অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে শ্যামালাকুমাৰী

কে শ্যামালাকুমাৰী ওৰফে স্যামালা কুমাৰী: Syamala Kumari;এগৰাকী ভাৰতীয় মন্দিৰ চিত্ৰশিল্পী। মন্দিৰ চিত্ৰশিল্প আছিল পৰম্পৰাগতভাৱে পুৰুষে চলোৱা এটা বৃত্তি। শ্যামালাকুমাৰীয়ে এনে পৰম্পৰাগত কলাৰ প্ৰতি আগ্ৰহী হৈ উঠে। তেওঁৰ কামৰ ভিতৰত কেৰালাৰ শ্ৰী পদ্মনাভস্বামী মন্দিৰত কৰা চিত্ৰকলাও আছে।

হালনাগাদ: ১৬ মাৰ্চ ২০২৫ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কে শ্যামালাকুমাৰী ওৰফে স্যামালা কুমাৰী: Syamala Kumari;এগৰাকী ভাৰতীয় মন্দিৰ চিত্ৰশিল্পী। মন্দিৰ চিত্ৰশিল্প আছিল পৰম্পৰাগতভাৱে পুৰুষে চলোৱা এটা বৃত্তি। শ্যামালাকুমাৰীয়ে এনে পৰম্পৰাগত কলাৰ প্ৰতি আগ্ৰহী হৈ উঠে। তেওঁৰ কামৰ ভিতৰত কেৰালাৰ শ্ৰী পদ্মনাভস্বামী মন্দিৰত কৰা চিত্ৰকলাও আছে। ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তি পুৰস্কাৰ সন্মানেৰে সন্মানিত হৈছে।

জীৱন

কেৰালাৰ মন্দিৰত মিউৰেল আৰ্টিষ্ট হিচাপে জনাজাত প্ৰথম মহিলা।১ সহস্ৰাব্দৰ সন্ধিক্ষণত তেওঁ মিউৰেল চিত্ৰকলাৰ প্ৰতি আগ্ৰহ লাভ কৰে।২ কেৱল মন্দিৰত চিত্ৰ অংকন কৰাই নহয় কেৰালাৰ মন্দিৰৰ দেৱালত উপস্থিত থকা পৰম্পৰাগত মিউৰেল আৰ্টৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণত সহায় কৰিছে। শ্যামালাকুমাৰীয়ে তথ্যচিত্ৰ নিৰ্মাণ কৰিছে।৩ তেওঁ নৱৰাথ্ৰি মণ্ডপামত আৰু শ্ৰী পদ্মনাভস্বামী মন্দিৰত স্বামী জি আজিকোডৰ সহায়ত চিত্ৰ নিৰ্মাণ কৰিছে।২ ২০১৮ চনত নাৰী শাটকীপুৰস্কাৰ লাভ কৰি থকা স্যামলা কুমাৰী

তেওঁ মন্দিৰৰ কামৰ বাহিৰেও নিজৰ সৃষ্টি বিক্ৰী কৰিছে। যিসকলে তেওঁৰ মিউৰেল (দিৱাল চিত্ৰ) কিনিব বিচাৰে, তেওঁলোকে বিষয়বস্তু আৰু আকাৰ নিৰ্ধাৰণ কৰে। উচ্চতা আৰু প্ৰস্থ দিয়া হ’লেই, শ্যামলাকুমাৰীয়ে প্ৰথমে ডিজাইনবোৰ স্কেচ কৰে, তাৰ পিছত ৰং প্ৰয়োগ কৰি ধাপে ধাপে মিউৰেলটো সম্পূৰ্ণ কৰে। এই কামত কেৱল তেওঁ আৰু তেওঁৰ স্বামীয়ে নহয়, তেওঁলোকৰ পুত্ৰও জড়িত। মিউৰেলৰ উপৰিও, তেওঁ মাটিৰ ভাঁহি আৰু বাঁহৰ ওপৰত আঁকা কলাসমূহো বিক্ৰী কৰে।২

২০১৮ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত তেওঁক নাৰী শক্তিৰ পুৰস্কাৰ সন্মান প্ৰদান কৰা হয়।৪ কেৰালাৰ পৰা আন আন বঁটা বিজয়ীসকল আছিল বিজ্ঞানী লিজিমল ফিলিপ’জ আৰু প্ৰাণীবিজ্ঞানী এম. সুনীল।৫ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মনেকা সঞ্জয় গান্ধীৰ সাক্ষাতত এই বঁটা প্ৰদান কৰে। সেইদিনা প্ৰায় ৩০ জন লোক আৰু ৯ টা সংগঠনে স্বীকৃতি লাভ কৰি এই বঁটা আৰু এক লাখ টকাৰ পুৰস্কাৰ লাভ কৰে।৬

তথ্যসূত্ৰ

  1. ↑ International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'. The New Indian Express
  2. ↑ Staff Reporter. (2012-08-21). A fair that holds a surprise. The Hindu
  3. ↑ (8 March 2018). Nari Shatki Puraskar citation. Indian Gov on Twitter
  4. ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
  5. ↑ (2018-03-08). Scientist, social worker and mural artist: Meet Nari Shakti winners from Kerala. The News Minute
  6. ↑ On International Women's Day, the President conferred the prestigious Nari Shakti Puraskars to 30 eminent women and 9 distinguished Institutions for the year 2017. pib.gov.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে শ্যামালাকুমাৰী” প্ৰবন্ধৰ সংশোধন ৪৯২৩৭৪ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।