অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩

ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ (2023 Odisha train collision) হৈছে ২০২৩ চনৰ ২ জুন তাৰিখে পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ চহৰৰ সমীপত সংঘটিত তিনিখন ৰে’লৰ এক সংঘৰ্ষ।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ১,৫৩৯ শব্দ · ৯ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ (2023 Odisha train collision) হৈছে ২০২৩ চনৰ ২ জুন তাৰিখে পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ চহৰৰ সমীপত সংঘটিত তিনিখন ৰে’লৰ এক সংঘৰ্ষ। বাহানগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’লৰ প্ৰাৰম্ভিক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুখন যাত্ৰীবাহী ৰে’ল ১২৮৪১ ক’ৰ’মণ্ডল এক্সপ্ৰেছ আৰু ১২৮৬৪ এছএমভিটি বেংগালুৰু–হাওৰা এছএফ এক্সপ্ৰেছৰ সংঘৰ্ষ হয়। বাহানাগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ মূল লাইনৰ পৰিৱৰ্তে পাছিং লুপত পূৰ্ণ গতিৰে প্ৰৱেশ কৰি ক’ৰ’মণ্ডল এক্সপ্ৰেছ গাড়ীখনে এখন মালবাহী ট্ৰেইনৰ সৈতে খুন্দা মাৰে। এই দুৰ্ঘটনাত ২৯২ জন১২ লোক নিহত হোৱাৰ লগতে ১১৭৫তকৈ অধিক লোক আহত হয়।৩৪৫ এই দুৰ্ঘটনা একবিংশ শতিকাৰ চতুৰ্থ মাৰাত্মক ৰে'ল দুৰ্ঘটনা আৰু ১৯৯৫ চনত ফিৰোজাবাদ ৰে'ল দুৰ্ঘটনাৰ পিছত ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে'ল দুৰ্ঘটনা।৬

সংঘৰ্ষ

ওড়িশা ৰে'ল দুৰ্ঘটনাৰ সৰলীকৃত চিত্ৰ
ওড়িশা ৰে'ল দুৰ্ঘটনাৰ সৰলীকৃত চিত্ৰছবি: Cmglee · CC BY-SA 4.0

২০২৩ চনৰ ২ জুন তাৰিখে পশ্চিম বংগৰ হাওৰাৰ শলিমাৰৰ পৰা বাহানাগা বজাৰ ৰেলৱে ষ্টেচনৰ আপ মেইন লাইনত তামিলনাডুৰ চেন্নাইৰ এম জি আৰ চেন্নাই চেণ্ট্ৰেললৈ ১২৮৪১ নং ক'ৰ'মণ্ডল এক্সপ্ৰেছ ৰে'লগাড়ীখন গৈ আছিল। প্ৰায় একে সময়তে কৰ্ণাটকৰ বাংগালুৰুৰ এছ এম ভি টি বেংগালুৰুৰ পৰা কাষৰীয়া ডাউন মেইন লাইনত হাওৰালৈ বিপৰীত দিশত ১২৮৬৪ বেংগালুৰু–হাউৰা এক্সপ্ৰেছ ৰে'লগাড়ীখন গৈ আছিল। ৰেলৱে ষ্টেচনত ৰখাবলৈ নিৰ্ধাৰিত নোহোৱা আৰু মূল লাইনৰ কাষেৰে আগবাঢ়ি যোৱাটো নিৰাপদ বুলি সেউজ সংকেত পোৱাৰ পিছত দুয়োখন ৰে’লেই ঘণ্টাত ১২৮ কিলোমিটাৰৰ (ঘণ্টাত ৮০ মাইল) সৰ্বোচ্চ অনুমোদিত গতিবেগত গৈ আছিল আছিল।৭৮

ভাৰতীয় সময়মতে সন্ধ্যা প্ৰায় ৭ বজাত ক’ৰ’মণ্ডল এক্সপ্ৰেছখনে আপ মেইন লাইনত পোনে পোনে আগবাঢ়িব লাগিছিল যদিও ইয়াৰ গতিপথ ভুলকৈ পূৰ্ণ গতিৰে সমান্তৰাল আপ লুপ লাইনলৈ সলনি কৰা হৈছিল। এই লাইনত ই ইতিমধ্যে লোৰ আকৰিকৰে ভৰ্তি ষ্টেচনত ৰৈ থকা অৱস্থাত মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। তীব্ৰগতিৰ প্ৰভাৱৰ বাবে ৰেলখনৰ ২১টা ডবা মূল লাইনৰ পৰা ৰেলপথৰ পথচ্যুত হয়।৭৯১০১১ অৱশ্যে মালবাহী ৰে'লখন নিজৰ স্থানতে লাইনচ্যুত নোহোৱাকৈ থাকে।৭

ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ পৰা লাইনচ্যুত হোৱা তিনিখন ডবায়ে একে সময়তে ষ্টেচনটো পাৰ হোৱা বেংগালুৰু–হাউৰা এক্সপ্ৰেছৰ নিৰ্ধাৰিত লাইনত বাগৰি পৰে।৭ ইয়াৰ ফলত দ্বিতীয়টো সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ দুটা অসংৰক্ষিত ডবা আৰু ব্ৰেক ভেন লাইনচ্যুত হয়। তাৰপিছত ইঞ্জিন আৰু ২০টা ডবা থকা ৰে’লখনৰ বাকী অংশই যাত্ৰীসকলক লৈ বালেশ্বৰ অভিমুখে আগবাঢ়ি যায় আৰু তাত আৰু এটা ক্ষতিগ্ৰস্ত ডবা অসংলগ্ন কৰা হয়। ইয়াৰ পিছত বাকী ১৯টা ডবায়ে ৰেলখনৰ গন্তব্যস্থান হাওৰালৈ যাত্ৰা অব্যাহত ৰাখিলে। জানিব পৰা মতে, বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ সংৰক্ষিত ডবাত কোনো যাত্ৰীৰ মৃত্যু বা আহত হোৱা নাই। বিষয়াসকলে জনায় যে অসংৰক্ষিত ডবাসমূহৰ যাত্ৰীসকলৰ চিনাক্তকৰণ নিশ্চিত কৰিবলৈ সময় লাগিব।১২

জৰুৰীকালীন সঁহাৰি

দুৰ্ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে দুয়োখন যাত্ৰীবাহী ৰে'লৰ সংৰক্ষণৰ তালিকা ভাৰতীয় ৰে’লৰ ৱেবছাইটত প্ৰকাশ কৰে।১৩১৪ ৰে'লৱে আৰু ওড়িশা, পশ্চিম বংগ আৰু তামিলনাডু চৰকাৰেও হেল্পলাইন নম্বৰ জাৰি কৰে।১৫১৬ ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাৰ মতে উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ তিনিটা ইউনিট, ওড়িশা দুৰ্যোগ ৰেপিড একচন ফৰ্চৰ চাৰিটা ইউনিট, ১৫টাতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ দল, ১০০জন চিকিৎসক, ২০০জন আৰক্ষী জোৱান আৰু ২০০খন এম্বুলেন্স সংগঠিত কৰা হয়। স্থানীয় বাছ কোম্পানীসমূহে আহত যাত্ৰীসকলক পৰিবহণ কৰাত সহায় কৰিছিল।১৭১৮ স্থানীয় সাধাৰণ নাগৰিকে যাত্ৰীসকলক খোৱাপানীৰ যোগান ধৰিছিল আৰু সম্ভৱ হ'লে তেওঁলোকৰ বস্তু-বাহিনী উদ্ধাৰ কৰাত সহায় কৰিছিল।১৯

দুৰ্যোগস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকল, ৩ জুন
দুৰ্যোগস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকল, ৩ জুনছবি: BMphoto · CC BY-SA 4.0
সংঘৰ্ষৰ পিছত ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ক্ষতিগ্ৰস্ত এটা ডবাৰ ভিতৰৰ অংশৰ এটা দৃশ্য, ৪ জুন
সংঘৰ্ষৰ পিছত ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ক্ষতিগ্ৰস্ত এটা ডবাৰ ভিতৰৰ অংশৰ এটা দৃশ্য, ৪ জুনছবি: Swattik Jana · CC BY-SA 4.0

