মৃত্যুুদণ্ডপ্ৰাপ্ত মহিলা
৩১ প্ৰবন্ধ
-
এবিগেল উইলিয়ামছ
এবিগেল উইলিয়ামছ (জন্ম প্ৰায় ১৬৮১, মৃত্যুৰ তাৰিখ অজ্ঞাত) ১১ বা ১২বছৰীয়া এগৰাকী ছোৱালী আছিল যিয়ে নবছৰীয়া বেটী পেৰিছৰ সৈতে ১৬৯২ চনত চুবুৰীয়াক ডাইনীৰ অভিযোগ উত্থাপন কৰা শিশুসকলৰ ভিতৰত প্ৰথমসকলৰ ভিতৰত আছিল; এই অভিযোগবোৰৰ ফলত অৱশেষত চেলেম ডাইনী বিচাৰৰ সৃষ্টি হয়।
-
মাৰ্চি লুইছ
মাৰ্চি লুইছ চেলেম ডাইনী বিচাৰৰ সময়ত এজন অভিযুক্ত আছিল। মেইনৰ ফালমাউথত জন্মগ্ৰহণ কৰিছিল। আনুষ্ঠানিকভাৱে মাৰ্চি এলেন নামেৰে পৰিচিত মাৰ্চি লুইছ আছিল ফিলিপ লুইছ আৰু মেৰী (কাছ) লুইছৰ সন্তান।
-
আটিনা মেৰী কেনাডে
আটিনা মেৰী কেনাডে (জন্ম ৮ ছেপ্টেম্বৰ, ১৯৬৫) ডকাইতি, অপহৰণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল আৰু টু ইয়ং টু ডাই ছবিখনৰ প্ৰেৰণা? আমেৰিকাৰ বায়ুসেনাৰ চাৰ্জেণ্ট ৰ’নাল্ড ৱ’জচিক অপহৰণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা আটিনাক প্ৰথমতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
-
আন্না ইয়াকিমোভা
আন্না ভাচিলিয়েভনা ইয়াকিমোভা (২৪ জুন [O.S. ১২ জুন] ১৮৫৬ – ১২ জুন ১৯৪২) ৰাছিয়াৰ এজন বিপ্লৱী, দ্বিতীয় জাৰ আলেকজেণ্ডাৰক হত্যা কৰা গোটৰ এজন আৰু দীৰ্ঘদিনীয়া ৰাজনৈতিক বন্দী আছিল।
-
এঞ্জেট লাইলছ
এঞ্জেট লাইলছ (জন্ম নাম ড’নভান; ২৩ আগষ্ট, ১৯২৫ চন– মৃত্যু:৪ ডিচেম্বৰ, ১৯৭৭ চন) ১৯৫২ চনৰপৰা ১৯৫৮ চনৰ ভিতৰত জৰ্জিয়াৰ মেকনত চাৰিজন আত্মীয়ৰ বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱাৰ বাবে দায়ী কৰা এগৰাকী আমেৰিকান ৰেষ্টুৰেণ্ট এখনৰ মালিক আৰু ছিৰিয়েল কিলাৰ।
-
এন্নে গ্ৰীণ
এন্নে গ্ৰীণ (প্ৰায় ১৬২৮ – ১৬৫৯ বা প্ৰায় ১৬৬৫) এগৰাকী ইংৰাজ ঘৰুৱা পৰিচাৰিকা আছিল আৰু ১৬৫০ চনত শিশু হত্যা কৰাৰ অভিযোগত অভিযুক্ত হৈছিল। ফাঁচি লগাই আত্মহত্যা কৰাৰ চেষ্টাত ৰক্ষা পোৱাৰ বাবে পৰিচিত, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসকে তেওঁক পুনৰুজ্জীৱিত কৰে।
-
এবিগেল হবছ
এবিগেল হবছ আছিল প্ৰায় ১৪-১৭ বছৰীয়া এজনী ছোৱালী, যেতিয়া ১৬৯২ চনৰ ১৮ এপ্ৰিলত গিলছ ক'ৰি, মেৰী ৱাৰেন আৰু ব্ৰীজেট বিচপৰ সৈতে ডাইনীৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।
-
কনষ্টেন্স এমিলি কেণ্ট
