ক'ল'ছিয়াম বা কলোছিয়াম (Collosseum) ৰোমান সভ্যতাত নিৰ্মিত এক বিশেষ ধৰণৰ প্ৰেক্ষাগৃহ। ৬৯ খ্ৰীষ্টাব্দৰ ৰোম চহৰত এই প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল। সুদীৰ্ঘ ১৩ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলা ক'ল'ছিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হয় ৮২ খ্ৰীষ্টাব্দত। এনে ধৰণৰ ৰোমান সৌধক ইংৰাজীত এম্ফিথিয়েটাৰ (Amphitheatre) বোলে। আধুনিক কালৰ অলিম্পিক তথা ক্ৰিকেট ষ্টেডিয়ামৰ লগত ইয়াৰ আকাৰ আৰু ব্যৱহাৰৰ ভালেখিনি সাদৃশ্য আছে। ক'ল'ছিয়ামৰ আকৃতি অৰ্ধ বৃত্তাকাৰ, ওপৰত কোনো ছাদ নাই, মুকলি আকাশ। সোঁমাজত অৱস্থিত ৰংগমঞ্চৰ কেউকাষে আজিকালিৰ ষ্টেডিয়ামৰ দৰে ঢাপে ঢাপে শাৰী শাৰী দৰ্শকৰ আসন। শিল, কংক্ৰিট আদিৰে নিৰ্মিত ক'ল'ছিয়ামৰ দৈৰ্ঘ্য ১৯০ মিটাৰ (প্ৰায় ৬২৩ ফুট) আৰু প্ৰস্থ ১৫৫ মিটাৰ (প্ৰায় ৫০৯ ফুট)।
ক'ল'ছিয়ামৰ কেন্দ্ৰস্থলত থকা ৰংগমঞ্চ বা ৰংগভূমিৰ নাম এৰিনা (Arena)। ই এটা লেটিন শব্দ। ইয়াৰ অৰ্থ বালি বা বালিময় ভূমি। ৰংগভূমি বালিময় হোৱাৰ কাৰণে ইয়াক এৰিনা বোলা হৈছিল। প্ৰেক্ষাগৃহৰ দৰে এৰিনাও উপ-বৃত্তাকাৰ। ইয়াৰ দীঘ প্ৰায় ৮৭ মিটাৰ (২৮৭ ফুট) আৰু বহল প্ৰায় ৬০ মিটাৰ (১৮০ ফুট)। এৰিনাৰ কাষৰ পৰা ক্ৰমে ওপৰলৈকে গেলেৰিৰ দৰে দৰ্শকৰ আসনসমূহ বিস্তৃত। ক'ল'ছিয়ামত একেলগে ৫০ হাজাৰ দৰ্শক বহাৰ ব্যৱস্থা আছিল। বাহিৰৰ পৰা দেখিলে চাৰিমহলীয়া যেন লাগে যদিও ভিতৰত ই তিনিমহলীয়া।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'ল'ছিয়াম” প্ৰবন্ধৰ সংশোধন ২৫২৭৬৯ (৪ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।