অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কিলা ৰায়পুৰ

কিলা ৰায়পুৰ বা কিলা ৰাইপুৰ ভাৰতৰ পঞ্জাব ৰাজ্যৰ লুধিয়ানা জিলাৰ এখন উল্লেখযোগ্য গাঁও। গাঁওখন লুধিয়ানা চহৰৰপৰা প্ৰায় ১৯–২০ কিলোমিটাৰ দূৰত অৱস্থিত। গাঁওখনত প্ৰতি বছৰে অনুষ্ঠিত হোৱা কিলা ৰায়পুৰ ক্ৰীড়া উৎসৱৰ বাবে ই বিশেষভাৱে জনাজাত। এই উৎসৱক সাধাৰণতে গ্ৰাম্য অলিম্পিক নামেৰে জনা যায়।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৬ ৮৬৯ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কিলা ৰায়পুৰ বা কিলা ৰাইপুৰ ভাৰতৰ পঞ্জাব, ভাৰত ৰাজ্যৰ লুধিয়ানা জিলাৰ এখন উল্লেখযোগ্য গাঁও। গাঁওখন লুধিয়ানা চহৰৰপৰা প্ৰায় ১৯–২০ কিলোমিটাৰ দূৰত অৱস্থিত।১২ গাঁওখনত প্ৰতি বছৰে অনুষ্ঠিত হোৱা কিলা ৰায়পুৰ ক্ৰীড়া উৎসৱৰ বাবে ই বিশেষভাৱে জনাজাত। এই উৎসৱক সাধাৰণতে গ্ৰাম্য অলিম্পিক নামেৰে জনা যায়।৩

কিলা ৰায়পুৰৰ ক্ৰীড়া উৎসৱ পঞ্জাবৰ গ্ৰাম্য ক্ৰীড়া আৰু সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। ইয়াত দৌৰ, কাবাডী, হকী, মল্লযুঁজ, ৰছী টনা আৰু বিভিন্ন পৰম্পৰাগত ক্ৰীড়াৰ লগতে পশু-ভিত্তিক প্ৰতিযোগিতাও অনুষ্ঠিত হয়।৪

নামৰ উৎপত্তি

কিলা ৰায়পুৰ নামটো হিন্দী ভাষাৰ কিলা শব্দৰপৰা অহা বুলি ধৰা হয়। কিলা শব্দৰ অৰ্থ দুৰ্গ। গাঁওখনৰ প্ৰতিষ্ঠাপক ৰায় লালাৰ নামৰ সৈতে ৰায়পুৰ নামটো জড়িত। গাঁওখনৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা কেইবাটাও প্ৰতিৰক্ষা দুৰ্গৰ সৈতে ইয়াৰ নামৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰা হৈছে।৫

ভূগোল

কিলা ৰায়পুৰ প্ৰায় স্থানাংকত অৱস্থিত।৬ ই লুধিয়ানা চহৰৰপৰা প্ৰায় ১৯ কিলোমিটাৰ দূৰত অৱস্থিত।৭

গাঁওখন পঞ্জাবৰ গ্ৰাম্য অঞ্চলৰ পৰিৱেশৰ মাজত অৱস্থিত। ইয়াৰ কাষৰ অঞ্চলত কৃষিকাৰ্য প্ৰধান জীৱিকাৰূপে পৰিগণিত হয়। কিলা ৰায়পুৰৰ পৰিচয় ইয়াৰ কৃষিভিত্তিক সমাজ আৰু পৰম্পৰাগত ক্ৰীড়া সংস্কৃতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

কিলা ৰায়পুৰ ক্ৰীড়া উৎসৱ

কিলা ৰায়পুৰ ক্ৰীড়া উৎসৱ পঞ্জাবৰ অন্যতম জনপ্ৰিয় গ্ৰাম্য ক্ৰীড়া অনুষ্ঠান। ইয়াক গ্ৰাম্য অলিম্পিক বুলিও কোৱা হয়। উৎসৱটো সাধাৰণতে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয়।৮

উৎসৱৰ প্ৰথম অনুষ্ঠান ১৯৩৩ চনত অনুষ্ঠিত হৈছিল। কিলা ৰায়পুৰৰ বাসিন্দা ইন্দৰ সিং গ্ৰেৱালে গ্ৰাম্য ক্ৰীড়া আৰু পঞ্জাবী পৰম্পৰাগত সংস্কৃতিক উৎসাহিত কৰাৰ উদ্দেশ্যে এই ক্ৰীড়া অনুষ্ঠান আৰম্ভ কৰিছিল। গ্ৰেৱাল ক্ৰীড়া সংস্থাই বহু বছৰ ধৰি এই উৎসৱৰ আয়োজন কৰিছিল।৯

