কেলি হটল (Kaylee Hottle, ২০০৭ বা ২০০৮ – ২১ জুলাই, ২০২৬) আছিল এগৰাকী বধিৰ আমেৰিকান অভিনেত্ৰী, যিয়ে দানৱভিত্তিক চলচ্চিত্ৰ গডজিলা ভাৰ্চেচ কং (২০২১) আৰু ইয়াৰ পৰৱৰ্তী খণ্ড গডজিলা এক্স কং: দ্য নিউ এম্পায়াৰ (২০২৪)-ত অভিনয় কৰিছিল। পিছৰখন চলচ্চিত্ৰৰ বাবে তেওঁ ছেটাৰ্ণ এৱাৰ্ড (শ্ৰেষ্ঠ কনিষ্ঠ অভিনেতাৰ অভিনয়)ৰ বাবে মনোনীত হৈছিল।
প্ৰাৰম্ভিক জীৱন
কেলি হটলৰ জন্ম হৈছিল জৰ্জিয়া (দেশ)ৰ আটলান্টাত।১২ তেওঁৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই বধিৰ আছিল আৰু পিতৃৰ ফালৰ পৰা চাৰি পুৰুষ ধৰি তেওঁলোকৰ বধিৰ আত্মীয় আছিল। তেওঁ আমেৰিকান সাঙ্কেতিক ভাষা (ASL) সাৱলীলভাৱে ক'ব পাৰিছিল।৩ মাতৃৰ ফালৰ পৰা তেওঁ কোৰিয়ান বংশোদ্ভৱ আছিল।৪ তেওঁ টেক্সাচৰ অ’ষ্টিনত অৱস্থিত টেক্সাচ স্কুল ফৰ দ্য ডীফত অধ্যয়ন কৰিছিল,৫ য’ত তেওঁ ট্ৰেক এণ্ড ফিল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৬
কেৰিয়াৰ
বিজ্ঞাপনৰ জৰিয়তে হটলৰ অভিনয় জীৱন আৰম্ভ হৈছিল। ২০১৭ চনত, ৯ বছৰ বয়সত,৭ তেওঁ ‘কনভো’ নামৰ ভিডিঅ’ ৰিলে সেৱাৰ এটা বিজ্ঞাপনত অভিনয় কৰিছিল।৮ ইয়াৰ উপৰিও তেওঁ অন্যান্য বিজ্ঞাপনতো অংশ লৈছিল,৩ লগতে ‘১০ ডেফ চিলড্ৰেন: ৱান পাৱাৰফুল মেছেজ’ নামৰ এক তথ্যচিত্ৰধৰ্মী প্ৰকল্পতো অংশগ্ৰহণ কৰিছিল, যাৰ উদ্দেশ্য আছিল বধিৰ সম্প্ৰদায়ৰ বাবে সম-অধিকাৰ লাভৰ ক্ষেত্ৰত সহায় কৰা।৯
২০২১ চনৰ গডজিলা ভাৰ্চেচ কং চলচ্চিত্ৰখনৰ জীয়া নামৰ বধিৰ চৰিত্ৰটোৰ বাবে কাষ্টিং পৰিচালক চাৰা হেলী ফিনে বিভিন্ন কাষ্টিং নেটৱৰ্ক আৰু থিয়েটাৰৰ জৰিয়তে এগৰাকী বধিৰ অভিনেত্ৰীৰ সন্ধান কৰিছিল।৩ পূৰ্বৰ ছবি কং: স্কাল আইলেণ্ড (২০১৭)-ৰ এজন সহকাৰী পৰিচালকে হটলক কনভোৰ বিজ্ঞাপনত দেখি ফিনক তেওঁৰ বিষয়ে জনাইছিল।৮ এইখন আছিল হটলৰ জীৱনৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ, য’ত তেওঁৰ চৰিত্ৰটোৱে বিশালাকায় গৰিলা কঙৰ সৈতে যোগাযোগ কৰিবলৈ আমেৰিকান সাঙ্কেতিক ভাষা ব্যৱহাৰ কৰিছিল। অভিনয়ৰ সময়ৰ বাহিৰেও যাতে হটলৰ সৈতে কথা পাতিব পাৰে, তাৰ বাবে সহ-অভিনেত্ৰী ৰেবেকা হল আৰু অভিনেতা আলেকজেণ্ডাৰ স্কাৰ্ছগাৰ্ডেও আমেৰিকান সাঙ্কেতিক ভাষা শিকি লৈছিল।১০ ২০২১ চনতে তেওঁ ধাৰাবাহিক মেগনাম পি.আইৰ এটা খণ্ডতো অভিনয় কৰিছিল।২
২০২৪ চনৰ চলচ্চিত্ৰ গডজিলা এক্স কং: দ্য নিউ এম্পায়াৰত হটলে পুনৰ জীয়াৰ চৰিত্ৰত অভিনয় কৰে,১১ যাৰ বাবে তেওঁ ৫২ সংখ্যক ছেটাৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত ছেটাৰ্ণ এৱাৰ্ড (শ্ৰেষ্ঠ কনিষ্ঠ অভিনেতাৰ অভিনয়)ৰ বাবে মনোনীত হৈছিল।১২
মৃত্যু
