অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গ্লুক'জ

গ্লুক'জ (Glucose) হ'ল জীৱৰ এবিধ গুৰুত্বপূৰ্ণ দ্ৰব্য। ই এবিধ ক্ষুদ্ৰ অণু (micro molecule)। এই ক্ষুদ্ৰ অণুসমূহ ঘনীভূত হৈ এটাৰ লগত আনটো লগ লাগি বৃহৎ অণু অৰ্থাৎ জটিল শৰ্কৰা (complex carbohydrate) ৰ সৃষ্টি কৰে।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২০ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

গ্লুক'জ (Glucose) হ'ল জীৱৰ এবিধ গুৰুত্বপূৰ্ণ দ্ৰব্য। ই এবিধ ক্ষুদ্ৰ অণু (micro molecule)। এই ক্ষুদ্ৰ অণুসমূহ ঘনীভূত হৈ এটাৰ লগত আনটো লগ লাগি বৃহৎ অণু অৰ্থাৎ জটিল শৰ্কৰা (complex carbohydrate) ৰ সৃষ্টি কৰে। এই গ্লুক'জ অণুসমূহ সেউজীয়া উদ্ভিদত সংশ্লেষণ হয় আৰু বেছিভাগ জীৱৰ বাবে এইবোৰ খাদ্য অণু(food molecule) হিচাপে ব্যৱহৃত হয়। গ্লুক'জ অণুবোৰে জীৱদেহত বিভিন্নধৰণৰ কাৰ্য কৰে১।

জীৱদেহত গ্লুক'জৰ প্ৰয়োজনীয়তা

  • গ্লুক'জৰ অনুপস্থিতিত মস্তিষ্কৰ কোষসমূহে কাম কৰিব নোৱাৰে১।
  • গ্লুক'জ অণুৰ শৃংখলে চেলুল'জ গঠন কৰে যি উদ্ভিদদেহৰ মুখ্য উপাদান।
  • গ্লুক'জ হ'ল সালোক সংশ্লেষণৰ উপজাত দ্ৰৱ্য। গ্লুক'জ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত যথাক্ৰমে শ্বেতসাৰ আৰু গ্লাইক'জেনলৈ পৰিৱৰ্তিত হয়।
  • গ্লক'জ হ'ল কোষৰ প্ৰধান শ্বসন বস্তু,যি জাৰিত হৈ শক্তি উৎপন্ন কৰে।
  • দেহৰ স্বাভাৱিক কাৰ্য চলি থাকিবৰ বাবে তেজত গ্লুক'জৰ নিয়মিত পৰিমাণ বজাই ৰখাটো অতি প্ৰয়োজনীয়১।

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা " লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী।

সম্পৰ্কিত শ্ৰেণী

জৈৱ যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্লুক'জ” প্ৰবন্ধৰ সংশোধন ২৫৪৩৭৯ (১৩ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।