে গঠন কৰে।২১৯৬০ আৰু ১৯৭০ চনৰ শেষৰ ফালে দ্বিতীয় ঢৌৰ নাৰীবাদৰ যুগত গৰ্ভপাত বিৰোধী নাৰীবাদী উদীয়মান গোটটোৰ নীতি-নিয়মসমূহ মূলসুঁতিৰ নাৰীবাদীসকলে নাকচ কৰিছিল, যিসকলে সমাজত সম্পূৰ্ণ অংশগ্ৰহণৰ বাবে এগৰাকী মহিলাৰ "নিজৰ উৰ্বৰতা নিয়ন্ত্ৰণ কৰাৰ নৈতিক আৰু আইনী অধিকাৰ" বুলি ধৰি লৈছিল৷ তেওঁলোকৰ মতে "এটা মৌলিক নীতি প্ৰতিষ্ঠিত হোৱাৰ প্ৰয়োজন আছিল।২ সংখ্যালঘুৰ স্থানৰ পৰা গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে কৈছিল যে মূলসুঁতিৰ নাৰীবাদীসকলে সকলো মহিলাৰ হৈ কথা কোৱা নাই।২
মূলসুঁতিৰ নাৰীবাদৰ ভিতৰত সন্মানীয় স্থান লাভ কৰিব নোৱাৰাৰ বাবে২ গৰ্ভপাত বিৰোধী নাৰীবাদীসকলে গৰ্ভপাত বিৰোধী আৰু জীৱনৰ অধিকাৰ বিৰোধী অন্যান্য গোটসমূহৰ সৈতে নিজকে মিলাই লৈছিল। অকছৰ মতে, এই স্থানে অন্যান্য গৰ্ভপাত বিৰোধী গোটৰ পৰা পৃথক নাৰীবাদী পৰিচয়বোধক ক্ষয় কৰিছে, যদিও নাৰী সমৰ্থক যুক্তিসমূহ অন্যান্য গৰ্ভপাত বিৰোধী সমৰ্থকসকলে আগবঢ়োৱা ভ্ৰুণৰ অধিকাৰৰ যুক্তিৰ পৰা পৃথক।২
তথ্যসূত্ৰ
- ↑ Oaks, Laury. (2000). 'Pro-Woman, Pro-Life'? The Emergence of Pro-Life Feminism in Irish Anti-Abortion Discourses and Practices. Irish Journal of Feminist Studies. পৃ. 73–90
- ↑ Oaks, Laury. (Spring 2009). What Are Pro-Life Feminists Doing on Campus?. NWSA Journal. পৃ. 178–203
- ↑ Oaks, Laury. (2009). What are Pro-Life Feminists doing on Campus?. NWSA. পৃ. 178–203
- ↑ Kintz, Linda. (1997). Between Jesus and the Market: The Emotions that Matter in Right-Wing America. Duke University Press. পৃ. 269
- ↑ (2008). SBA List Mission: Advancing, Mobilizing and Representing Pro-Life Women. Susan B. Anthony List
- ↑ The Nation. August 11, 2005. Katha Pollitt. Reproductive Rights. Feminists for (Fetal) Life: subject to debate . Retrieved on May 11, 2009
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰ্ভপাত বিৰোধী নাৰীবাদ” প্ৰবন্ধৰ সংশোধন ৬৩১৬১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।