২০২৬ চনৰ ২১ জুলাইত প্ৰায় পুৱা ২.৫২ বজাত মেৰিলেণ্ডৰ আইজামচভিলত ১৮ বছৰ বয়সত এটা বাহন দুৰ্ঘটনাত হটল গুৰুতৰভাৱে আহত হয়।১৩ পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই এটা কালভাৰ্টত খুন্দা মৰা বাহনখনত থকা তিনিজন যাত্ৰীৰ ভিতৰত তেওঁ অন্যতম আছিল। চালকজনৰ আঘাত মাৰাত্মক নাছিল, আনহাতে আনজন যাত্ৰীয়ে চিকিৎসাৰ সহায় ল'বলৈ অস্বীকাৰ কৰে। আৰক্ষীৰ মতে "অত্যাধিক গতিবেগ" এই দুৰ্ঘটনাৰ এটা কাৰক আছিল বুলি ধাৰণা কৰা হৈছে। হটলক মেৰিলেণ্ড ৰাজ্যিক আৰক্ষীৰ জৰিয়তে বিমানযোগে আৰ এডামছ কাউলি শ্বক ট্ৰমা চেন্টাৰলৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়। তেওঁৰ পিতৃয়ে ফেচবুকৰ এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে।১৪১৫ তেওঁৰ মৃত্যুৰ সন্দৰ্ভত পিতৃয়ে কয়: "আমি একেলগে কটোৱা ১৮টা বছৰৰ বাবে মই অতি কৃতজ্ঞ, আৰু আশা কৰোঁ যদি আমি আৰু কিছু সময় একেলগে পাব পাৰিলোহেঁতেন"।১৬ পিছৰ দিনা হটলৰ মৃত্যুৰ কাৰণ শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱাৰ বাবে হোৱা বুলি নিশ্চিত কৰা হয় আৰু তেওঁৰ মৃত্যুটো এটা দুৰ্ঘটনা বুলি ঘোষণা কৰা হয়।১৭
প্ৰাক্তন সহ-অভিনেত্ৰী ৰেবেকা হল, ডেন ষ্টিভেন্স, ইজা গঞ্জালেজ আৰু মিলি ববি ব্ৰাউনৰ লগতে অভিনেত্ৰী, লেখিকা তথা বধিৰ অধিকাৰ কৰ্মী মাৰ্লি মেটলিনে ছচিয়েল মিডিয়াত হটললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।৭১৮ ‘গডজিলা’ ছবিৰ প্ৰযোজনা সংস্থা লেজেণ্ডাৰী এণ্টাৰটেইনমেণ্ট আৰু ৰয়েল নেচনেল ইনষ্টিটিউট ফৰ ডেফ পিপলৰ সহযোগী সঞ্চালক টেৰী ডিভাইন-এ হটলক "হলিউডত বধিৰ সম্প্ৰদায় আৰু বধিৰ অভিনেতা-অভিনেত্ৰীসকলৰ এজন উৎসাহী সমৰ্থক" বুলি বৰ্ণনা কৰি শ্ৰদ্ধাঞ্জলি জনায়।১৯
চলচ্চিত্ৰপঞ্জী
| বছৰ | নাম | মাধ্যম | চৰিত্ৰ | টোকা |
|---|---|---|---|---|
| ২০২১ | গডজিলা ভাৰ্চেচ কং | চলচ্চিত্ৰ | জীয়া | ২০ |
| মেগনাম পি.আই. | দূৰদৰ্শন ধাৰাবাহিক | জুন | খণ্ড: "টেক্সাচ ৱেজ"২০ | |
| ২০২৪ | গডজিলা এক্স কং: দ্য নিউ এম্পায়াৰ | চলচ্চিত্ৰ | জীয়া | ২০ |
তথ্যসূত্ৰ
- ↑ Muir, Ellie. (July 21, 2026). Godzilla vs Kong star Kaylee Hottle dies aged 18 after car accident. The Independent
- ↑ Evans, Greg. (2026-07-21). Kaylee Hottle Dead: Godzilla Vs. Kong & Godzilla X Kong: The New Empire Star Was 18. Deadline Hollywood
- ↑ Thompson, Avery. (March 31, 2021). Kaylee Hottle: 5 Things About The Deaf Actress Who's Godzilla Vs. Kong Breakout Star. Hollywood Life
- ↑ Jae-hee, Choi. (2026-07-22). Korean American 'Godzilla' actress Kaylee Hottle dies at 18 in car crash. The Korea Herald
