কনক মূৰ্তি (ইংৰাজী ভাষা: Kanaka Murthy; ২ ডিচেম্বৰ ১৯৪২ – ১৪ মে’ ২০২১) এগৰাকী ভাৰতীয় ভাস্কৰ্যশিল্পী আছিল, যিয়ে মুখ্যত শিলৰ কাম কৰিছিল। তেওঁ তেওঁৰ কৰ্মৰ বাবে ভাৰতত কেইবাটাও বঁটা লাভ কৰিছিল, যাৰ ভিতৰত ২০১১ চনত জকনাচাৰী বঁটা আৰু ১৯৯৬ চনত ৰাজ্যোৎসৱ বঁটা অন্যতম। তেওঁৰ বহুকেইটা ভাস্কৰ্য ভাৰতৰ ৰাজহুৱা স্থানত, বিশেষকৈ উপাসনাৰ বাবে মন্দিৰসমূহত আৰু বেংগালুৰু চহৰৰ ৰাজহুৱা স্থাপনাসমূহৰ বাবে নিৰ্মাণ কৰা হৈছিল। তেওঁ ভাৰতীয় কলা আৰু ভাস্কৰ্যৰ বিষয়ে কেইবাখনো পুথিও ৰচনা কৰিছিল।
জীৱনী
মূৰ্তিৰ জন্ম হৈছিল ১৯৪২ চনৰ ২ ডিচেম্বৰত ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ মহীশূৰ জিলাৰ তিৰুমাকুদল নৰছিপুৰৰ এটা ব্ৰাহ্মণ পৰিয়ালত।১ তেওঁ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ মহীশূৰ জিলাৰ তিৰুমাকুদল নৰছিপুৰত জন্মগ্ৰহণ কৰিছিল।২৩ মূৰ্তিয়ে বেংগালুৰুৰ মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছিল, য'ৰপৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু পিছলৈ এখন কলা মহাবিদ্যালয় কালামন্দিৰত অধ্যয়ন কৰিছিল, য’ত তেওঁ চিত্ৰকলা, অংকন আৰু ভাস্কৰ্যৰ প্ৰশিক্ষণ লৈছিল।২ তেওঁ এজন সুপৰিচিত স্থানীয় ভাস্কৰ ডি বাদিৰাজৰ ওচৰতো ভাস্কৰ্য বিদ্যা অধ্যয়ন কৰিছিল।২ তেওঁ নাৰায়ণ মূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ ৰুমী হৰিশ আছিল।৪ ২০২১ চনৰ ১৪ মে’ত ৭৯ বছৰ বয়সত বেংগালুৰুত ক’ভিড-১৯ ত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।৫
কৰ্মজীৱন আৰু কৃতি
মূৰ্তিয়ে মুখ্যত শিলত কাম কৰিছিল, য'ত তেওঁ শিল-বালি, শ্বেল ষ্টোন আৰু গ্ৰেনাইট ব্যৱহাৰ কৰিছিল। যদিও তেওঁ ভাস্কৰ্যৰ হয়সালা শৈলীত প্ৰশিক্ষণ লৈছিল, তথাপি তেওঁ ভাস্কৰ্যৰ অন্যান্য ধাৰা আৰু ৰূপসমূহ অন্বেষণ কৰিছিল।৬ তেওঁ ব্ৰঞ্জ, ফাইবাৰ্গ্লাছ আৰু মাটিৰেও ভাস্কৰ্য নিৰ্মাণ কৰিছিল।৩ কৰ্ণাটক ৰাজ্যৰ ভাস্কৰ্য পৰম্পৰাৰ সৈতে সংগতি ৰাখি তেওঁ চিষ্ট শিলৰ সৈতেও কাম কৰিছিল।৭
মূৰ্তি তেওঁৰ শিলৰ আবক্ষ মূৰ্তিৰ বাবে জনাজাত আছিল। তেওঁ কেইবাজনো ধ্ৰুপদী কৰ্ণাটকী আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতজ্ঞৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰিছিল, যাৰ ভিতৰত গংগুবাঈ হাংগল, দৰৈস্বামী আয়েংগাৰ, টি চৌধিয়া, মল্লিকাৰ্জুন মনচুৰ আৰু ভীমসেন যোশী অন্যতম।২ তেওঁৰ কেইবাটাও শিলৰ আবক্ষ মূৰ্তি কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজহুৱা স্থানত স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত লালবাগ উদ্যানৰ পশ্চিম প্ৰৱেশদ্বাৰত থকা কবি আৰু সাহিত্যিক কুভেম্পুৰ আবক্ষ মূৰ্তি আৰু বিশ্বেশ্বৰায় ইণ্ডাষ্ট্ৰিয়েল এণ্ড টেকন’লজিকেল মিউজিয়ামৰ ৰাইট ভাতৃদ্বয়ৰ এটা ফাইবাৰ্গ্লাছৰ মূৰ্তি উল্লেখযোগ্য।৫৮ মুঠৰ ওপৰত, তেওঁৰ ২০০টা ভাস্কৰ্য ভাৰতৰ বিভিন্ন ৰাজহুৱা স্থানত স্থাপন কৰা হৈছে।৯