প্ৰথম অৱস্থাত এই অনুষ্ঠানত মল্লযুঁজ আৰু অন্যান্য গ্ৰাম্য ক্ৰীড়াই প্ৰধান স্থান লাভ কৰিছিল। পাছলৈ ইয়াত বিভিন্ন দৌৰ, হকী, কাবাডী, ৰছী টনা, চাইকেল ৰেচ, মল্লযুঁজ আৰু অন্যান্য ক্ৰীড়া সংযোজন কৰা হয়।১০

উৎসৱৰ অন্যতম বিখ্যাত প্ৰতিযোগিতা হৈছে ষাঁড়গাড়ী ৰেচ। ইয়াৰ উপৰি ঘোঁৰা, উট, খচ্চৰ আৰু কুকুৰৰ সৈতে জড়িত বিভিন্ন প্ৰতিযোগিতাও ইয়াৰ আকৰ্ষণৰ অংশ। কিছুমান পৰম্পৰাগত শক্তি প্ৰদৰ্শনৰ অনুষ্ঠানতো প্ৰতিযোগীসকলে নিজৰ শাৰীৰিক শক্তি আৰু দক্ষতা প্ৰদৰ্শন কৰে।

এই উৎসৱত পঞ্জাবী লোকসংস্কৃতিৰ বিভিন্ন দিশো প্ৰদৰ্শিত হয়। লোকগীত, ঢোল, ভাংৰা, গিদ্ধা আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীয়ে উৎসৱটোক কেৱল ক্ৰীড়া অনুষ্ঠানতে সীমাবদ্ধ নাৰখি এক বৃহৎ গ্ৰাম্য উৎসবলৈ পৰিণত কৰিছে।১১

উৎসৱৰ ইতিহাস

১৯৩৩ চনত আৰম্ভ হোৱা কিলা ৰায়পুৰ ক্ৰীড়া উৎসৱে সময়ৰ লগে লগে ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ১৯৪০-ৰ দশকৰপৰা পশু-ভিত্তিক বিভিন্ন ক্ৰীড়া ইয়াৰ সৈতে জড়িত হয়। ষাঁড়গাড়ী ৰেচ উৎসৱৰ অন্যতম প্ৰধান আকৰ্ষণত পৰিণত হয়।

উৎসৱটোৱে গ্ৰাম্য পঞ্জাবৰ লোকসকলক ক্ৰীড়াৰ জৰিয়তে একত্ৰিত কৰাৰ লগতে পৰম্পৰাগত ক্ৰীড়া আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণত ভূমিকা পালন কৰিছে। উৎসবলৈ পঞ্জাবৰ বিভিন্ন অঞ্চলৰ খেলুৱৈ আৰু দৰ্শক অহাৰ উপৰি বিদেশৰপৰাও ক্ৰীড়াপ্ৰেমী অহা দেখা যায়।

ষাঁড়গাড়ী ৰেচ

ষাঁড়গাড়ী ৰেচ কিলা ৰায়পুৰ ক্ৰীড়া উৎসৱৰ আটাইতকৈ জনপ্ৰিয় পৰম্পৰাগত প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম। এই প্ৰতিযোগিতাত ষাঁড়ে টনা গাড়ীত প্ৰতিযোগীসকলে ৰেচত অংশগ্ৰহণ কৰে।

২০১৪ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পশুৰ ওপৰত নিষ্ঠুৰতা সম্পৰ্কীয় সিদ্ধান্তৰ পিছত ষাঁড়গাড়ী ৰেচ বন্ধ হৈ পৰে। ইয়াৰ ফলত কিলা ৰায়পুৰৰ উৎসৱৰ অন্যতম পৰিচিত প্ৰতিযোগিতা বহু বছৰ ধৰি অনুষ্ঠিত নহ'ল।১২

২০২৪ চনত পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ সম্পৰ্কীয় পঞ্জাবৰ সংশোধনী আইনে ষাঁড়গাড়ী ৰেচ পুনৰ আৰম্ভ কৰাৰ পথ মুকলি কৰে।১৩

