কেশৱ আত্মানন্দ মহাৰাজ (ইংৰাজী: Keshav Atmananda Maharaj; জন্ম: ৭ ফেব্ৰুৱাৰী, ১৯৯০) ডাৰবানত জন্মগ্ৰহণ কৰা এজন ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ অন্যতম সদস্য। ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত কোৱাজুলু-নাটাল আৰু ডলফিনক প্ৰতিনিধিত্ব কৰে। তেওঁ মূলতঃ অল ৰাউণ্ডাৰ হিচাপে খেলে। কেশৱ মহাৰাজে সোঁহতীয়া বেটিং কৰাৰ লগতে লেহেমীয়া বাওঁহতীয়া গতানুগতিক বল কৰে।
প্ৰাথমিক আৰু ব্যক্তিগত জীৱন
১৯৯০ চনৰ ৭ ফেব্ৰুৱাৰীত কোৱাজুলু-নাটালৰ ডাৰবানত আথমানন্দ মহাৰাজ আৰু কাঞ্চন মালাৰ ঘৰত হিন্দু পৰিয়ালত কেশৱ মহাৰাজৰ জন্ম হয়।১ মহাৰাজ ভাৰতীয় বংশৰ, তেওঁৰ পূৰ্বপুৰুষ ভাৰতৰ উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ পৰা যোৱা আৰু ১৮৭৪ চনত ইনডেনচাৰ শ্ৰমিক হিচাপে ডাৰবানলৈ প্ৰব্ৰজন কৰিছিল।২ তেওঁৰ পিতৃয়ে কোৱাজুলু-নাটালৰ হৈ উইকেটৰ ৰক্ষক হিচাপে খেলিছিল। তেওঁৰ এগৰাকী ভগ্নী আছে, তেওঁৰ নাম তাৰিছমা মহেছান।২
২০২২ চনৰ এপ্ৰিল মাহত মহাৰাজে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা লেৰিছা মুনছামী নামৰ এগৰাকী কত্থক নৃত্যশিল্পীক বিয়া কৰায়।৩৪
ঘৰুৱা ক্ৰিকেট
২০০৬–০৭ ছিজনত কোৱাজুলু-নাটালৰ হৈ ১৬ বছৰ বয়সত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মহাৰাজৰ অভিষেক ঘটে।৫ ২০০৯-১০ চনত ডলফিনছ দলক প্ৰতিনিধিত্ব কৰিছিল। মহাৰাজে ২০১০ চনৰ এপ্ৰিল–মে’ মাহত দক্ষিণ আফ্ৰিকা এ দলৰ সৈতে বাংলাদেশ ভ্ৰমণ কৰিছিল, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দলৰ বিৰুদ্ধে চাৰিদিনীয়া খেল দুখনত ১৩টা উইকেট দখল কৰিছিল। টি-২০ৰ এখন মেচত বলিঙৰ আৰম্ভণিতে চাৰি অভাৰত ১২ ৰানত ৪ উইকেট দখল কৰে।৬ ২০১০–১১ চনত তেওঁ ভ্ৰমণকাৰী বাংলাদেশ এ দলৰ বিৰুদ্ধেও দক্ষিণ আফ্ৰিকা এৰ হৈ খেলিছিল।
২০১২–১৩ চনৰ ঘৰুৱা শৃংখলাত মহাৰাজে বেটেৰে তেওঁৰ শ্ৰেষ্ঠ শৃংখলা লাভ কৰি তেওঁ ২টা শতককে ধৰি গড়ে ৪৮.১ ৰান কৰি প্ৰথম শ্ৰেণীৰ শ্ৰেণীৰ ক্ৰিকেটত ৪৮১টা ৰান সংগ্ৰহ কৰিছিল।৭ নৰ্দাৰ্নছৰ বিৰুদ্ধে এখন খেলত ১১৯টা বলত ১১৪টা ৰান সংগ্ৰহ কৰি ৫টা উইকেট দখল কৰিছিল৷৮
মহাৰাজে ২০১৩ চনত ছাচেক্স প্ৰিমিয়াৰ লীগত কাকফিল্ডৰ হৈ খেলিছিল, আৰু ২০১৫ চনত লেংকাশ্বাৰ লীগত নেলচনৰ পেছাদাৰী হিচাপে খেলিছিল।৯ ২০১৪–১৫ চনত কেপ কোব্ৰাৰ বিৰুদ্ধে ডলফিনৰ বাবে মহাৰাজে নিজৰ শ্ৰেষ্ঠ ইনিংছ আৰু মেচৰ সংখ্যা সেই পৰ্যায়লৈ লৈ যায়: ৫৮ ৰানত ৬ আৰু ১৪৫ ৰানত ১০।ডলফিনে জয়লাভ কৰে আৰু তেওঁ মেচৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে।১০ ২৬.১৮ গড়ে ৪৪টা প্ৰথম শ্ৰেণীৰ উইকেটৰে ছিজনটো সমাপ্ত কৰে৷১১ ২০১৫ চনৰ আফ্ৰিকা টি-২০ কাপৰ বাবে তেওঁক কোৱাজুলু-নাটাল দলত অন্তৰ্ভুক্ত কৰা হৈছিল৷১২
আন্তৰ্জাতিক ক্ৰিকেট
২০১৬ চনৰ অক্টোবৰ মাহত মহাৰাজে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দলত স্থান লাভ কৰিছিল। ২০১৬ চনৰ ৩ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটাই তেওঁ তিনিটা উইকেট দখল কৰে।১৩ তেওঁ আছিল পাৰ্থৰ টেষ্টত অভিষেক ঘটা প্ৰথমজন বিশেষজ্ঞ স্পিনাৰ৷১৪
