ক্ৰীছ'থেমিছ (/krɪˈsɒθɪmɪs/; ইংৰাজী: Chrysothemis, "সোণালী নিয়ম") গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত কেইবাগৰাকী নাৰী চৰিত্ৰৰ নাম।১
ক্ৰীছ'থেমিছ: কাৰ্মেটৰৰ কন্যা আৰু পাইথিয়ান গেমছত অনুষ্ঠিত হোৱা আটাইতকৈ পুৰণি এপ’ল’ৰ গীত গোৱা প্ৰতিযোগিতাখনৰ প্ৰথম বিজয়ী। তেওঁ ষ্টেফাইলাছৰ পত্নী বা এপ'ল'ৰ এগৰাকী প্ৰেমিকা আছিল।২৩৪
ক্ৰীছ'থেমিছ: এষ্টেৰ'প, হাইজিয়া আৰু লিপাৰাৰ সৈতে একেলগে এটা প্ৰাচীন ফুলদানিৰ ছবিত থকা আৰু নামকৰণ কৰা এগৰাকী হেস্পেৰিড (গ্ৰীক শ্ৰুতিকথাৰ পৰী/অপ্সৰা)।৫
ক্ৰীছ'থেমিছ: ডানাউছৰ কন্যা। তেওঁ এজিপ্টাছৰ পুত্ৰ এষ্টেৰাইডছক বিয়া কৰায় (আৰু হত্যা কৰে)।৬
ক্ৰীছ'থেমিছ: আগামেমনন আৰু ক্লাইটেমনেষ্ট্ৰাৰ কন্যা।৭৮ ভগ্নী ইলেক্ট্ৰাৰ দৰে ক্ৰীছ'থেমিছে কিন্তু এজিষ্টাছৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি তাৰ পিছত পিতৃক হত্যা কৰাৰ বাবে মাতৃৰ বিৰুদ্ধে প্ৰতিবাদ বা প্ৰতিশোধৰ মনোভাব পোষণ কৰা নাছিল। ছফক্লিছৰ ইলেক্ট্ৰাত তেওঁক চিত্ৰিত কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Smith 1873, s.v. Chryso'themis (1)
- ↑ Pausanias, 10.7.2
- ↑ Parada, s.v. Chrysothemis (2), p. 47; Diodorus Siculus, 5.62; Rigoglioso, The Cult of Divine Birth in Ancient Greece p. 113; Smith 1873, s.v. Rhoeo, Pa'rthenos
- ↑ Hyginus, De astronomia 2.25
- ↑ Walters, Henry Beauchamp. (1905). History of Ancient Pottery: Greek, Etruscan, and Roman: Based on the Work of Samuel Birch. পৃ. 92
- ↑ Hyginus, Fabulae 170
- ↑ হোমাৰ, ইলিয়াড 9.287
- ↑ Apollodorus, Epitome 2.16
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰীছ'থেমিছ” প্ৰবন্ধৰ সংশোধন ৪৮০৩৩৩ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।