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰায় ১২ বছৰৰ বিৰতিৰ পিছত কিলা ৰায়পুৰত পুনৰ ষাঁড়গাড়ী ৰেচ অনুষ্ঠিত হয়। সেই বছৰ অনুষ্ঠিত হোৱা উৎসৱটো আছিল ৮৬সংখ্যক বাৰ্ষিক ক্ৰীড়া উৎসৱ।১৪

ক্ৰীড়া

কিলা ৰায়পুৰ ক্ৰীড়া উৎসৱত আধুনিক আৰু পৰম্পৰাগত দুয়ো ধৰণৰ ক্ৰীড়া অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত আছে—

  • দৌৰ
  • হকী
  • কাবাডী
  • মল্লযুঁজ
  • ৰছী টনা
  • চাইকেল ৰেচ
  • ষাঁড়গাড়ী ৰেচ
  • ঘোঁৰা ৰেচ
  • উট ৰেচ
  • কুকুৰ ৰেচ
  • বিভিন্ন শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতা

২০২৫ চনৰ চৰকাৰী অনুষ্ঠানসূচীত পুৰুষ আৰু মহিলাৰ ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ আৰু ১৫০০ মিটাৰ দৌৰ, দীঘল জাঁপ, উচ্চ জাঁপ, হকী, কাবাডী, ৰছী টনা, চাইকেল দৌৰ আৰু মল্লযুঁজ আদি অন্তৰ্ভুক্ত আছিল।১৫

পৰিবহণ

কিলা ৰায়পুৰ পথ আৰু ৰে'লপথেৰে ভালদৰে সংযুক্ত। গাঁওখনত এটা ৰে'ল ষ্টেচন আছে। এই ষ্টেচনৰ মাজেৰে জলন্ধৰ, ফিৰোজপুৰ, ধুৰী আৰু দিল্লী আদি স্থানলৈ যোৱা ৰে'ল চলাচল কৰে।

গাঁওখনৰ সৈতে লুধিয়ানা, ধুৰী, হিছাৰ, মথুৰা, লেহৰাগাগা, আহমদগড়, গিল, বাড্ডোৱাল আৰু ৰোহিৰা আদি স্থানৰ ৰে'ল আৰু পথ যোগাযোগ আছে।

ব্ৰিটিছ শাসনকালত গাঁওখনত ৰে'ল ষ্টেচনটো স্থাপন কৰা হৈছিল। সেই সময়ছোৱাতে গাঁওখনৰ চৰকাৰী নামো ব্যৱহাৰত আহিছিল বুলি উল্লেখ কৰা হয়।

কিলা ৰায়পুৰ পাখোৱাল–সাহনেৱাল পথৰ ওচৰত অৱস্থিত। মালেৰকোটলা–লুধিয়ানা ঘাইপথো গাঁওখনৰ ওচৰতে আছে।

নিকটতম বিমানবন্দৰ হৈছে শ্বহীদ কৰ্তাৰ সিং সৰাভা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, হালৱাৰা।

শিক্ষা

কিলা ৰায়পুৰ গাঁৱৰ সাক্ষৰতা হাৰ পঞ্জাবৰ সামগ্ৰিক সাক্ষৰতা হাৰতকৈ অধিক। ২০১১ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ সাক্ষৰতা হাৰ ৭৯.৩০ শতাংশ আছিল। একে সময়তে পঞ্জাবৰ সাক্ষৰতা হাৰ আছিল ৭৫.৮৪ শতাংশ। গাঁওখনত পুৰুষৰ সাক্ষৰতা হাৰ ৮২.৮৩ শতাংশ আৰু মহিলাৰ সাক্ষৰতা হাৰ ৭৫.৪৯ শতাংশ আছিল।১৬

গাঁওখনত মুঠ পাঁচখন বিদ্যালয় আছে—

  • নানকানা চাহিব জ্যেষ্ঠ মাধ্যমিক ৰাজহুৱা বিদ্যালয় — ১৯৮৬ চনত স্থাপিত। দ্বাদশ শ্ৰেণীলৈকে শিক্ষা দিয়া হয়।
  • খালছা বালিকা উচ্চ বিদ্যালয় — চৰকাৰৰ সাহায্যপ্ৰাপ্ত বিদ্যালয়।
  • চৰকাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় — ষষ্ঠৰপৰা দ্বাদশ শ্ৰেণীলৈ।
  • চৰকাৰী প্ৰাথমিক বিদ্যালয় — ল'ৰাৰ বাবে, পঞ্চম শ্ৰেণীলৈ।
  • চৰকাৰী প্ৰাথমিক বিদ্যালয় — ছোৱালীৰ বাবে, পঞ্চম শ্ৰেণীলৈ।

