ম্যানমাৰৰ প্ৰশাসনীয় বিভাগ
৮ প্ৰবন্ধ
-
কাচিন ৰাজ্য
কাচিন ৰাজ্য হ'ল ম্যানমাৰৰ এখন ৰাজ্য। ই ম্যানমাৰৰ উত্তৰ অংশত অৱস্থিত। এই ৰাজ্যৰ উত্তৰ আৰু পূৰ্ব দিশত চীন অৱস্থিত। দক্ষিণ দিশত অৱস্থিত শাহ ৰাজ্য। পশ্চিম দিশত ভাৰত আৰু ছাঘাইন অৱস্থিত। ৰাজ্যটিৰ মুঠ কালি হ'ল ৮৯,০৪১.৮ বৰ্গ কিলোমিটাৰ বা ৩৪,৩৭৯.২ বৰ্গ মাইল।
-
চিন ৰাজ্য
চিন ৰাজ্য (ချင်းပြည်နယ်) হৈছে পশ্চিম ম্যানমাৰৰ এখন ৰাজ্য। চিন ৰাজ্যৰ পূবে সাগাইং বিভাগ আৰু মাগৱে বিভাগ, দক্ষিণে ৰাখাইন ৰাজ্য, পশ্চিমে বাংলাদেশৰ চট্টগ্ৰাম বিভাগ, আৰু পশ্চিমে ভাৰতৰ মিজোৰাম আৰু উত্তৰে মণিপুৰ ৰাজ্য। ২০১৪ চনৰ লোকপিয়ল অনুসৰি চিন ৰাজ্যৰ জনসংখ্যা প্ৰায় ৪ লাখ ৭৮ হাজাৰ ৮০১ জন।
-
ছিট্টৱে জিলা
ছিট্টৱে জিলা (စစ်တွေခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ কেন্দ্ৰ ছিট্টৱেত অৱস্থিত।
-
কিয়াউকপিউ জিলা
কিয়াউকপিউ জিলা (ကျောက်ဖြူခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ সদৰ কিয়াউকফিউত অৱস্থিত।
-
থাণ্ডৱে জিলা
থাণ্ডৱে জিলা (သံတွဲခရိုင်) পশ্চিম ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। জিলাখনৰ সদৰ হৈছে থাণ্ডৱে। ২০১৫ চনৰ জনগণনা অনুসৰি ইয়াৰ জনসংখ্যা আছিল ৩৫৭,৮৪০ জন।
-
মেগৱে অঞ্চল
মেগৱে অঞ্চল (မကွေးတိုင်းဒေသကြီး; পূৰ্বৰ মেগৱে বিভাগ) হৈছে মধ্য ম্যানমাৰৰ এটা প্ৰশাসনিক বিভাগ। ম্যানমাৰৰ সাতটা বিভাগৰ ভিতৰত ই দ্বিতীয় বৃহত্তম বিভাগ, যাৰ আয়তন ৪৪,৮২০ কিলোমিটাৰ বৰ্গমাইল (১৭,৩০৬ বৰ্গমাইল)। পা ডেল বান্ধ (ပဒဲဆည်) হৈছে মেগৱে বিভাগৰ অংলান টাউনশ্বিপৰ অন্যতম নদীবান্ধ।
-
ম্ৰাউক-উ জিলা
ম্ৰাউক-উ জিলা (မြောက်ဦးခရိုင်) ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ এখন নতুনকৈ সৃষ্টি হোৱা জিলা। যিটো পূৰ্বতে ছিট্টৱে জিলাৰ অংশ আছিল। ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ হৈছে ম্ৰাউক-উ। ম্ৰাউক-উত আনুষ্ঠানিকভাৱে ২৫টা পাহাৰৰ নামকৰণ কৰা হৈছে। কেমা টাউং এই জিলাৰ সৰ্বোচ্চ স্থান। য়ুলিন জং হৈছে আটাইতকৈ ডাঙৰ পৰ্বত।
-
ম্যানমাৰৰ টাউনশ্বিপসমূহ
টাউনশ্বিপ (မြို့နယ်) হৈছে ম্যানমাৰৰ তৃতীয় পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। লগতে ই ম্যানমাৰৰ জিলাসমূহৰ মহকুমা। ম্যানমাৰ তথ্য ব্যৱস্থাপনা ইউনিট (মিমু)ৰ তথ্য অনুসৰি ২০১৫ চনৰ ডিচেম্বৰ মাহলৈকে ম্যানমাৰত ৩৩০খন টাউনশ্বিপ আছে।