অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কেলিপ্সো

গ্ৰীক পৌৰাণিক আখ্যান অনুযায়ী কেলিপ্সো ("তেওঁ যি গুপ্ত কৰি ৰাখে") এগৰাকী অপেশ্বৰী আছিল যি অগিজিয়া দ্বীপত বাস কৰিছিল। এই দ্বীপত হোমাৰৰ অডিচি অনুসৰি তেওঁ অডিচিয়াছক সাত বছৰ ধৰি আটক কৰি ৰাখিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৭০ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

গ্ৰীক পৌৰাণিক আখ্যান অনুযায়ী কেলিপ্সো ("তেওঁ যি গুপ্ত কৰি ৰাখে")১ এগৰাকী অপেশ্বৰী আছিল যি অগিজিয়া দ্বীপত বাস কৰিছিল। এই দ্বীপত হোমাৰৰ অডিচি অনুসৰি তেওঁ অডিচিয়াছক সাত বছৰ ধৰি আটক কৰি ৰাখিছিল। তেওঁ অডিচিয়াছক অমৰত্বৰ প্ৰতিশ্ৰুতি দিছিল যদিহে তেওঁ কেলিপ্সোৰ লগত থাকে, কিন্তু অডিচিয়াছে ঘৰলৈ উভতি যোৱাটোৱেই পছন্দ কৰিছিল।

ব্যুৎপত্তি

"কেলিপ্সো" নামটো প্ৰাচীন গ্ৰীক καλύπτω ৰ পৰা উদ্ভৱ হ'ব পাৰে।২ অৰ্থ "ঢাকি ৰখা", "লুকুৱাই ৰখা", বা "লুকাবলৈ।" ৩ Etymologicum Magnum ৰ মতে, তেওঁৰ নামৰ অৰ্থ হৈছে "জ্ঞান লুকুৱাই ৰখা" ( প্ৰাচীন গ্ৰীক: καλύπτουσα το διανοούμενον kalýptousa to dianooúmenon), যিটো – হোমেৰিক উপনাম δολόεσσα ৰ সৈতে সংযুক্ত ( dolóessa) এটা বিকল্প ব্যাখ্যা হ'ল যে কেলিপ্সো "Calí" + "Ópsis" সংস্কৰণৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ "সুন্দৰ দৃষ্টি।"

পৰিয়াল

সাধাৰণতে কেলিপ্সো টাইটান এটলাছৰ কন্যা বুলি কোৱা হয়।৪ তেওঁৰ মাকৰ নাম বেছিভাগে ক্ষেত্ৰতে উল্লেখ কৰা হোৱা নাই, কিন্তু হাইজিনাছে লিখিছে যে তেওঁ হৈছে প্লেইডছৰ মাতৃ প্লেইয়ন।৫ হেচিয়ড আৰু হোমেৰিক ডিমিটাৰৰ শ্লোকত টেথিছ আৰু অ'চেনাছৰ অন্যতম কন্যা হিচাপে এক বেলেগ কেলিপ্সো বা সম্ভৱতঃ একেগৰাকী কেলিপ্সোৰ কথা উল্লেখ কৰা হৈছে।৬ এপ'ল'ড'ৰাছে নেৰিয়াছ আৰু ডৰিছৰ কন্যা নেৰেইডছৰ তালিকাত কেলিপ্সো নামটো অন্তৰ্ভুক্ত কৰিছে।৭জন চেটজেছে তেওঁক চিৰ্চৰ পিতৃ-মাতৃ হেলিঅ'ছ আৰু পাৰ্ছৰ কন্যা বুলি কৈছে।৮ হয়তো চাৰ্চৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে। দেৱী দুগৰাকীৰ আচৰণ আৰু অডিচিয়াছৰ সৈতে থকা সম্পৰ্কৰ বাবে কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।৯ কেটেলগ অৱ উইমেনৰ এটা খণ্ড অনুসৰি কেলিপ্সোই চেফাল'নিয়ানসকলক হাৰ্মিছ ওচৰলৈ লৈ যায়১০ যিটো অডিচিত হাৰ্মিছ তেওঁৰ দ্বীপলৈ যোৱাৰ পৰা অনুমান কৰিব পাৰি।১১

আখ্যান

হোমাৰৰ ওডিচীত কেলিপ্সোই গ্ৰীক নায়ক অডিচিয়াছক নিজৰ দ্বীপত ৰাখি তেওঁক নিজৰ অমৰ স্বামী হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে, যাতে তেওঁ কেলিপ্সোৰ সৈতে সম্পৰ্ক চিৰদিনৰ বাবে উপভোগ কৰিবলৈ পায়। হোমাৰৰ মতে কেলিপ্সোই অডিচিয়াছক সাত বছৰ ধৰি অগিজিয়াত বলপূৰ্বকভাৱে বন্দী কৰি ৰাখিছিল। কেলিপ্সোই অডিচিয়াছক তাইৰ গায়কী আৰু সোণালী সূতা বোৱা ৰ দ্বাৰা মোহিত কৰে।১২