মূৰ্তিয়ে কেইবাটাও সাক্ষাৎকাৰত পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা ভাস্কৰ্য শিল্পৰ পেচাটোত এগৰাকী মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে কৈছিল।৫১০ তেওঁ কৰ্ণাটকৰ সেইসকল বিৰল মহিলাৰ ভিতৰত এজন আছিল যিয়ে মন্দিৰৰ ধৰ্মীয় উপাসনাৰ বাবে ভাস্কৰ্য নিৰ্মাণ কৰিছিল।৩৪ মূৰ্তিয়ে এইটোও উল্লেখ কৰিছিল যে মহীশূৰৰ ধৰ্মীয় ভাস্কৰ্য থকা মন্দিৰসমূহ দৰ্শন কৰাৰ পাছতেই তেওঁ ভাস্কৰ্য বিদ্যা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল।১১ তেওঁ নিৰ্মাণ কৰা কেইবাটাও হিন্দু দেৱ-দেৱীৰ মূৰ্তি উপাসনা স্থলীসমূহত স্থাপন কৰা হৈছে, যাৰ ভিতৰত আধ্যাত্মিক নেতা সত্য সাই বাবাৰ বাবে উছৰ্গিত পুট্টাপৰ্থীৰ এক ধৰ্মীয় প্ৰতিষ্ঠানৰ বাবে নিৰ্মাণ কৰা গণেশৰ আঠ ফুট উচ্চতাৰ মূৰ্তি অন্যতম।৬
তেওঁ এখন আত্মজীৱনীসহ চাৰিখন গ্ৰন্থও ৰচনা কৰিছিল।২ শিল্প ৰেখা নামৰ এখন গ্ৰন্থত কৰ্ণাটকৰ পৰম্পৰাগত ৰেখাচিত্ৰৰ বিৱৰণ পোৱা যায়।৫ তেওঁ নিজৰ গুৰু দেৱলকুণ্ড বাদিৰাজৰ জীৱনীও লিখিছিল।১২
সন্মান আৰু বঁটা
মূৰ্তিয়ে তেওঁৰ কৰ্মৰ বাবে কেইবাটাও ৰাজ্যিক বঁটা লাভ কৰিছিল, যাৰ ভিতৰত কৰ্ণাটক জকনাচাৰী বঁটা, ৰাজ্যিক শিল্পকলা একাডেমী বঁটা (১৯৯৯), ৰাজ্যোৎসৱ বঁটা (১৯৯৬)১৩ আৰু সুৱৰ্ণ কৰ্ণাটক বঁটা অন্যতম।৫১৪ জকনাচাৰী বঁটা লাভ কৰা তেওঁ একমাত্ৰ মহিলা।৬
তথ্যসূত্ৰ
- ↑ (20 May 2018). 'People refused to believe in my talent since I am a woman': Sculptor Kanaka Murthy. The News Minute
- ↑ Ahuja, Simran. (15 May 2021). Kanaka Murthy was a pioneer: Former UNESCO ambassador Chiranjiv Singh. The New Indian Express
- ↑ Jayaram, Suresh. (23 January 2017). What you see when you see: Kanakamurthy: A sculptor between tradition and modernity. Banaglore Mirror
- ↑ Harish, Rumi. (22 May 2021). How Kanaka Murthy chiselled a daring life. Deccan Herald
- ↑ (13 May 2021). Renowned sculptor Kanaka Murthy dies of COVID-19 in Bengaluru. The News Minute
- ↑ V, Ram Rakshith. A spirited sculptress. nsoj.in
- ↑ Srinivasaraju, Sugatha. (2022-02-03). Kannada Schist, Tamil Granite. Outlook India
- ↑ Indian sculptor Kanaka Murthy applies the finishing touches to a... Getty Images
- ↑ Bengaluru, Staff Reporter. (15 May 2021). Kanaka Murthy passes away. The Hindu
- ↑ Khandelwal, Priyasha. (29 April 2019). Celebrated Sculptor Kanaka Murthy Shares How She Made Her Way Into The Male-Dominated Field. Indian Women Blog - Stories of Indian Women
- ↑ (20 May 2018). 'People refused to believe in my talent since I am a woman': Sculptor Kanaka Murthy. The News Minute
- ↑ Prasad, lPreeja. (16 May 2018). Female sculptor to release biography of her guru. The New Indian Express
- ↑ (13 May 2021). Celebrated sculptor and Rajyotsava awardee Kanaka Murthy succumbs to Covid-19. Deccan Herald. Press Trust of India
- ↑ (14 May 2021). Sculptor Kanaka Murthy passes away. Star of Mysore
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনক মূৰ্তি” প্ৰবন্ধৰ সংশোধন ৫৯৮২০৭ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।