কৃষ্ণ কুমাৰ সিংহ মণিপুৰী বংশোদ্ভৱ এগৰাকী অসমীয়া সমাজসেৱক আৰু প্ৰত্নতত্ত্ব সংৰক্ষক আছিল। ২০২৬ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখে তেওঁৰ মৃত্যু হয়।
জন্ম
অসমৰ হোজাই চহৰৰ পৰা ৮ কিলোমিটাৰ আঁতৰৰ যোগীজানৰ ৰাজবাৰী গাঁৱত ১৯৩৬ চনৰ ২০ ডিচেম্বৰত কৃষ্ণ কুমাৰ সিংহৰ জন্ম হৈছিল। তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।১
সামাজিক কৰ্ম
খৰাং বতৰৰ সৈতে যুঁজ দিবলৈ তেওঁ বিজয়লক্ষ্মী কৃষিপাম স্থাপন কৰি যোগী নৈৰ পৰা পাম্পৰ দ্বাৰা পানী তুলি কৃষিত প্ৰয়োগ কৰি অঞ্চলটোত প্ৰথম কৃষি বিপ্লৱৰ সূচনা কৰিছিল।১
শিক্ষাৰ প্ৰসাৰ
শিক্ষাৰ প্ৰসাৰৰ বাবে বান অধ্যুষিত যোগীজানত যোগীজান হাইস্কুল স্থাপন কৰে। ১৯৬৫ চনত হাতীমৰা এল-পি স্কুল, ১৯৬৮ চনত তৰাডুবি এল-পি স্কুল, ১৯৭০ চনত ৰাজবাৰী বালিকা এল-পি স্কুল, ১৯৭৭ চনত ৰাজবাৰী তোম্বাবুজিনী এল-পি স্কুল স্থাপন কৰে।১
প্ৰত্নতত্ত্ব সংৰক্ষণ
হোজাইৰ যোগীজান অঞ্চলৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ঐতিহাসিক ভগ্নাৱশেষসমূহ নিজৰ ধন খৰছ কৰি তেওঁ সংৰক্ষণৰ কাম হাতত লৈছিল। বিভিন্ন ঠাইৰ পুৰণি মূৰ্তিৰ ভঙা অংশ সংগ্ৰহ কৰি নতুনকৈ জোৰা লগাই স্থাপন কৰিছিল। তেনে এটি মূৰ্তি প্ৰায় ৩০০০ বছৰ পুৰণি চামুণ্ডাৰ মূৰ্তি বৰ্তমান ন-ভঙাৰ এটা মন্দিৰত স্থাপন কৰি পূজা-অৰ্চনা কৰি থকা হৈছে। তেওঁ অসম চৰকাৰৰ সৈতে যোগাযোগ কৰি বহু কষ্টে যোগীজানৰ ঐতিহাসিক সমলেৰে পূৰ্ণ অঞ্চলটো প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষণ কৰায়। বৰ্তমান সেই ঠাইলৈ ইংলেণ্ড, ছুইজাৰলেণ্ড আদি দেশৰ উপৰি ভাৰতৰো বহু গৱেষক ছাত্ৰই গৱেষণাৰ বাবে আহে। সংৰক্ষিত সেই থলীতে তেওঁ এটি “ভাস্কৰ্য বীথিকা’’ স্থাপন কৰে।১
সাহিত্য কৃতি
বিশ্বৰ মানৱ সভ্যতাৰ ৰেঙনিত এভূমুকি নামৰ এখন উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰে, যিখন প্ৰত্নতত্ত্ব সম্পৰ্কীয় দলিল হিচাপে বিবেচিত হয়।১
বঁটা-সন্মান
২০১৩ চনত “শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সংঘ’’ই ডেকাগিৰী বঁটা-২০১১, ২০২৩ চনত ওম প্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণি ন্যাসে জীৱনজোৰা সাধনা বঁটা, ২০২০ চনত অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে ঐতিহ্য মিত্ৰ বঁটা-২০২০ প্ৰদান কৰাৰ উপৰি মণিপুৰৰ মণিপুৰী মাতৃ সংস্থাই ৰজাদিনীয়া চাদৰ আৰু মণিপুৰী শৰাইৰ লগতে প্ৰশস্তি পত্ৰেৰে সন্মান যাচে।১
মৃত্যু
২০২৬ চনৰ ১২ মাৰ্চত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ নিশা ১০-৩০ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।১
তথ্যসূত্ৰ
- ↑ তামূলী ফুকন, তোষেশ্বৰ. (২০২৬). যোগী নৈৰ পাৰৰ জ্ঞান তপস্বী কৃষ্ণ কুমাৰ সিংহ. প্ৰান্তিক. পৃ. ৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ কুমাৰ সিংহ” প্ৰবন্ধৰ সংশোধন ৬০৫৪৫৪ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।