অডিচিয়াছে এই পৰিস্থিতি সলনি হোৱাটো বিচাৰে। তেওঁ নিজ পত্নী পেনেলোপিৰ পৰা বিচ্ছিন্ন হোৱাটো সহ্য কৰিব নোৱাৰে আৰু কেলিপ্সোক

এই কথা ক’ব বিচাৰে। তেওঁক দ্বীপৰ এটা মূৰত বহি কান্দি থকা দেখা যায়, আৰু ৰাতি তেওঁ নিজৰ ইচ্ছাৰ বিৰুদ্ধে কেলিপ্সোৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হয়।১৩ তেওঁৰ পৃষ্ঠপোষক দেৱী এথেনাই জিউছক দ্বীপটোৰ পৰা অডিচিয়াছক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিবলৈ কয়; জিউছে দেৱদূত হাৰ্মিছক অডিচিয়াছক মুক্ত কৰিবলৈ কেলিপ্সোক ক’বলৈ নিৰ্দেশ দিয়ে, কাৰণ তেওঁ‌ৰ লগত চিৰদিনৰ বাবে জীয়াই থকাটো অডিচিয়াছৰ ভাগ্যত নাছিল। তেওঁ খঙেৰে মন্তব্য কৰে যে কেনেকৈ দেৱীসকলে মৰ্ত্যলোকৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাটো ঘৃণা কৰিব পাৰে।

কেলিপ্সোই অডিচিয়াছক নাও নিৰ্মাণ কৰিবলৈ কুঠাৰ আদি প্ৰদান কৰে। কেলিপ্সোই অডিচিয়াছক এটা দ্বীপলৈ লৈ যায় য’ত তেওঁ গছ কাটি নিজৰ নাওখনৰ বাবে তক্তা বনাব পাৰে। কেলিপ্সোই তেওঁক তেওঁৰ বাবে মদ, ৰুটি, কাপোৰ আৰু অন্য সামগ্ৰীও যোগান ধৰে। তাৰ পিছত নাও চলাওঁতে তেওঁৰ পৃষ্ঠত বতাহ চলাচল কৰে। সাত বছৰৰ পাছত অডিচিয়াছে নিজৰ নাওখন সাজি কেলিপ্সোক এৰি যায়।

হোমাৰে কেলিপ্সোৰ কোনো সন্তানৰ কথা উল্লেখ কৰা নাই। ওডিচীৰ পিছত অহা কিছুমান বিৱৰণী অনুসৰি কেলিপ্সোই অডিচিয়াছক লেটিনাছ নামৰ এজন পুত্ৰ জন্ম দিয়ে১৪ যদিও চাৰ্চক সাধাৰণতে লেটিনাছৰ মাতৃ হিচাপে স্বীকৃতি দিয়া হয়।১৫ আন আন বিৱৰণীত কেলিপ্সো আৰু অডিচিয়াছক নৌচিথ'ছ আৰু ন'চিনাছ নামৰ দুটা সন্তান জন্ম হয়।১৬

তথ্যসূত্ৰ

  1. ↑ Grimal, s.v. Calypso
  2. ↑ Pontani, Filippomaria. (2013). Speaking and concealing – Calypso in the eyes of some (ancient) interpreters. Symbolae Osloenses. পৃ. 45
  3. ↑ Entry καλύπτω at LSJ
  4. ↑ হোমাৰ, ওডিছী, 1.14, 1.51– 54, 7.245; Apollodorus, E.7.24. She is sometimes referred to as Atlantis (Ατλαντίς), which means the daughter of Atlas, see the entry Ατλαντίς in Liddell & Scott, and also Hesiod, থিঅ'গনি [https://www.perseus.tufts.edu/cgi-bin/ptext?doc=Perseus%3aabo%3atlg%2c0020%2c001%3a938&vers=original&word
  5. ↑ Gaius Julius Hyginus. Fabulae Theogony 16
  6. ↑ Hesiod, থিঅ'গনি 359; Homeric Hymn 2.422. According to Caldwell, p. 49 n. 359, the Hesiod Oceanid is "probably not" the same; see also West 1966, p. 267 359. καὶ ἱμερόεσσα Καλυψώ; Hard, p. 41
  7. ↑ Apollodorus, 1.2.7
  8. ↑ Tzetzes ad Lycophron, Alexandra 174
  9. ↑ E., Bell, Robert. (1993). Women of classical mythology: a biographical dictionary. Oxford University Press. ISBN 978-0-19-507977-7
  10. ↑ Most, p. 173, [= fr. 150.25-35 Merkelbach-West]
  11. ↑ Gagné, p. 232
  12. ↑ হোমাৰ, ওডিছী 7.259
  13. ↑ হোমাৰ, ওডিছী 5.151-155
  14. ↑ Apollodorus, E.7.24
  15. ↑ Hesiod, Theogony 1011
  16. ↑ See Hesiod, থিঅ'গনি 1019, Sir James George Frazer in his notes to Apollodorus, E.7.24, says that these verses "are probably not by Hesiod but have been interpolated by a later poet of the Roman era in order to provide the Latins with a distinguished Greek ancestry"

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলিপ্সো” প্ৰবন্ধৰ সংশোধন ৬৩২১২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।