জৈৱ যৌগ
৭ প্ৰবন্ধ
-
মাংসসাৰ
মাংসসাৰ বা প্ৰ'টিন হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ। এক বা একাধিক এমিন' এচিডৰ দীঘল শৃংখলৰ দ্বাৰা ইহঁতৰ গঠন হয়। প্ৰ'টিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুনৰোৎপাদন, উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহণকে ধৰি বিভিন্ন কাৰ্য সংঘটিত কৰে।
-
শৰ্কৰা
শৰ্কৰা বা কাৰ্ব'হাইড্ৰেট হৈছে কাৰ্বন (C), হাইড্ৰ'জেন (H) আৰু অক্সিজেন (O) পৰমানুৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ জৈৱিক অনু, সাধাৰণতে হাইড্ৰ'জেন-অক্সিজেন পৰমানুৰ অনুপাত হৈছে ২:১ (পানীৰ নিচিনা); অন্য শব্দেৰে কবলৈ গলে, Cm(H2O)n (য'ত mৰ মান nতকৈ পৃথক) সাধাৰণ সংকেত বিশিষ্ট অনুবোৰ।
-
উৎসেচক
উৎসেচক (Enzyme) হৈছে এক প্ৰকাৰৰ জৈৱিক অনুঘটক। উৎসেচকে ৰাসায়নিক বিক্ৰিয়া ত্বৰান্বিত কৰে। এই প্ৰক্ৰিয়াৰ আৰম্ভণিৰ অনুবোৰক বিক্ৰিয়ক বোলে আৰু উৎসেচকে সিহঁতক উৎপাদক নামৰ অন্য অনুলৈ ৰূপান্তৰ কৰে। কোষত সংঘটিত হোৱা প্ৰায় সকলো পৰিপাক ক্ৰিয়াতে উৎসেচকৰ প্ৰয়োজন হয়।
-
গ্লুক'জ
গ্লুক'জ (Glucose) হ'ল জীৱৰ এবিধ গুৰুত্বপূৰ্ণ দ্ৰব্য। ই এবিধ ক্ষুদ্ৰ অণু (micro molecule)। এই ক্ষুদ্ৰ অণুসমূহ ঘনীভূত হৈ এটাৰ লগত আনটো লগ লাগি বৃহৎ অণু অৰ্থাৎ জটিল শৰ্কৰা (complex carbohydrate) ৰ সৃষ্টি কৰে।
-
এমিন’ এছিড
এমিন’ এছিড (Amino acid) হৈছে প্ৰটিন যৌগ গঠনৰ মৌলিক একক। ৰসায়ন বিজ্ঞানত ইয়াক জৈৱ-ৰসায়ন বিভাগত অধ্যয়ন কৰা হয়। বহুসংখ্যক এমিন’ এছিড বিশেষ ৰাসায়নিক বান্ধনি (পেপটাইড্ বান্ধনি)-ৰে লগ লাগি একোটা বৃহৎ প্ৰটিন যৌগৰ সৃষ্টি কৰে। প্ৰাকৃতিকভাৱে জীৱদেহত মূলত ২০ ধৰণৰ এমিন’ এছিড পোৱা যায়।
-
এলক'হল
এলক'হল হৈছে একপ্ৰকাৰৰ জৈৱ যৌগ। ইহঁতৰ হাইড্ৰ'ক্সিল কাৰ্যকৰী গোটটো এটা এলকাইল বা এৰাইল গোটৰ কাৰ্বনৰ সৈতে এটা বন্ধনত আবদ্ধ হৈ থাকে। সাধাৰণভাৱে এলক'হলক CnH2n+1OH এই সাধাৰণ সূত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। এলক'হল শব্দটো আৰবি শব্দ "আল-কুহ"ৰ পৰা আহিছে যাৰ অৰ্থ সাধাৰণভাৱে ইথানল।
-
হিম’গ্ল’বিন
হিম’গ্ল’বিন (Hemoglobin) তেজৰ লোহিত কণিকাত থকা এবিধ প্ৰ’টিন যি তেজৰ ৰং ৰঙা কৰে। এই প্ৰ’টিনে হাঁওফাঁওৰ পৰা দেহৰ বাকীবোৰ অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে।