কল্যাণী ঘোষ, জন্ম: ১৯৪৬ চন, বাংলাদেশৰ এগৰাকী কণ্ঠশিল্পী। বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত স্বাধীন বাংলা বেতাৰ কেন্দ্ৰৰ তেওঁ এগৰাকী তালিকভুক্ত শিল্পী আছিল। সংগীতৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে ২০২৪ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশে পদক বঁটা প্ৰদান কৰে।১২৩
জীৱনী
কল্যাণী ঘোষৰ জন্ম হৈছিল ১৯৪৬ চনত বৰ্তমানৰ চট্টগ্ৰাম জিলাৰ ৰাওজান উপাজিলাৰ এটা সংগীত ঐতিহ্যপূৰ্ণ পৰিয়ালত। দেউতাকৰ নাম মনোমোহন চৌধুৰী আৰু মাকৰ নাম লীলাবতী চৌধুৰী। মাক-দেউতাকৰ আঠটা সন্তানৰ ভিতৰত কল্যাণীসহ ছয়জনেই স্বাধীন বাংলা বেতাৰ কেন্দ্ৰৰ শিল্পী হিচাপে জড়িত; তাৰ ভিতৰত কল্যাণীকে ধৰি উমা খান, প্ৰবাল চৌধুৰী, স্বপন চৌধুৰী, দেৱী চৌধুৰী, আৰু পূৰ্ণিমা দাস। কল্যাণীয়ে পাঁচ বছৰ বয়সৰপৰাই মাকৰপৰা সংগীত শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰথম শিক্ষাৰ্থী দলৰ ছাত্ৰী আছিল।৪
১৯৭১ চনত বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ঘোষে চট্টগ্ৰামৰ প্ৰতিষ্ঠিত ছেইণ্ট প্লেচিড স্কুলত শিক্ষকতা কৰি আছিল। বাংলাদেশৰ স্বাধীনতাৰ পিছত বাংলাদেশ টেলিভিছন আৰু বাংলাদেশ বেতাৰত তেওঁ নিয়মীয়া সংগীত শিল্পী হিচাপে তালিকাভুক্ত হৈছিল। পিছলৈ ২০০৫ চনত বাংলা একাডেমীৰ উপ-সঞ্চালক হিচাপে কাম কৰে আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে।৫
গীত আৰু বঁটা
কল্যাণী ঘোষক ২০২৪ চনত বাংলাদেশ চৰকাৰে একুশে পদক প্ৰদান কৰিছিল। তদুপৰি তেওঁ 'বাংলাদেশ শিল্পকলা একাডেমী বঁটা' আৰু 'শ্বহিদ স্মৃতি সাংস্কৃতিক পৰিষদ বঁটা'ও লাভ কৰে। ভাৰত, আমেৰিকা, যুক্তৰাজ্যকে ধৰি বিশ্বৰ বহু দেশত ঘোষে কণ্ঠদান কৰিছে। স্বাধীনতাৰ গান আৰু আমাৰ সোনাৰ বাংলাকে ধৰি কেইবাটাও সংগীতৰ এলবাম মুকলি কৰিছে কল্যাণীয়ে।
তথ্যসূত্ৰ
- ↑ (2024-02-13). 21 eminent personalities to be honoured with the Ekushey Padak 2024. The Daily Star
- ↑ Ekushey Padak 2024. The Daily Star
- ↑ bn:একুশে পদকপ্ৰাপ্তদেৰ তালিকা. Ministry of Cultural Affairs
- ↑ (13 February 2024). bn:জীৱন সায়াহ্নে ৰাষ্ট্ৰীয় স্বীকৃতি পেলেন কল্যাণী ঘোষ. Daily Desh Rupantor
- ↑ bn:মুক্তিযুদ্ধেৰ ঘটনা শুধু নিৰ্বাক স্মৃতি॥ কল্যাণী ঘোষ. Janakantha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্যাণী ঘোষ” প্ৰবন্ধৰ সংশোধন ৬০২০৫৫ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।