অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গেৰী ৰুভকুন

গেৰী ব্ৰুছ ৰুভকুন (Gary Bruce Ruvkun; জন্ম: ২৬ মাৰ্চ ১৯৫২) এগৰাকী আমেৰিকান আণৱিক জীৱবিজ্ঞানী আৰু মেছাচুচেটছ জেনেৰেল চিকিৎসালয়ৰ পৰা নবেল বঁটা বিজয়ী আৰু বষ্টন হাৰ্ভাৰ্ড মেডিকেল স্কুল বংশগতিৰ অধ্যাপক। ৰুভকুনে এনে এক পদ্ধতি আৱিষ্কাৰ কৰিছিল যাৰ দ্বাৰা ভিক্টৰ এম্ব্ৰ'ছে আৱিষ্কাৰৰ কৰা প্ৰথম মাইক্ৰ আৰ.

হালনাগাদ: ২৮ জুলাই ২০২৫ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

গেৰী ব্ৰুছ ৰুভকুন (Gary Bruce Ruvkun; জন্ম: ২৬ মাৰ্চ ১৯৫২) এগৰাকী আমেৰিকান আণৱিক জীৱবিজ্ঞানী আৰু মেছাচুচেটছ জেনেৰেল চিকিৎসালয়ৰ পৰা নবেল বঁটা বিজয়ী আৰু বষ্টন হাৰ্ভাৰ্ড মেডিকেল স্কুল বংশগতিৰ অধ্যাপক।১

ৰুভকুনে এনে এক পদ্ধতি আৱিষ্কাৰ কৰিছিল যাৰ দ্বাৰা ভিক্টৰ এম্ব্ৰ'ছে আৱিষ্কাৰৰ কৰা প্ৰথম মাইক্ৰ আৰ. এন. এ. (miRNA) লেট-৭-এ সেই লক্ষ্যসমূহলৈ অসম্পূৰ্ণ আধাৰ-যোৰৰ জৰিয়তে লক্ষ্য বাৰ্তা মাইক্ৰ আৰ. এন. এ.ৰ জৰিয়তে প্ৰাণীকুলৰ ক্ৰমবিবৰ্তনৰ ইতিহাসত সংৰক্ষিত হৈ থাকে। এই miRNA সম্পৰ্কীয় আৱিষ্কাৰসমূহে অভূতপূৰ্ব সূক্ষ্ম পৰিসৰত আৰ এন এ নিয়ন্ত্ৰণৰ ব‍্যৱস্থাৰ জৰিয়তে এক নতুন জগত উন্মোচন কৰিলে। ৰুভকুনে বয়স বৃদ্ধি আৰু বিপাক নিয়ন্ত্ৰণত ইনচুলিন সদৃশ সংকেতৰ বহুতো বৈশিষ্ট্যও আৱিষ্কাৰ কৰিছিল।

২০১৯ চনত তেওঁ আমেৰিকান ফিলোসোফিকেল ছ 'চাইটিৰ সদস্য নিৰ্বাচিত হৈছিল। মাইক্ৰ আৰ. এন. এ. আৱিষ্কাৰ আৰু উত্তৰ-প্ৰতিলিপি জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাৰ বাবে ৰুভকুনক ভিক্টৰ এম্ব্ৰ'ছৰসৈতে যুটীয়াভাবে ২০২৪ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫২ চনৰ ২৬ মাৰ্চ তৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্কলে কেলিফোৰ্ণিয়াৰ এক ইহুদী পৰিয়ালত গেৰী ৰুভকুনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ছেমুৱেল ৰুভকুন আৰু মাতৃ ডোৰা ৰুভকুন।৩

ৰুভকুনে ১৯৭৩ চনত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা জৈৱ পদাৰ্থ বিজ্ঞান মুখ্য বিষয় লৈ কলাৰ স্নাতক (বি. এ.) লাভ কৰিছিল। ১৯৮২ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় পৰা তেওঁ ডক্টৰ অৱ ফিলোচফি (পিএইচডি) লাভ কৰে।৪ তেওঁ ফ্ৰেডেৰিক এম. অউচুবেল পৰীক্ষাগাৰত ডক্টৰেট অধ্যয়ন কৰিছিল। ইয়াত তেওঁ বেক্টেৰিয়াজনিত নাইট্ৰ" জেন স্থায়িত্ব জিনৰ অনুসন্ধান কৰিছিল। ৰুভকুনে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন 'লজি (এম. আই. টি.) ত ৰবাৰ্ট হৰভিট্জ আৰু হাৰ্ভাৰ্ডৰ ৱালটাৰ গিলবাৰ্টৰ সৈতে পোষ্ট-ডক্টৰেল গৱেষণা সম্পূৰ্ণ কৰিছিল।৫

তথ্যসূত্ৰ

  1. ↑ Nair. (2011). Profile of Gary Ruvkun. Proceedings of the National Academy of Sciences. পৃ. 15043–5
  2. ↑ Press release: The Nobel Prize in Physiology or Medicine 2024. NobelPrize.org
  3. ↑ Jewish Nobel Prize Winners in Medicine. www.jinfo.org
  4. ↑ PI BIO. Center for Computational and Integrative Biology
  5. ↑ Harvard Medical School faculty page

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেৰী ৰুভকুন” প্ৰবন্ধৰ সংশোধন ৫২৮২২৬ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।