আহতসকলক উদ্ধাৰকাৰ্যত সহায় কৰিবলৈ পশ্চিম বংগ চৰকাৰে ৩০খন এম্বুলেন্স প্ৰেৰণ কৰে। ইয়াৰ উপৰিও ৪০জন চিকিৎসক আৰু কেইবাজনো নাৰ্চিং কৰ্মচাৰী প্ৰেৰণ কৰা হৈছিল।২০ তামিলনাডু চৰকাৰে চেন্নাই অভিমুখী যাত্ৰীসকলক সহায় কৰাৰ লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ দুই ৰাজ্যিক মন্ত্ৰী আৰু তিনিজন আই এ এছ বিষয়াৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল ওড়িশালৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয়ত ৭০খন বিছনাযুক্ত চিকিৎসাৰ ব্যৱস্থাও কৰিছিল।২১

দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযনৰ দৃশ্য
দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযনৰ দৃশ্যছবি: en:Kalinga TV · CC BY 3.0

২ জুন তাৰিখে নিশালৈকে আৱদ্ধ আৰু আহত যাত্ৰীসকলৰ সন্ধান আৰু উদ্ধাৰৰ কাম চলি থাকে আৰু ৩ জুন তাৰিখে বিয়লিৰ ভাগত ইয়াৰ সামৰণি পৰে।২২২৩ জীৱিত লোকসকলক উদ্ধাৰ কৰিবলৈ অনুসন্ধানকাৰী কুকুৰ ব্যৱহাৰ কৰা হৈছিল।২৩ দক্ষিণ-পূব ৰেলৱেই পিছদিনাও দুৰ্ঘটনাস্থলীত পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে।১৮ বালেশ্বৰ, ভদ্ৰক আৰু কটকৰ পৰা কেইবাজনো স্থানীয় লোকে চিকিৎসালয়লৈ আহি ৰক্তদান কৰিছিল।২৪

ভুক্তভোগী

এই দুৰ্ঘটনাত মুঠ ২৯২জন লোক নিহত হয়।২৫ নিহত হোৱা প্ৰায় গোটেইগৰাকী ব্যক্তি ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ প্ৰথম তিনিটা ডবাত আছিল। এই তিনিটা ডবা সাধাৰণ শ্ৰেণীৰ অসংৰক্ষিত ডবা আছিল।২৬ মৃত যাত্ৰীসকলৰ মৃতদেহ স্থানীয় হাইস্কুললৈ লৈ যোৱা হৈছিল। মুকলি ঠাই আৰু দুৰ্ঘটনাস্থলীৰ ওচৰত থকাৰ বাবে এই ঠাই নিৰ্বাচিত কৰা হৈছিল।২৭ অগ্নিদগ্ধ আৰু অন্যান্য আঘাতৰ বাবে মৃতদেহ চিনাক্তকৰণ অধিক কঠিন হৈ পৰিছিল আৰু ইয়াৰ ফলত বিষয়াসকলে যাত্ৰীসকলক চিনাক্ত কৰিবলৈ তেওঁলোকৰ সা-সামগ্ৰী, ফোন আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰিছিল। ৰেল সেৱাত কেৱল সংৰক্ষিত আসন থকা যাত্ৰীসকলৰ নামৰ তালিকা আছিল।

৩ জুন তাৰিখে সন্ধিয়ালৈকে ওড়িশা চৰকাৰী বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাৰ ফলত ১১৭৫জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তাৰে ৭৯৩জন লোকক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়া হৈছিল আৰু ৩৮২জন ব্যক্তি গুৰুতৰ আঘাতৰ বাবে চিকিৎসাধীন হৈ আছিল। স্থানীয় চিকিৎসালয়সমূহ যথেষ্ট সংখ্যক আহত লোকৰ আগমনৰ বাবে ঠাইৰ অভাৱ হৈছিল যদিও ৰোগীসকলক পৰ্যাপ্ত যত্ন আৰু চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল।২৪

তদন্ত

খড়গপুৰ ৰেল বিভাগৰ বিষয়াসকলে কৰা প্ৰাৰম্ভিক তদন্তত মতে দুৰ্ঘটনাস্থলীত নিম্নোক্ত ঘটনাৱলী সংঘটিত হৈছে:২৮২৯

