অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হিম’গ্ল’বিন

হিম’গ্ল’বিন (Hemoglobin) তেজৰ লোহিত কণিকাত থকা এবিধ প্ৰ’টিন যি তেজৰ ৰং ৰঙা কৰে। এই প্ৰ’টিনে হাঁওফাঁওৰ পৰা দেহৰ বাকীবোৰ অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৪ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

হিম’গ্ল’বিন (Hemoglobin) তেজৰ লোহিত কণিকাত থকা এবিধ প্ৰ’টিন যি তেজৰ ৰং ৰঙা কৰে। এই প্ৰ’টিনে হাঁওফাঁওৰ পৰা দেহৰ বাকীবোৰ অংশলৈ অম্লজান কঢ়িয়াই নিয়ে।১

গঠন

হিম’গ্ল’বিনৰ প্ৰ’টিন অংশ দুডাল এমিন’ এছিডৰ শিকলিৰে গঠিত- আলফা আৰু বিটা। এই শিকলি দুডালৰ নিৰ্দিষ্ট সংখ্যক এমিন’ এছিড নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে।১

প্ৰকাৰ

হিম’গ্ল’বিনৰ প্ৰকাৰ জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু পিতৃপুৰুষৰ পৰা সন্তানলৈ আহে। প্ৰায়বোৰ লোকৰ হিম’গ্লবিন ’এ’ প্ৰকাৰৰ। সেয়ে ইয়াক প্ৰাপ্তবয়স্ক বা স্বাভাৱিক হিম’গ্ল’বিন বুলি কোৱা হয়। ’এ’ প্ৰকাৰ হিম’গ্ল’বিন থাকিলে ৰক্তকণিকাবোৰ মিহি, ঘূৰণীয়া আৰু দুয়োফালে অৱতল আকৃতিৰ হয়। এই নমনীয় আকৃতিয়ে ৰক্তনলীকাৰ মাজেদি সহজে অক্সিজেন প্ৰবাহত সহায় কৰে। ’ই; প্ৰকাৰৰ হিম’গ্ল’বিন সৰু, ভংগুৰ আৰু অক্সিজেন বহন ক্ষমতা কম হয়।১

জিনগত নিয়ন্ত্ৰণ

স্বাভাৱিক হিম’গ্ল’বিন প্ৰ’টিনৰ আলফা আৰু বিটা শিকলিৰ নিৰ্দিষ্ট সংখ্যা আৰু ক্ৰম Hba জিনে নিয়ন্ত্ৰণ কৰে। তেনেদৰে ’ই’ প্ৰকাৰৰ হিম’গ্ল’বিনৰ শিকলিৰ সংখ্যা নিয়ন্ত্ৰণ কৰে Hba জিনৰে এটা উৎপৰিৱৰ্ত্তিত ৰূপ Hgb জিনে। এই জিনত বিটা শিকলিৰ ২৬ নং অৱস্থানত থকা এমিন’ এছিড গ্লুটামিক এছিড লাইছিনলৈ ৰূপান্তৰিত হয়। ফলত এই হিম’গ্লবিন ত্ৰুটিপূৰ্ণ হয়। ইয়াৰ ফলত হিম’গ্ল’বিন ই ৰোগ দেখা দিয়ে।১

হিম’গ্ল’বিন বিসংগতিজনিত ৰোগ

  • হিম’গ্ল’বিন ’ই’ ৰোগ
  • হিম’গ্ল’বিন ছিকল ’ই’ ৰোগ
  • হিম’গ্ল’বিন ’ই বি’ থেলাছেমিয়া ৰোগ

তথ্যসূত্ৰ

  1. ↑ ’আপোনাৰ হিম’গ্ল’বিন ’এ’ প্ৰকাৰৰ নে ’ই’ প্ৰকাৰৰ?-ড॰ অমিয়া ৰাজবংশী; পৃষ্ঠা ২৪-২৫; প্ৰান্তিক, ১৬ জানুৱাৰী, ২০১২

সম্পৰ্কিত শ্ৰেণী

জৈৱ যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিম’গ্ল’বিন” প্ৰবন্ধৰ সংশোধন ৪৪৯৩৬৯ (২৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।