তথ্য
৬ প্ৰবন্ধ
-
ভ্ৰান্তি
যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী (Fallacy) বুলি কোৱা হয়। ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা।
-
শ্বেতপত্ৰ
শ্বেতপত্ৰ মানে এক তথ্যসমৃদ্ধ প্ৰতিৱেদন, যিয়ে এটা জটিল বিষয়ৰ ব্যাখ্যা আৰু বিষয়টোৰ ওপৰত পৃষ্ঠপোষকৰ দৰ্শন প্ৰতিফলিত কৰে। এই নথি-পত্ৰসমূহৰ উদ্দেশ্য হৈছে পাঠকসকলক কোনো সমস্যা বুজা, কোনো সমস্যা সমাধান কৰা বা সিদ্ধান্ত লোৱাত সহায় কৰা।
-
সেউজপত্ৰ
যুক্তৰাজ্য, কমনৱেলথ দেশ, হংকং আৰু ইউৰোপীয় সংঘত সেউজপত্ৰ হৈছে যুক্তিতৰ্ক আৰু আলোচনাৰ বাবে নীতিগত প্ৰস্তাৱৰ আংশিক চৰকাৰী প্ৰতিৱেদন আৰু পৰামৰ্শৰ নথি। সেউজপত্ৰৰে চৰকাৰে প্ৰদত্ত বিষয়টোৰ ওপৰত প্ৰস্তাৱ দিব পৰা সৰ্বোত্তমখিনি প্ৰতিনিধিত্ব কৰে, কিন্তু যিহেতু ই প্ৰতিশ্ৰুতিহীন হৈ থাকে, সেয়েহে ইয়াৰ প্ৰতি…
-
অৱস্থান পত্ৰ
অৱস্থান পত্ৰ হৈছে এনে এটা ৰচনা যিয়ে কোনো বিষয়ৰ ওপৰত সাধাৰণতে লেখক বা কোনো নিৰ্দিষ্ট সত্তাৰ যুক্তিযুক্ত মতামত উপস্থাপন কৰে। অৱস্থান পত্ৰ প্ৰকাশ পায় একাডেমী, ৰাজনীতি, আইন আৰু অন্যান্য ক্ষেত্ৰত। অৱস্থান পত্ৰৰ লক্ষ্য হ’ল উপস্থাপন কৰা মতামত বৈধ আৰু শুনা যোগ্য বুলি দৰ্শকক পতিয়ন নিয়াব লাগে।
-
গণমাধ্যম
গণমাধ্যম (Mass media) বুলিলে সেই সকলোবোৰ যোগাযোগ মাধ্যমৰ বিভিন্ন ৰূপ বুজোৱা হয় যিয়ে গণ-যোগাযোগৰ জৰিয়তে এটা বৃহৎ দৰ্শক বা শ্ৰোতা পৰিসৰলৈ তথ্য প্ৰেৰণ কৰে। সম্প্ৰচাৰ মাধ্যমসমূহে চলচ্চিত্ৰ, ৰেডিঅ', ৰেকৰ্ড কৰা সংগীত বা দূৰদৰ্শন আদিৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে তথ্য প্ৰেৰণ কৰে।
-
তথ্যপেৰা
তথ্যপেৰা (Infobox) হৈছে ৱিকিত কোনো বিষয়ৰ বিষয়ে তথ্যৰ এটা উপসংহতি সংগ্ৰহ আৰু উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা এখন তালিকা বা দস্তাবেজ। ই সুসংগত দস্তাবেজ তথ্যৰ একে বৈশিষ্ট্য মান যোৰসমূহৰ এটা সংহতি। ৱিকিপিডিয়াত তথ্যপেৰায়ে প্ৰবন্ধ এটাৰ বিষয়ে তথ্যৰ সাৰাংশক প্ৰতিনিধিত্ব কৰে।