অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাদিয়াম কাব্য

কাদিয়াম কাব্য:Kadiyam Kavya; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ৱাৰংগল লোকসভা সমষ্টিৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী। তেওঁ জ্যেষ্ঠ ৰাজনীতিবিদ কাদিয়াম শ্ৰীহৰীৰ কন্যা

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

কাদিয়াম কাব্য:Kadiyam Kavya; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ৱাৰংগল লোকসভা সমষ্টিৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী।১ তেওঁ জ্যেষ্ঠ ৰাজনীতিবিদ কাদিয়াম শ্ৰীহৰীৰ কন্যা২৩

ৰাজনৈতিক জীৱন

কাব্যই তেওঁৰ পিতৃ কাদিয়াম শ্ৰীহৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী স্বৰূপে পিতৃৰ পৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁৰ দাতব্য সংস্থা কাদিয়াম ফাউণ্ডেশ্যনৰ জৰিয়তে বছৰ বছৰ ধৰি ৰাজহুৱা জীৱনত সক্ৰিয় হৈ আছিল।৪ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সেই সময়ত কৰ্মৰত সাংসদ পছুনুৰী দয়াকৰৰ ঠাইত বি আৰ এছে কাব্যক ৱাৰংগলক লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰিছিল। প্ৰাৰ্থীত্ব ঘোষণা কৰাৰ পিছত তেওঁ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছিল।৫ পিছলৈ কাদিয়াম কাব্যই ৩১ মাৰ্চত মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া দীপা দাসমুন্সিৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে।৬

১ এপ্ৰিলত এআইচিচিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে কাদিয়াম কাব্যৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ সদস্য কাব্যই ৫,৮১,২৯৪ টা (৪৫.৮৫%) ভোট লাভ কৰি নিৰ্ণায়ক বিজয় লাভ কৰে, তাৰ পিছতে বিজেপিৰ অৰুৰী ৰমেশে ৩,৬০,৯৫৫ ভোট (২৮.৪৭%), আৰু ভাৰত ৰাষ্ট্ৰ সমিতিৰ ড° মৰাপল্লী সুধীৰ কুমাৰে ২,৩২,০৩৩ টা ভোট লাভ কৰে (১৮.৩%)।৭ কাদিয়াম কাব্যই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ অৰুৰী ৰমেশক পৰাস্ত কৰি ২,২০,৩৩৯ৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে ৱাৰংগল সংসদীয় আসনত জয়লাভ কৰে।

লগতে চাওক

  • flag ভাৰত পৰ্টেল
  • icon ৰাজনীতি পৰ্টেল
  • ১৮ সংখ্যক লোকসভা

তথ্যসূত্ৰ

  1. ↑ Election Commission of India. (4 June 2024). 2024 Warangal Loksabha Election Results
  2. ↑ Reddy, R. Ravikanth. (31 March 2024). Kadiyam Srihari, daughter Kavya desert BRS, join Congress. The Hindu
  3. ↑ India Today. (13 July 2024). Doctors · Healthy corps
  4. ↑ (28 May 2019). A doctor's grit to bring in a change:Warangal
  5. ↑ The Hindu. (29 March 2024). BRS suffers big jolt as Kadiyam Kavya opts out of Lok Sabha poll fray
  6. ↑ The New Indian Express. (1 April 2024). Former Telangana deputy CM Kadiyam, Kavya join Congress
  7. ↑ Election Commission of India. (4 June 2024). 2024 Warangal Loksabha Election Results

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাদিয়াম কাব্য” প্ৰবন্ধৰ সংশোধন ৪৮৭৯২৩ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।