গৰখীয়া দ'ল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য।১ ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ।
ইতিহাস
কাহিনী অনুসৰি অতীজতে এই ঠাইত এখন গৰু চৰোৱা আহল-বহল পথাৰ আছিল। প্ৰতিদিনে স্থানীয় গৰখীয়াবিলাকে গোট খাই তাত গৰু চৰাইছিল। তাতে এজন মুখিয়াল গৰখীয়াই নিতৌ বালিৰ দ'ল সাজি ফৰিং বলি দিয়াৰ ব্যৱস্থা কৰিছিল। দৈনিক এজন গৰখীয়াৰ ফৰিং ধৰি অনাৰ পাল আছিল আৰু দ'লৰ আগত বিৰিণাৰ পাতেৰে সেই ফৰিং বলি দি গৰখীয়াৰ নিত্য পূজা সমাপন কৰি ঘূৰি গৈছিল। এদিন পাল পৰা এজন গৰখীয়া ল'ৰাই ফৰিং ধৰি নানিলে; আৰু বলি দিবৰ সময় হোৱাত গৰখীয়াই ক'লে, তেওঁ ফৰিং আনিব নোৱাৰিলে, গতিকে দ'লৰ আগত তেওঁকেই বলি দিয়ক। গতিকে ফৰিং বলি দিয়াৰ দৰেই বিৰিণা পাতেৰে এজন ল'ৰাই তেওঁৰ ডিঙিটোত ৰেপ দিলে। আচৰিত কথা যে বিৰিণা পাতৰ ঘঁহনি খাই ল'ৰাজনৰ ডিঙিটো দুটুকুৰা হ'ল। তেতিয়া সকলো গৰখীয়া ল'ৰাই চিঞৰ-বাখৰ কৰি গাঁৱৰ মানুহক জনালে। গাঁৱৰ মানুহে এনে আচৰিত কাণ্ড দেখি এই ঠাইত দেৱতা আছে বুলি সেই বালিৰ দ'ল আৰু বলি দিয়া ঠাই তেতিয়াই তাঁতি দি বেৰি পেলালে। পাছদিনা পুৱা দেখে যে সেই ঠাইত বালিৰ দ'লৰ ঠাইত উঁইহাফলুৰ দৰে এটা দ'ল হৈ আছে। দিনে দিনে সেই দ'ল বাঢ়ি উঠা দেখি গাঁৱৰ ৰাইজে তাত এটা শিৱমূৰ্তি প্ৰতিষ্ঠা কৰি এটা মন্দিৰ নিৰ্মাণ কৰিলে।
প্ৰবাদমতে শিৱসিংহ ৰজাৰ দিনত প্ৰথমে ইয়াত বলি দিয়া হৈছিল।
পূজা-অৰ্চনা
প্ৰতি
এই দ'লত মহা শিৱৰাত্ৰিৰ অষ্টপ্ৰহৰ শিৱপূজা হয়। হাফলুটোত উঁই থকাৰ চিন নাই কিন্তু তাত এযোৰ ফটীসাপ মাজে মাজে ওলোৱা দেখা যায়।১ মানুহে দ'লৰ মাহাত্ম্য বিশ্বাস কৰি বেমাৰে-আজাৰে দুখে-আপদে দ'ললৈ মাননি দিয়ে।
প্ৰসঙ্গ পুথি
- বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
তথ্যসূত্ৰ
- ↑ সম্পাদক- ড: মহেশ্বৰ নেওগ. (২০০৪). পৱিত্ৰ অসম. লয়াৰ্ছ বুক ষ্টল. পৃ. ৬৬-৬৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰখীয়া দ'ল” প্ৰবন্ধৰ সংশোধন ২৫১৯৪৩ (২৭ নৱেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।