- ↑ Knight, Drew. (April 1, 2021). Texas School for the Deaf student lands monster-sized role in Godzilla vs. Kong. KVUE News
- ↑ Shafer, Ellise. (July 21, 2026). Godzilla vs. Kong Star Kaylee Hottle Dies at 18. Variety
- ↑ Aizin, Rebecca. (2026-07-21). Kaylee Hottle's Godzilla Costar Millie Bobby Brown Shares She Is 'Devastated' by Child Star's Death at 18. People
- ↑ Nudo, Meredith. (March 27, 2024). Godzilla x Kong series' Kaylee Hottle forging bright future in Hollywood. Houston Chronicle
- ↑ (March 27, 2024). 'Speak up and follow your dreams.' Kaylee Hottle Gives Advice for the Hearing Impaired Ahead of Godzilla x Kong: The New Empire. Young Entertainment
- ↑ Lewis, Maria. (March 25, 2021). We Hung Out With Alexander Skarsgård On The Set Of Godzilla Vs Kong And It Was Wild. Junkee
- ↑ Warren, Peter. (March 25, 2024). Kaylee Hottle, actor with Texas School for the Deaf roots, stars in Godzilla x Kong: A New Empire. Houston Chronicle
- ↑ Hipes, Patrick. (December 5, 2024). Dune: Part Two, Fallout Lead Saturn Awards Nominations. Deadline Hollywood
- ↑ Castro, Amanda; Miller, Joshua Rhett. (2026-07-21). Kaylee Hottle, 'Godzilla vs. Kong' Star, Dies at 18. Newsweek
- ↑ Clarke, Naomi. (21 July 2026). Kaylee Hottle: Godzilla vs Kong actress dies in car crash at 18. BBC News
- ↑ Vlessing, Etan. (July 21, 2026). Kaylee Hottle, Godzilla vs. Kong Actress, Dies at 18. The Hollywood Reporter
- ↑ (2026-07-21). Kaylee Hottle, deaf 'Godzilla' actor, killed in car crash at 18. AP News
- ↑ Petski, Denise. (July 22, 2026). Kaylee Hottle Cause Of Death Revealed. Deadline
- ↑ McKinley, Franklin. (21 July 2026). 'Godzilla vs. Kong' Stars Rebecca Hall and Millie Bobby Brown Pay Tribute to Kaylee Hottle: "You Will Be Deeply Missed". The Hollywood Reporter
- ↑ (2026-07-22). Kaylee Hottle: 'Devastated' Millie Bobby Brown leads tributes. BBC News
- ↑ Lee, Benjamin. (July 21, 2026). Godzilla v Kong actor Kaylee Hottle dies aged 18. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলি হটল” প্ৰবন্ধৰ সংশোধন ৬১৯০৪০ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।