কনষ্টেন্স এমিলি কেণ্ট (১৮৪৪–১৯৪৪) ১৮৬০ চনত তেওঁৰ সতীয়া ভাতৃ ফ্ৰান্সিছ চেভিল কেণ্টক হত্যা কৰাৰ কথা স্বীকাৰ কৰা এগৰাকী ইংৰাজ মহিলা। এই গোচৰৰ ফলত উচ্চ পৰ্যায়ৰ ঘোষণা কৰা হয় যে ইংলেণ্ড আৰু ৱেলছত আৰু কোনো প্ৰাচীন পুৰোহিত-অনুতাপৰ বিশেষাধিকাৰ নাই।
-
কাথাৰিনা ফ্ৰান্সিস্কা ভন ৱাটেনউইল
কাথাৰিনা ফ্ৰান্সিস্কা ভন ৱাটেনউইল (ডিচেম্বৰ ১৬৪৫ – ২১ নৱেম্বৰ ১৭১৪) চুইজাৰলেণ্ডৰ এজন অভিজাত আৰু চোৰাংচোৱা আছিল। নবছৰীয়া যুদ্ধৰ সময়ত তেওঁ চতুৰ্দশ লুইৰ বাবে চোৰাংচোৱা হিচাপে কাম কৰিছিল, যাৰ বাবে তেওঁক কেফিগতাৰ্মত কাৰাগাৰত ভৰোৱা হৈছিল, নিৰ্যাতন চলোৱা হৈছিল আৰু বাৰ্নৰ আদালতে চোৰাংচোৱাগিৰি আৰু উচ্চ…
-
কানেকো ফুমিকো
কানেকো ফুমিকো ( ২৫ জানুৱাৰী, ১৯০৩ – ২৩ জুলাই, ১৯২৬) বা খুব কমেইহে পাক ফুমিকো আৰু পাক মুঞ্জা নামে জনা, এগৰাকী জাপানী নৈৰাজ্যবাদী আৰু শূন্যবাদী আছিল। জাপানী ইম্পেৰিয়েল পৰিয়ালৰ সদস্যক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত হয়।
-
কেৰ'লিন গ্ৰীলছ
কেৰ'লিন গ্ৰীলছ (জন্ম নাম মিকেলছন; ১৮৮৮ আৰু ১৮৯০ চনৰ ভিতৰত – ৬ অক্টোবৰ ১৯৬০) আছিল এগৰাকী অষ্ট্ৰেলিয়ান ছিৰিয়েল কিলাৰ যিয়ে তেওঁৰ ভুক্তভোগীসকলক বিষাক্ত কৰিছিল।
-
ক্লেফ্ট চিন হত্যাকাণ্ড
১৯৪৪ চনৰ ভিতৰত ধাৰাবাহিক অপৰাধৰ অংশ হিচাপে সংঘটিত হোৱা ক্লেফ্ট চিন হত্যাকাণ্ডৰ কথা জৰ্জ অৰৱেলৰ "ডিক্লাইন অৱ দ্য ইংলিছ মাৰ্ডাৰ" ৰচনাত উল্লেখ কৰা হৈছে। হত্যাৰ বলি হোৱা টেক্সি চালক জৰ্জ এডৱাৰ্ড হিথৰ থুঁতৰি ফাটি যোৱাৰ বাবেই ইয়াক "ক্লেফ্ট চিন মাৰ্ডাৰ" বুলি জনা গৈছিল।
-
গ্ৰেচ মাৰ্কছ
গ্ৰেচ মাৰ্কছ (প্ৰায় ১৮২৮ – প্ৰায় ১৮৭৩ চনৰ পিছত) ১৮৪৩ চনত অণ্টাৰিঅ'ৰ ৰিচমণ্ড হিলত নিজৰ নিয়োগকৰ্তা থমাছ কিনিয়াৰ আৰু তেওঁৰ গৃহকৰ্মী নেন্সি মণ্টগোমাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত এগৰাকী আইৰিছ-কানাডিয়ান দাসী আছিল।
-
চিছাকো কাকেহি
চিছাকো কাকেহি (জন্ম:২৮ নৱেম্বৰ, ১৯৪৬ চন– মৃত্যু: ২৬ ডিচেম্বৰ, ২০২৪ চন) এগৰাকী জাপানী ছিৰিয়েল কিলাৰ আছিল যিয়ে তেওঁৰ স্বামীকে ধৰি তিনিজন লোকক হত্যা কৰাৰ বাবে আৰু চতুৰ্থজনক হত্যাৰ চেষ্টা কৰাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি লাভ কৰিছিল। তদুপৰি কমেও আন সাতজন লোকৰ মৃত্যুৰ ক্ষেত্ৰতো তেওঁকেই সন্দেহ কৰা হৈছিল।
-
ছাব্ৰিনা বাটলাৰ