  • ঘণ্টাত ১২৮ কিলোমিটাৰ বেগত দক্ষিণমুখী লাইনেৰে চেন্নাই অভিমুখে গৈ থকা ক’ৰ’মণ্ডল এক্সপ্ৰেছখনক প্ৰথমে মূল লাইনেৰে আগবাঢ়ি যোৱাৰ সংকেত দিয়া হৈছিল। কিন্তু অজ্ঞাত কাৰণত তাৰ পিছত মূল লাইনৰ বাবে সংকেতটো বন্ধ কৰি ট্ৰেকটো মূল লাইনৰ কাষৰ লুপ লাইনলৈ সলনি কৰা হয়।৩০
  • ইয়াৰ পিছতে ক’ৰ’মণ্ডল এক্সপ্ৰেছখনে লুপ লাইনত ৰৈ থকা এখন মালবাহী ৰে’লৰ পিছফালে খুন্দা মাৰে। ইয়াৰ ফলত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ইঞ্জিনটো মাল ট্ৰেইনৰ ৱেগনৰ ওপৰেৰে বগাই যোৱাৰ ফলত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ২২টা ডবা ৰেলপথৰ পৰা আঁতৰি যায়।
  • একেসময়তে ঘণ্টাত ১২৬ কিলোমিটাৰ বেগেৰে উত্তৰ দিশৰ লাইনত হাওৰা অভিমুখে গৈ থকা বেংগালুৰু–হাওৰা এক্সপ্ৰেছখনে বিপৰীত দিশত ক'ৰ’মণ্ডল এক্সপ্ৰেছৰ কাষেৰে পাৰ হৈ গৈ আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ মুহূৰ্তত বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ বেছিভাগ ডবায়েই আনখন ৰে’ল পাৰ হৈ গৈছিল যদিও পিছফালৰ অংশখিনি থাকি গৈছিল।
  • ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ ৰেলপথৰ পথচ্যুত হোৱাৰ পিছত ইয়াৰ তিনিটা ডবায়ে বেংগালুৰু–হাওৰা এক্সপ্ৰেছৰ শেষৰ দুটা ডবাত খুন্দা মাৰিলে; ফলস্বৰূপে সেই পাঁচটা ডবা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়।

ৰে’ল কৰ্তৃপক্ষই জনায় যে সংঘৰ্ষ সংঘটিত হোৱা ৰে'ললাইনত সংঘৰ্ষ বিৰোধী ব্যৱস্থা স্থাপন কৰা হোৱা নাছিল। অৱশ্যে এই সংঘৰ্ষৰ পূৰ্বে ছমাহত দুবাৰকৈ ৰে'ল কৰ্তৃপক্ষক সংঘৰ্ষ বিৰোধী সংকেত ব্যৱস্থা আৰু অন্যান্য অভাৱৰ বিষয়ে সকীয়াই দিয়া হৈছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ পশ্চিম ৰে’লৱে সংমণ্ডলৰ প্ৰধান মুখ্য পৰিচালনা প্ৰবন্ধকে বল্লাৰী জংচন হৈ কৰ্ণাটক সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছৰ সংঘৰ্ষৰ পৰা সংকীৰ্ণভাৱে ৰক্ষা পোৱাৰ পিছত কৰ্তৃপক্ষলৈ পত্ৰ লিখিছিল। তেওঁ দক্ষিণ পশ্চিম ৰে’লৱেক সকীয়াই দিছিল যে সংকেত ব্যৱস্থাৰ অক্ষমতা সময়মতে ঠিক নকৰিলে লাইনচ্যুত হোৱাৰ ঘটনা সংঘটিত হ'ব। ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে ৰেলপথৰ পথচ্যুত হোৱাৰ প্ৰতিবেদনত সকীয়াই দিয়া হৈছিল যে ভাৰতীয় ৰে’লৱেই সুৰক্ষা বিভাগত পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱে ৰক্ষণাবেক্ষণৰ মানদণ্ডত প্ৰভাৱ পেলাইছে। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে যোৱা চাৰি বছৰ ধৰি প্ৰতি বছৰে ৰে’লৱে সুৰক্ষাৰ ধন আন ক্ষেত্ৰ যেনে বৈদ্যুতিক সঁজুলি, আচবাব আৰু জেকেট কিনা, বাগিচা নিৰ্মাণ, দৰমহা আৰু বোনাছ প্ৰদানৰ বাবে অপব্যৱহাৰ কৰা হৈছিল। সেই প্ৰতিবেদনে ভাৰতীয় ৰে’লৱেই কৰা দাবীৰ বিৰোধিতা কৰিছিল যে এই দুৰ্ঘটনা ৰে'ল ব্যৱস্থাৰ সুৰক্ষাজনিত সমস্যাৰ প্ৰতিফলন নহয়।৩১৩২৩৩৩৪

