কাশীনাথ দ্বিজ তামুলী ফুকন' (আনু. ১৮১০ - আনু. ১৮৭০-৮০) পুৰন্দৰ সিংহৰ ৰাজসভাৰ বিষয়া আছিল। শিৱসাগৰৰ কাকতি বংশৰ শ্ৰীনাথৰ পুত্ৰ আছিল। পুৰন্দৰ সিংহৰ নিৰ্দেশত ৰাধানাথ বৰবৰুৱা আৰু টাই-আহোম ভাষা জনা বাইলুং পণ্ডিতৰ সহায়ত 'আসাম বুৰঞ্জী' ৰচনা কৰিছিল। ১৮৪৪ চনত আমেৰিকান বেপ্তিষ্ট মিছনে এই কিতাপখন ছপাই উলিয়ায়। এই 'আসাম বুৰঞ্জী'ৰ আলমতে হৰকান্ত সদৰামীন ডাঙৰীয়াই 'অসম বুৰঞ্জী' ৰচনা কৰে। ইংৰাজৰ অধীনত শিৱসাগৰ কাছাৰীৰ মুন্সিফ হৈছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশীনাথ দ্বিজ তামুলী ফুকন” প্ৰবন্ধৰ সংশোধন ৩৩৩৯১৬ (২৭ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।