অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা বেনিৱাল

কমলা বেনিৱাল(:Kamla Beniwal১২ জানুৱাৰী ১৯২৭ – ১৫ মে' ২০২৪), এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ সদস্য আছিল। ২০০৩ চনত তেওঁ বিভিন্ন পদত মন্ত্ৰী আৰু ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৫ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কমলা বেনিৱাল(:Kamla Beniwal১২ জানুৱাৰী ১৯২৭ – ১৫ মে' ২০২৪), এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল।১ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ সদস্য আছিল।২ ২০০৩ চনত তেওঁ বিভিন্ন পদত মন্ত্ৰী আৰু ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ পিছলৈ ২০০৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেখেতে ১৯৫৪ চনত ২৭ বছৰ বয়সত ৰাজস্থান চৰকাৰৰ মন্ত্ৰী হোৱাৰ লগতে ৰাজস্থানৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী হোৱাৰ গৌৰৱ লাভ কৰিছল। উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ৰাজ্যৰ প্ৰথমগৰাকী মহিলা গৱৰ্ণৰ হোৱাৰ সন্মানো তেওঁৰেই আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰা তাম্ৰ পাত্ৰ বঁটা লাভ কৰিছিল।৪

কমলা বেনিৱাল (১২ জানুৱাৰী ১৯২৭ – ১৫ মে' ২০২৪) এজনী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ সদস্য আছিল। তেওঁ বিভিন্ন মন্ত্ৰালয়ত মন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০০৩ চনত ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী ৰূপেও দায়িত্ব পালন কৰিছিল। পিছত, ২০০৯ ৰ পৰা ২০১৪ চনৰ ভিতৰত তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল।

জীৱন আৰু জীৱিকা

বেনিৱালে ১৯২৭ চনৰ ১২ জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ ৰাজপুতনা এজেন্সীৰ গোৰিৰত জাট৫ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৬ নৱভাৰত টাইমছৰ মতে বেনিৱালে মাত্ৰ ১৫ বছৰ বয়সত কিশোৰী অৱস্থাতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। ৪

১৯৫৪ চনত ২৭ বছৰ বয়সত বিধানসভাৰ নিৰ্বাচনত জয়ী হৈ ৰাজস্থান ৰাজ্য চৰকাৰৰ মন্ত্ৰী হয়। বেনিৱাল ১৯৫৪ চনৰ পৰা ৰাজস্থানৰ একেৰাহে কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হিচাপে গৃহ, চিকিৎসা আৰু স্বাস্থ্য, শিক্ষা আৰু কৃষিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল। তেওঁ অশোক গেহলট চৰকাৰৰ ৰাজহ মন্ত্ৰী আছিল।

১৯৮০ চনৰ পৰা ১৯৯০ চনলৈকে এক দশক ধৰি ৰাজস্থান চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। এই সময়ছোৱাত তেওঁ কৃষি, পশুপালন, জলসিঞ্চন, শ্ৰম আৰু নিয়োগ, শিক্ষা, কলা আৰু সংস্কৃতি, পৰ্যটন আৰু সংহত গ্ৰাম্য উন্নয়নৰ দৰে এক নিৰ্মল বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’ লাভ কৰিছিল।

১৯৯৩ চনত তেওঁ মন্ত্ৰীত্বৰ পদবীত নাছিল যদিও জয়পুৰৰ বৈৰাথ (বৰ্তমান বিৰাটনগৰ)ৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮ চনত পুনৰ কেবিনেট মন্ত্ৰী হয়, আৰু ২০০৩ চনৰ পৰা ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী হিচাবে কাৰ্য্য নিৰ্বাহ কৰিছিল।