ছাব্ৰিনা বাটলাৰ (জন্ম ১৯৭১) হৈছে মিচিচিপিৰ এগৰাকী মহিলা যিয়ে কিশোৰী অৱস্থাত নিজৰ ৯ মহীয়া পুত্ৰৰ হত্যা আৰু শিশু নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছতো পুনৰ বিচাৰত অৱশেষত দোষমুক্ত হয়।
-
জুনকো ওগাটা
জুনকো ওগাটা (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী জাপানী ছিৰিয়েল কিলাৰ যিয়ে আন এজন ছিৰিয়েল কিলাৰ ফুটোছি মাটছুনাগাৰ সহযোগী হিচাপে কাম কৰিছিল।
-
ডাগমাৰ ওভাৰবাই
ডাগমাৰ জোহানে আমালি অভাৰবাই ( ২৩ এপ্ৰিল ১৮৮৭ – ৬ মে' ১৯২৯) এগৰাকী ডেনিছ ছিৰিয়েল কিলাৰ আছিল। ১৯১৩ চনৰ পৰা ১৯২০ চনলৈকে সাত বছৰৰ সময়ছোৱাত নিজৰ এটা শিশুকে ধৰি ৯ৰ পৰা ২৫টা শিশুক হত্যা কৰিছিল।
-
ডৰ্কাছ হ’য়াৰ
ডৰ্কাছ হ’য়াৰ (জন্ম নাম গ্যালি; প্ৰায় ১৬৩৪ – ১২ জুলাই, ১৭১১) ১৬৯২ চনৰ চেলেম ডাইনী বিচাৰৰ সময়ত ডাইনীৰ অভিযোগত অভিযুক্ত এগৰাকী বিধৱা আছিল। দোষী সাব্যস্ত কৰি ফাঁচি দিয়াৰ শাস্তি ঘোষণা কৰা হয় যদিও তাৰ পিছত স্বীকাৰোক্তি দিয়ে আৰু কেইবাজনো মন্ত্ৰীৰ সমৰ্থনত সাময়িকভাৱে ৰেহাই দিয়া হৈছিল, যদিও ইতিমধ্যে…
-
নেলি মেডিচন
নেলি মে মেডিচন (জন্ম নাম মুনী; ৫ এপ্ৰিল, ১৮৯৫ – ৮ জুলাই, ১৯৫৩) ১৯৩৪ চনত স্বামীক হত্যা কৰাৰ অপৰাধত হত্যাৰ দোষী সাব্যস্ত হোৱা এগৰাকী আমেৰিকান মহিলা। কেলিফৰ্ণিয়া ৰাজ্যত মৃত্যুদণ্ডৰ চৰম শাস্তি পোৱা দ্বিতীয়গৰাকী মহিলা আছিল মেডিচন, ১৯০৬ চনত শেষৰজনী আছিল এমা লেড’ক্স।
-
নোলা ব্লেক
নোলা ব্লেক হৈছে এগৰাকী অষ্ট্ৰেলিয়ান মহিলা যিয়ে ১৯৮৭ চনত থাইলেণ্ডৰ বেংককত ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পিছত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। পিছত তাইৰ শাস্তি আজীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হয়।
-
ভায়োলেট নোজিয়েৰ
ভায়োলেট নোজিয়েৰ (১১ জানুৱাৰী ১৯১৫ – ২৬ নৱেম্বৰ ১৯৬৬) আছিল এগৰাকী ফৰাচী মহিলা যিয়ে পিতৃক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল। ১৯৭৮ চনত চেব্ৰলৰ একে নামৰ ছবিখন এই গোচৰৰ আধাৰত নিৰ্মিত আছিল।
-
মল কিং
মল কিং আছিল ১৭ শতিকাৰ লণ্ডনৰ এগৰাকী অপৰাধী।
-
মাথিল্ড কেৰে
মাথিল্ড কেৰে (৩০ জুন ১৯০৮ লে ক্ৰেউচট, ফ্ৰান্সত – ৩০ মে' ২০০৭), জন্মগ্ৰহণ কৰে আৰু তেওঁ মেথিল্ড লুচি বেলাৰ্ড আৰু "লা ছাট্টে" ("The Cat") নামেৰে পৰিচিত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফৰাচী প্ৰতিৰোধৰ এজেণ্ট আছিল যিয়ে ফ্ৰান্স-পোলিছ প্ৰতিৰোধ সংগঠন, যোগাযোগকাৰী, আৰু ডাবল এজেণ্ট হিচাপে ফ্ৰান্সৰ জাৰ্মান…
