কেৰ'লিন গ্ৰীলছ (জন্ম নাম মিকেলছন; ১৮৮৮ আৰু ১৮৯০ চনৰ ভিতৰত – ৬ অক্টোবৰ ১৯৬০) আছিল এগৰাকী অষ্ট্ৰেলিয়ান ছিৰিয়েল কিলাৰ যিয়ে তেওঁৰ ভুক্তভোগীসকলক বিষাক্ত কৰিছিল। তেওঁ আছিল প্ৰধানকৈ এগৰাকী চতুৰ আৰু সহজ হত্যাকাৰী, যিয়ে সন্মানজনক জীৱন-শৈলী বজাই ৰাখি তেওঁৰ সমাজৰ বহল পৰিয়ালৰ ধনী সদস্যক হত্যা কৰিছিল যদিও পিছৰ হত্যাকাণ্ডৰ উদ্দেশ্য কম স্পষ্ট আছিল।
জীৱনী
কেৰ'লিন মাইকেলছন ছিডনীৰ বালমেইনত মেৰী প্ৰাইয়াৰ্ছ আৰু জৰ্জ মাইকেলছনৰ কন্যা আছিল আৰু তেওঁৰ জন্ম হৈছিল ১৮৮৮ চনৰপৰা ১৮৯০ চনৰ ভিতৰত।১ ১৯০৮ চনৰ ২২ এপ্ৰিলত ৰিচাৰ্ড উইলিয়াম গ্ৰীলছৰ সৈতে তেওঁৰ চাৰিজন পুত্ৰ সন্তান জন্ম হয়।১
১৯৪৭ চনত পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যুৰ পাছত প্ৰথমে হত্যাৰ তেওঁ সন্দেহযুক্ত হৈ পৰিছিল: ভূক্তভোগীসকল আছিল তেওঁৰ ৮৭বছৰীয়া সতীয়া মাক ক্ৰীষ্টিন মিকেলছন; বিবাহৰদ্বাৰা আত্মীয় এঞ্জেলিনা থমাছ আৰু জন লুণ্ডবাৰ্গ; আৰু ভগ্নী মেৰী এন্নে মিকেলছন। ১৯৫৩ চনৰ ১৩ এপ্ৰিলত কৰ্তৃপক্ষই তেওঁ পৰিয়ালৰ অতিৰিক্ত দুজন সদস্যক (ৰেডফাৰ্নৰ ক্ৰীষ্টিন ডাউনী আৰু জন ডাউনী) দিয়া চাহ পৰীক্ষা কৰি তেতিয়াৰ সাধাৰণ ঘৰুৱা এন্দূৰৰ বিষ ঠেলিয়াম ধৰা পেলায়। সেই সময়ত নিউ চাউথ ৱেলছত ঠেলিয়াম কাউণ্টাৰৰ জৰিয়তে কিনাটো সহজ আছিল।১ মিকেলছনে গ্ৰীলছৰ পিতৃৰপৰা গ্লেডছভিলত এটা ঘৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু গ্ৰীলছে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিবলৈ তেওঁক হত্যা কৰা বুলি অনুমান কৰা হৈছিল। একেদৰে থমাছ গ্ৰীলছ দম্পতীহালৰ পৰিয়ালৰ ঘনিষ্ঠ বন্ধু আছিল আৰু তেওঁ ব্লু মাউণ্টেনছত থকা নিজৰ ছুটীৰ ঘৰটো দম্পতীহালৰ বাবে এৰি থৈ গৈছিল।১
ডাঠ ৰিমযুক্ত গাঢ় চছমা পিন্ধা চুটি মহিলা গ্ৰীলছে সাধাৰণতে বন্ধু-বান্ধৱী আৰু শহুৰেকক চাহ, কেক আৰু বিস্কুট পৰিৱেশন কৰিছিল। ১৯৫৩ চনৰ অক্টোবৰ মাহত তেওঁ চাৰিটা হত্যা আৰু তিনিটা হত্যাৰ চেষ্টাৰ অভিযোগত আদালতত হাজিৰ হৈছিল (তৃতীয়টো আছিল ৰেডফাৰ্নৰ ইভেলিন লুণ্ডবাৰ্গ, ক্ৰীষ্টিন ডাউনীৰ মাতৃ)। ১৯৫৩ চনৰ ১৫ অক্টোবৰত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয় যদিও পিছলৈ তেওঁৰ শাস্তি আজীৱন কাৰাদণ্ডলৈ সলনি কৰা হয়। ছিডনীৰ লং বে কাৰাগাৰৰ আন কয়দীসকলৰ বাবে তেওঁক মৰমেৰে "আণ্ট থালি" ("আণ্ট চেলি"ৰ এটা পানীং উল্লেখ) নামেৰে জনাজাত হৈ পৰিছিল। ১৯৬০ চনৰ অক্টোবৰ মাহত তেওঁক ৰেণ্ডউইকৰ প্ৰিন্স হেনৰী হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত পেৰিট'নাইটিছ ৰোগত আক্ৰান্ত হৈ গেষ্ট্ৰিক আলচাৰ ফাটি যোৱাৰ ফলত তেওঁৰ মৃত্যু হয়। তাৰ পিছৰ মাহবোৰত ঠেলিয়াম বিষক্ৰিয়াৰ অধিক ক্ষেত্ৰৰ কথা উল্লেখ কৰা হৈছিল, য'ত উল্লেখযোগ্যভাৱে অষ্ট্ৰেলিয়াৰ ৰাগবী লীগৰ বিশিষ্ট ফুটবলাৰ ববি লুলহাম আছিল।
তথ্যসূত্ৰ
- ↑ Kidd, Paul B. (2012). Cinema Serial Killers. Five Mile Press. ISBN 9781743005361
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰ'লিন গ্ৰীলছ” প্ৰবন্ধৰ সংশোধন ৬৩২১০১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।