৪ জুনত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে "ইলেক্ট্ৰনিক ইণ্টাৰলকিঙৰ পৰিৱৰ্তন" অৰ্থাৎ ইলেক্ট্ৰনিক সংকেতৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।৩৫৩৬ ৰে'লৱে ব'ৰ্ডৰ সদস্য জয়া বাৰ্মাই কয় যে ইলেক্ট্ৰনিক ইণ্টাৰলক ব্যৱস্থা ৯৯.৯% ক্ষেত্ৰত "বিফল-নিৰাপদ" কিন্তু এই বিৰল বিকলতাৰ কাৰণ গাঁত খন্দাৰ সময়ত তাঁৰ কাটি যোৱা বা কোনো ধৰণৰ শ্বৰ্ট চাৰ্কিটৰ ফলত হ'ব পাৰে।৩৭৩৮

অশ্বিনী বৈষ্ণৱে কয় যে ৰেলৱে ব’ৰ্ডে স্বাভাৱিক কাৰ্যনীতিৰ সলনি কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই) নেতৃত্বত তদন্তৰ পৰামৰ্শ দিছিল। তেওঁ দাবী কৰে যে ৰেলৱে সুৰক্ষা আয়োগে (চি আৰ এছ) “এই বিষয়টোৰ তদন্ত কৰিছে”। দীৰ্ঘদিনীয়া ৰে’লৱে কৰ্মী তথা ব’ৰ্ডৰ সদস্য এজনে চৰকাৰী দাবীক লৈ প্ৰশ্ন উত্থাপন কৰে যে তেওঁলোকে দুৰ্ঘটনাৰ কাৰণ চিনাক্ত কৰাৰ আগতেই অপৰাধীক চিনাক্ত কৰাৰ কথা ৰাজহুৱাকৈ জনাইছিল। তেওঁলোকে লগতে কয় যে চিবিআইতকৈ ৰে’লৱেৰ বিষয়ত চি আৰ এছৰ কৰ্মী অধিক দক্ষ। তেওঁ কয় যে চিবিআই তদন্ততকৈ চিআৰএছৰ তদন্তৰ এটা সুবিধা হ’ল চিবিআইৰ তদন্তই কেৱল দোষীক চিনাক্ত কৰিব। আনহাতে চিআৰএছৰ তদন্তই বৰ্তমানৰ সুৰক্ষাৰ সাৱধানতা আৰু ৰে’লৱে উন্নতি কৰিব পৰা পদ্ধতিৰ পৰ্যালোচনা প্ৰদান কৰি ব্যৱস্থাগত বিফলতাও উন্মোচন কৰিব।৩৯

বৈষ্ণৱে লগতে কোনোবাই পইণ্ট ৰে'ল সলনি কৰাটো এটা ভেঙুচালিৰ কাম বুলিও পৰামৰ্শ দিছিল। এজন সংকেত পৰিদৰ্শকে কয় যে সময়ৰ অভাৱৰ বাবে এয়া “অসম্ভৱ” ঘটনা। সাধাৰণতে ৰে'ল এখনে পূৰ্বৰ ষ্টেচনটো পাৰ হৈ যোৱাৰ সংকেত পোৱাৰ পিছত পইণ্টবোৰ সঠিক দিশত ছেট কৰা হয় আৰু এবাৰ পইণ্টবোৰ ছেট কৰিলে সেইবোৰ অন্ততঃ দুমিনিটৰ বাবে সলনি কৰিব নোৱাৰি। ৰে'লখনৰ দ্ৰুতগতিৰে আগৰ ষ্টেচন (পানপানা)ৰ পৰা বাহানাগা বজাৰ ষ্টেচনত উপস্থিত হ’বলৈ ১৪১ ছেকেণ্ড সময় লাগে। ইয়াৰ ফলত এজন সম্ভাৱ্য ভেঙুচালিকাৰীয়ে পৰিৱৰ্তন কৰিবলৈ ২০ ছেকেণ্ডতকৈও কম সময় বাকী থাকিব। পইণ্ট সলনি কৰিবলৈ ষ্টেচন মাষ্টাৰৰ সৈতেও গোপন বুজাবুজিৰ প্ৰয়োজন হ’ব। কিন্তু পইণ্টসমূহ সলনি কৰা হ’লেও ৰে’ল চলি থাকিবলৈ সেউজ সংকেত দিয়াৰ ব্যৱস্থা এতিয়াও উত্তৰহীন হৈ আছে।৩৯