প্ৰশাসন

কিলা ৰায়পুৰ গাঁওখন এখন স্থানীয় গ্ৰাম পঞ্চায়তৰদ্বাৰা পৰিচালিত। পঞ্চায়তখনত ১১জন সদস্য থাকে আৰু প্ৰতিজন সদস্যই এটা ৱাৰ্ডক প্ৰতিনিধিত্ব কৰে।

গাঁওখন গিল বিধানসভা সমষ্টি আৰু লুধিয়ানা লোকসভা সমষ্টিৰ অন্তৰ্গত।

ৰাজনীতি

গাঁওখনৰ সৰপঞ্চ হৈছে যশবীৰ কৌৰ। গাঁওখনৰ প্ৰায় ৫০ শতাংশ ৱাৰ্ড মহিলাই প্ৰতিনিধিত্ব কৰে। প্ৰায় ৩৩ শতাংশ ৱাৰ্ড অনুসূচিত জাতিৰ লোকসকলে প্ৰতিনিধিত্ব কৰে।

২০২৪ চনৰ অক্টোবৰ মাহত গাঁওখনৰ সৰ্বশেষ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচন দলীয় প্ৰতীকৰ ভিত্তিত অনুষ্ঠিত হোৱা নাছিল।

২০২৫ চনৰ ব্লক সমিতিৰ নিৰ্বাচনত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীয়ে ২২০টা ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দ্বিতীয় আৰু শিৰোমণি আকালি দলৰ প্ৰাৰ্থী তৃতীয় স্থানত আছিল।

জনসংখ্যা

২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি কিলা ৰায়পুৰৰ মুঠ জনসংখ্যা ৬,২০৫ জন। গাঁওখনৰ জনসাধাৰণৰ প্ৰধান ভাষা পঞ্জাবী।১৭

সংস্কৃতি

কিলা ৰায়পুৰৰ পৰিচয় পঞ্জাবৰ গ্ৰাম্য সংস্কৃতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ক্ৰীড়া উৎসৱৰ সময়ত গাঁওখনত পৰম্পৰাগত পঞ্জাবী ক্ৰীড়া, সংগীত, নৃত্য আৰু খাদ্য-সংস্কৃতিৰ প্ৰদৰ্শন হয়।

ক্ৰীড়া উৎসৱে কৃষক, খেলুৱৈ আৰু গ্ৰাম্য সমাজৰ লোকসকলক একে স্থানত সমবেত কৰে। ইয়াৰ ফলত কিলা ৰায়পুৰ পঞ্জাবৰ গ্ৰাম্য ক্ৰীড়া পৰ্যটনৰো এটা উল্লেখযোগ্য স্থান হিচাপে পৰিচিত হৈছে।

তথ্যসূত্ৰ

  1. ↑ (2006). Punjab Travel Guide. Good Earth. পৃ. 161. ISBN 978-93-80262-17-8
  2. ↑ (1970). Punjab District Gazetteers: Ludhiana. Controller of Print. and Stationery. পৃ. 246
  3. ↑ Qila Raipur Rural Olympics 2025. utsৱ
  4. ↑ Qila Raipur Rural Olympics 2025. utsav.gov.in
  5. ↑ क़िला (qila). Shabdkosh
  6. ↑ গুগল মানচিত্ৰ
  7. ↑ (1970). Punjab District Gazetteers: Ludhiana. Controller of Print. and Stationery. পৃ. 246
  8. ↑ Qila Raipur Rural Olympics 2025. utsav.gov.in
  9. ↑ Bullock cart races return to Punjab’s Kila Raipur Rural Olympics after 12 years. Indian Express
  10. ↑ Qila Raipur Rural Olympics 2025. utsav.gov.in
  11. ↑ Qila Raipur Rural Olympics 2025. utsav.gov.in
  12. ↑ (14 May 2024). President’s assent paves way for bullock cart races at Kila Raipur. Hindustan Times
  13. ↑ (14 May 2024). President’s assent paves way for bullock cart races at Kila Raipur. Hindustan Times
  14. ↑ (17 February 2026). Kila Raipur sports festival begins today; farmers set for cart race, bulls to debut. Indian Express
  15. ↑ Qila Raipur Rural Olympics 2025. utsav.gov.in
  16. ↑ Census data 2011 for Qilla Raipur
  17. ↑ Census data 2011 for Qilla Raipur

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিলা ৰায়পুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫২৮৯ (১৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।