২০১৭ চনৰ ১০ মাৰ্চত মহাৰাজে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত প্ৰথমবাৰৰ বাবে মেইডেন পাঁচ উইকেট লাভ কৰে।১৫ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত দক্ষিণ আফ্ৰিকাৰ এজন স্পিনাৰৰ এইটোৱেই আছিল মাত্ৰ সপ্তমটো পাঁচটা উইকেট দখল৷১৬ ২০১৭ চনৰ এপ্ৰিল মাহত মহাৰাজে ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলা আৰু ২০১৭ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে দক্ষিণ আফ্ৰিকাৰ ৱান ডে ইণ্টাৰনেশ্যনেল (এদিনীয়া) দলত স্থান লাভ কৰে।১৭১৮ ২০১৭ চনৰ ২৭ মে’ত ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ হৈ তেওঁৰ এদিনীয়াত অভিষেক ঘটে৷১৯ ২০১৭ চনৰ মে’ মাহত ক্ৰিকেটৰ দক্ষিণ আফ্ৰিকাৰ বাৰ্ষিক বঁটাত মহাৰাজে বছৰৰ আন্তঃৰাষ্ট্ৰীয় নৱাগত হিচাপে নিৰ্বাচিত হৈছিল।২০ ২০১৭ চনৰ অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ সময়ত তেওঁ টেষ্টত ৫০ সংখ্যক উইকেট দখল কৰিছিল৷২১
তথ্যসূত্ৰ
- ↑ World Cup 2023: World Hindu Congress Thanks Keshav Maharaj For Support Despite Absence From The November Event Due To WC Commitments. Free Press Journal
- ↑ (14 January 2018). Forefathers of cricketer Keshav Maharaj came to South Africa as indentured labourers - Mumbai Mirror. Mumbai Mirror
- ↑ (27 October 2023). Meet South Africa Spinner Keshav Maharaj's Wife Lerisha. Zee News
- ↑ (17 December 2022). Keshav Maharaj's wife Lerisha is a kathak dancer. Zee News
- ↑ (14 September 2021). Keshav Maharaj lives his father's dream. ESPN Cricinfo
- ↑ South Africa Academy in Bangladesh 2010. CricketArchive
- ↑ Batting in each season by Keshav Maharaj. CricketArchive
- ↑ Northerns v KwaZulu-Natal 2012–13. CricketArchive
- ↑ South African all rounder signs as Nelson's pro for 2015 season. Pendle Today
- ↑ Cape Cobras v Dolphins 2014–15. CricketArchive
- ↑ Bowling in each season by Keshav Maharaj. CricketArchive
- ↑ KwaZulu-Natal Squad Players. ESPN cricinfo
- ↑ South Africa tour of Australia, 1st Test: Australia v South Africa at Perth, Nov 3-7, 2016. ESPN Cricinfo
- ↑ Maharaj - first spin debutant at Perth. ESPN Cricinfo
- ↑ Honours even after Williamson's hundred. ESPN Cricinfo
- ↑ A rare hundred, a rarer five-for. ESPN Cricinfo
- ↑ (19 April 2017). South Africa picks Morkel for ICC Champions Trophy 2017. International Cricket Council
- ↑ Morkel, Maharaj in South Africa squad. ESPN Cricinfo
- ↑ South Africa tour of England, 2nd ODI: England v South Africa at Southampton, May 27, 2017. ESPN Cricinfo
- ↑ De Kock dominates South Africa's awards. ESPN Cricinfo
- ↑ New-look SA attack takes on weakened tourists. ESPN Cricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৱ মহাৰাজ” প্ৰবন্ধৰ সংশোধন ৬৩৪৩০৯ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।