-
মাৰিয়া উইটনাৰ
মাৰিয়া উইটনাৰ (গাজদাগ-উইটনাৰ; ৯ জুন ১৯৩৭ – ১৪ ছেপ্টেম্বৰ ২০২২) ১৯৫৬ চনৰ হাংগেৰিয়ান বিপ্লৱত অংশগ্ৰহণ কৰা এগৰাকী হাংগেৰী বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল।
-
মাৰিয়া বাৰ্বেলা
মাৰিয়া বাৰ্বেলা (২৪ অক্টোবৰ, ১৮৬৮ – ২৪ মাৰ্চ, ১৯৫০) এগৰাকী ইটালীত জন্মগ্ৰহণ কৰা আমেৰিকান মহিলা। সেই সময়ত ভুলকৈ মাৰিয়া বাৰ্বেৰী নামেৰে পৰিচিত হৈ পৰা এইগৰাকী মহিলা আছিল ইলেক্ট্ৰিক চকীত মৃত্যুদণ্ডৰ শাস্তি পোৱা দ্বিতীয়গৰাকী মহিলা।
-
মেৰী বেকাৰ
মেৰী আলেকজেণ্ড্ৰিন বেকাৰ (জন্ম: পেটিজিয়ান; ১৪ জুলাই ১৮৭৯ – ১১ জুন ১৯৪২), ডাকনাম দ্য ব্লেক উইড' আছিল, ১৯৩৩ চনৰপৰা ১৯৩৬ চনৰ ভিতৰত এঘাৰজন লোকক বিষক্ৰিয়া কৰাৰ লগতে আন পাঁচজনক বিষক্ৰিয়াৰ চেষ্টা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা এজন বেলজিয়ামৰ ছিৰিয়েল কিলাৰ।
-
মেৰী-থেৰেছ জনিয়াক্স
মেৰী-থেৰেছ জনিয়াক্স (জন্মনাম: মাৰিয়া টেৰেছা জোচেফে আবলাই; ১৫ অক্টোবৰ, ১৮৪৪ – ১৯২৩ চন) তেওঁ ১৮৯৪–১৮৯৫ চনত জনিয়াক্স এফেয়াৰৰ অংশ হিচাপে শিৰোনাম দখল কৰিছিল আৰু তেখেতে তেখেতৰ ভগ্নী লিঅ’নি আবলাই, বিবাহৰদ্বাৰা ককাক জেক ভ্যান ডি কেৰখ'ভ আৰু ভাতৃ আলফ্ৰেড আবলাৰ বিৰুদ্ধে ত্ৰিগুণ বিষক্ৰিয়াৰ পিছত সংঘটিত…
-
লুইজ ডি বেটিনিজ
লুইজ মেৰী জিন হেনৰিট ডি বেটিনিজ ( ১৫ জুলাই ১৮৮০ - ২৭ ছেপ্টেম্বৰ ১৯১৮) প্ৰথম বিশ্বযুদ্ধৰ সময়ত এলিছ ডুব’ইছৰ ছদ্মনাম ব্যৱহাৰ কৰি ব্ৰিটিছৰ বাবে জাৰ্মানসকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰা এজন ফৰাচী গোপন এজেণ্ট আছিল।
-
ৰুবী মেককলম
ৰুবী মেককলম (৩১ আগষ্ট, ১৯০৯ – ২৩ মে', ১৯৯২), ৰুবী জেকচন নামেৰে জন্মগ্ৰহণ কৰা এক কৃষ্ণাংগ মহিলা যি হত্যাৰ গোচৰত অভিযুক্ত হৈছিল। তেওঁ ফ্ল’ৰিডাৰ লাইভ অ’কত থকা এগৰাকী ধনী বিবাহিত কৃষ্ণাংগ মহিলা, যিয়ে ১৯৫২ চনত শ্বেতাংগ চিকিৎসক আৰু ৰাজ্যিক নিৰ্বাচিত চিনেটৰ ডা° চি লেৰয় এডামছক হত্যা কৰাৰ অভিযোগত প্ৰথম…
-
ৰ’জী আলফাৰো
মাৰিয়া ডেল ৰ’জিঅ’ “ৰ’জী’’ আলফাৰো (জন্ম ১২ অক্টোবৰ, ১৯৭১) ১৯৯০ চনত কেলিফৰ্ণিয়াৰ আনাহাইমত ৯বছৰীয়া অটম ৱালেছক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী আমেৰিকান মহিলা। বৰ্তমান কেলিফৰ্ণিয়াত মৃত্যুদণ্ড পাই শাস্তিৰ অপেক্ষাত।