দীৰ্ঘদিনীয়া কৰ্মজীৱনত তেওঁ ৰাজ্যিক কংগ্ৰেছ দলৰ কাৰ্য্যকলাপৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সদস্য আছিল। ১৯৭৭ চনৰ নিৰ্বাচনৰ সময়ত প্ৰদেশ কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদিকা হিচাপে গ্ৰহণ কৰা দলীয় পদসমূহৰ ভিতৰত ৰাজস্থান কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য, ৰাজস্থান মহিলা কংগ্ৰেছৰ সভানেত্ৰী, ৰাজস্থান প্ৰদেশ নিৰ্বাচন সমিতিৰ সদস্য, আৰু তাৰ পিছত নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ আছিল।

বেনিৱাল দীৰ্ঘদিন ধৰি ৰাজস্থানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী হৈ বিভিন্ন কেবিনেট পদত অধিষ্ঠিত আছিল। মন্ত্ৰী হিচাপে প্ৰায় ৫০ বছৰ ৰাজস্থান চৰকাৰত সেৱা আগবঢ়াইছিল।

২০০৯ চনৰ অক্টোবৰ মাহত তেওঁ ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে। উত্তৰ-পূব ভাৰতৰ যিকোনো ৰাজ্যৰ প্ৰথম মহিলা গৱৰ্ণৰ।৭ এমাহৰ পিছত ২০০৯ চনৰ ২৭ নৱেম্বৰত গুজৰাটৰ ৰাজ্যপালহিচাপে নিযুক্তি লাভ কৰে আৰু তাত চাৰি বছৰতকৈ অধিক সময় কাৰ্যনিৰ্বাহ কৰে। ২০১৪ চনৰ ৬ জুলাইত তেওঁক মিজোৰামৰ ৰাজ্যপালৰ পদলৈ বদলি কৰা হয়।৮ তেওঁৰ কাৰ্যকাল শেষ হ'বলৈ মাত্ৰ দুমাহ বাকী থকাৰ সময়তে তেওঁক পদৰ পৰা অপসাৰণ কৰা হয়।৯

জয়পুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত হঠাৎ হোৱা অসুস্থতাৰ বাবে তেওঁক ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতে ২০২৪ চনৰ ১৫ মে'ত ৯৭ বছৰ বয়সত বেনিৱালে ইহলীলা সম্বৰণ কৰে।১০১১

তথ্যসূত্ৰ

  1. ↑ (15 May 2024). Veteran Congress Leader Kamla Beniwal Dies In Jaipur Hospital. NDTV. PTI
  2. ↑ Who is Kamla Beniwal, and why was she sacked?. DNA India
  3. ↑ (15 December 2018). राजस्थान: 1952 से अब तक सिर्फ पांच डिप्टी सीएम बने, इस लिस्ट में शामिल हुए सचिन पायलट. Jansatta
  4. ↑ खुशेंद्र तिवारी. (15 May 2024). 15 की उम्र में भारत छोड़ो आंदोलन का हिस्सा रही हिस्सा, गुजरात में मोदी से टकराई, जानिए कौन हैं कमला बेनीवाल. Navbharat Times
  5. ↑ Rathore, L. S.; Saxena, K. S. (1987). Politics and Caste in Rajasthan. The Indian Journal of Political Science. পৃ. 449–457
  6. ↑ Governor of Mizoram. mizoram.nic.in
  7. ↑ Hindustan Times – Archive News. Hindustan Times
  8. ↑ Former Governor of Mizoram – Kamla Beniwal
  9. ↑ (7 August 2014). NDA government sacks shunted Governor Kamla Beniwal, puts envoys on notice. The Indian Express
  10. ↑ (15 May 2024). Ex-Gujarat governor Kamla Beniwal passes away. Rediff
  11. ↑ Meena, Prem. (15 May 2024). गुजरात की पूर्व राज्यपाल कमला बेनीवाल का निधन, मोदी से अनबन को लेकर चर्चा में रहीं थीं. Hindustan

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা বেনিৱাল” প্ৰবন্ধৰ সংশোধন ৪৭১৮৮৪ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।