পৰিণতি

ভাৰতীয় ৰে'লে দুৰ্ঘটনাত পতিত মৃতকৰ পৰিয়ালক ১০ লাখ, গুৰুতৰভাৱে আহতসকলক ২ লাখ আৰু সামান্য আঘাতপ্ৰাপ্ত লোকক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও পিএমএনআৰএফৰ পৰা মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা অনুগ্ৰহ ক্ষতিপূৰণ দিয়া হ’ব।৪০৪১

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়য়ে পশ্চিম বংগৰ নিহত হোৱা যাত্ৰীৰ পৰিয়ালক ৫ লাখ, গুৰুতৰভাৱে আহত হোৱা যাত্ৰীক ১ লাখ আৰু সামান্যভাবে আঘাতপ্ৰাপ্তসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে।৪২

দুৰ্ঘটনাৰ দুদিন পিছত ৰে'ললাইন মুকলি কৰি থকা এক্সকেভেটৰ
দুৰ্ঘটনাৰ দুদিন পিছত ৰে'ললাইন মুকলি কৰি থকা এক্সকেভেটৰছবি: BMphoto · CC BY-SA 4.0

দুৰ্ঘটনাৰ পিছত এনডিটিভিয়ে ৰিপ'ৰ্ট কৰে যে ক্ষতিগ্ৰস্ত পথৰ কমেও ৪৮খন ৰে'ল বাতিল কৰা হৈছে, ৩৯খন ৰে'ল বেলেগ পথলৈ ডাইভাৰ্ট কৰা হৈছে আৰু ১০খন ৰে'ল শ্বৰ্ট-টাৰ্মিনেট কৰা হৈছে।৪৩ হিন্দুস্তান টাইমছে ৰিপ'ৰ্ট কৰিছিল দুৰ্ঘটনাৰ বাবে ১৫০খনতকৈও অধিক ৰে'ল প্ৰভাৱিত হৈছে। লগতে ৩ জুনত অনুষ্ঠিত হ'বলগীয়া মুম্বাই চি এছ এম টি–মদগাঁও বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী বাতিল কৰা হয়।৪৪ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান সংস্থাসমূহক নিৰ্দেশ দিছিল যে ভ্ৰমণৰ চাহিদা বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই বিমান ভাড়া যাতে বৃদ্ধি নহয়।৪৫ অঞ্চলটোত বাছৰ ভাড়া অৱশ্যে দ্ৰুতভাৱে বৃদ্ধি পোৱা দেখা গৈছিল।৪৬

বেংগালুৰু–হাওৰা এক্সপ্ৰেছ আৰু এখন বিশেষ ৰে’লেৰে ৩ জুনত ৬৪৩জন যাত্ৰী লৈ হাওৰাত উপস্থিত হয়। ষ্টেচনত যাত্ৰীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইতিমধ্যে সংকটজনকভাৱে আহতসকলক বালেশ্বৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যাত্ৰীসকলক ঘৰলৈ নিবলৈ আঞ্চলিক পৰিবহণ কাৰ্যালয়ে বাছৰ ব্যৱস্থা কৰিছিল।৪৭ আৱদ্ধ হৈ থকা ১৯৫জন যাত্ৰী লৈ এখন বিশেষ ৰে'ল ভদ্ৰকৰ পৰা চেন্নাই অভিমুখে ৰাওনা হৈছিল। এজন বিষয়াৰ মতে, ই বাটৰ ষ্টেচনসমূহত ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ যাত্ৰীসকলকো গন্তব্য স্থানলৈ লৈ যাব।৪৮ ৩ জুনত পশ্চিম বংগৰ মেদিনীপুৰত দুৰ্ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ যাত্ৰী কঢ়িয়াই অনা বাছ এখনে আন এখন বাহনত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত কেইগৰাকীমান যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হয়।৪৯ ৫১ ঘণ্টাৰো অধিক সময় পুনৰুদ্ধাৰৰ অন্তত ৫ জুনৰ পৰা পুনৰ যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ কৰা হয়।৫০

প্ৰতিক্ৰিয়া

য়ে ওড়িশাৰ বালেশ্বৰৰ এখন চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰাৰ মুহূৰ্ত]]

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাণ্ডক লৈ দুখ প্ৰকাশ কৰি শোকত ভাগি পৰা পৰিয়ালসমূহলৈও সমবেদনা জ্ঞাপন কৰে।৫১ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কাণ্ডক “গভীৰভাৱে দুখজনক” বুলি অভিহিত কৰিছে।১৮ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰে।৫২৫৩ ভাৰতৰ চুবুৰীয়া দেশৰ নেতা আৰু... সমগ্ৰ বিশ্বই বহুলোকে প্ৰাণ হেৰুৱাৰ বাবে শোক প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত ভাৰতক সমৰ্থন আগবঢ়ায়।৫৪৫৫

ওড়িশাৰ মুখ্যমন্ত্ৰী৫৬ আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী দুয়োজনেই এই দুৰ্ঘটনাৰ বাবে এটা দিন শোকৰ দিন হিচাপে ঘোষণা কৰে। লগতে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক ৫ লাখকৈ টকা (৬,৩০০ মাৰ্কিন ডলাৰ) ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।৫৭

ভাৰতীয় জাতীয় কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ভাৰতীয় কমিউনিষ্ট পাৰ্টিকে ধৰি বহুতো বিৰোধী দলে ৰে'ল মন্ত্ৰী বৈষ্ণৱৰ পদত্যাগ দাবি কৰি প্ৰতিবাদ কৰে।৫৮

সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি তথা প্ৰাক্তন ৰে'ল মন্ত্ৰী মল্লিকাৰ্জুন খাৰ্গে ফেব্ৰুৱাৰী মাহৰ এখন পত্ৰৰ উল্লেখ কৰিছিল য'ত তেওঁ ৰে'ল মন্ত্ৰালয়ক এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণীৰ তদাৰকীৰ বিষয়ে প্ৰশ্ন কৰিছিল।৫৯ ৰে’ল সংঘৰ্ষ বিৰোধী ব্যৱস্থা কাৰ্যকৰী নকৰাৰ বাবে চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডী আৰু ৰেলমন্ত্ৰী বৈষ্ণৱ দুয়োজনেই সমস্যাৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ অনিচ্ছুক বুলি মত প্ৰকাশ কৰিছে।৬০৬১

তথ্যসূত্ৰ

  1. ↑ Breaking News Live Updates - 03 June 2023: Death Toll Rises to 294 in Odisha Train Accident. News18
  2. ↑ (4 June 2023). Train Crash: PM Promises Stringent Action Against Guilty; Death Toll Mounts To 288. State Times News
  3. ↑ (June 3, 2023). Toll in Odisha train tragedy reaches 280, many still trapped. ইণ্ডিয়া টুডে
  4. ↑ (2023-06-03). Coromandel express accident live: Death toll in Odisha train accident rises to 237. The Times of India
  5. ↑ Maqbool, Rafiq. (3 June 2023). India train crash kills over 280, injures 900 in one of nation’s worst rail disasters. Associated Press
  6. ↑ Dash, Jatindra; V, Abinaya. (2023-06-03). India's worst train crash in decades kills at least 288. Reuters
  7. ↑ (2023-06-04). India train disaster: Signal fault the likely cause, minister says. BBC News
  8. ↑ (2023-06-03). Balasore: How did three trains collide in Odisha?. BBC News
  9. ↑ (2023-06-03). Death toll in Odisha train accident rises to 288. The Hindu
  10. ↑ (3 June 2023). Photos: 70+ killed, over 600 injured in Balasore triple train crash in Odisha. Hindustan Times
  11. ↑ (4 June 2023). Odisha three-train accident: 288 dead in India's worst train tragedy since 1995; survivors recount horrors. The Times of India
  12. ↑ (3 June 2023). Bengaluru-Howrah Express Train Accident: No One From Reserved Coaches Injured or Dead. TimesNow
  13. ↑ Contingency Train Chart (12841). www.indianrail.gov.in
  14. ↑ Contingency Train Chart (12864). www.indianrail.gov.in
  15. ↑ (3 June 2023). Odisha Train Accident: Check complete list of helpline numbers issued so far. livemint.com
  16. ↑ (3 June 2023). Odisha Train Accident: Check complete list of helpline numbers issued so far. tamil.oneindia.com
  17. ↑ Rescue Teams At Odisha Train Crash Site, Ops To Last 3 More Hours: Official. NDTV.com
  18. ↑ (3 June 2023). India train crash: More than 280 dead after Odisha incident. BBC
  19. ↑ Sharma, Ashok. (2 June 2023). More than 200 killed and 900 hurt after 2 trains derail in India; hundreds still trapped in coaches. AP News
  20. ↑ (3 June 2023). Balasore train disaster: Century's biggest, says Mamata Banerjee. The Times of India
  21. ↑ (3 June 2023). Odisha Train Accident: Tamil Nadu Govt Sends Ministerial Delegation to Coordinate Rescue. News 18
  22. ↑ (3 June 2023). Odisha train crash: 'Signal was given and taken off'; toll nears 290. Top points. Hindustan Times
  23. ↑ (3 June 2023). Survivors recount 'haunting' scenes as country demands answers – latest. The Independent
  24. ↑ (4 June 2023). Odisha tragedy: Balasore hospitals crumble under a deluge of patients. Hindustan Times
  25. ↑ (2023-06-19). One more injured dies, toll touches 292. The Times of India
  26. ↑ Yasir, Sameer; Mashal, Mujib; Kumar, Hari. (11 June 2023). Faceless, Nameless and Dead by the Dozen in a Train’s Cheapest Cars. The New York Times
  27. ↑ (3 June 2023). Odisha train tragedy: School becomes morgue, identifying dead a big challenge. The Indian Express
  28. ↑ (3 June 2023). Odisha tragedy: How the 3 trains collided into each other. The Times of India
  29. ↑ (3 June 2023). Odisha tragedy: Preliminary enquiry indicates signalling failure caused train accident. Firstpost
  30. ↑ (4 June 2023). Odisha three-train accident: 288 dead in India's worst train tragedy since 1995; survivors recount horrors. The Times of India
  31. ↑ Staff, Scroll. (4 June 2023). Odisha train accident: Railways got two warnings in 6 months on faulty signalling, poor track repair. Scroll.in
  32. ↑ Jain, Meetu. (4 June 2023). CAG Report on Derailments Hard to Square With PMO Claims on Prioritising Rail Safety. The Wire
  33. ↑ Mudur, G.S. (4 June 2023). Odisha train accident: Safety funds fall short amid Indian govt's focus on speed. The Telegraph
  34. ↑ Suryamurthy, R.; Saha, Sambit; Ghosh, Pinak. (2023-06-10). Modi government’s special fund for railway safety spent on foot massagers, crockery, winter jackets: CAG report. The Telegraph
  35. ↑ (4 June 2023). Signal failure led to India's deadly train crash, officials say. CBC.ca
  36. ↑ Soutik Biswas; Adam Durbin. (4 June 2023). India train disaster: Signal fault the likely cause, minister says. BBC News
  37. ↑ (2023-06-05). Coromandel driver was conscious after train crash, Goods train guard alive. Hindustan Times
  38. ↑ (June 5, 2023). India rail crash probe focuses on electronic track management system. The Business Standard
  39. ↑ Sridhar, V. (2023-06-09). Cover Your Tracks: The Modi Government’s Attitude After the Balasore Tragedy. The Wire
  40. ↑ (3 June 2023). Coromandel express accident live: Death toll in Odisha train accident rises to 237. The Times of India
  41. ↑ (2 June 2023). Odisha tragedy: What we know so far after accident involving three trains. Hindustan Times
  42. ↑ Luxmi, Bhagya. (3 June 2023). 'This is not time to do politics', Vaishnaw reacts to Banerjee's claim over death toll in Balasore tragedy. www.indiatvnews.com
  43. ↑ 288 Dead, 803 Injured After Horrific Three-Train Crash In Odisha. NDTV.com
  44. ↑ (2 June 2023). Flagging off function of Goa-Mumbai Vande Bharat Express cancelled following Odisha train tragedy. The Times of India
  45. ↑ (3 June 2023). Train tragedy: Ensure no surge in Orissa airfares, don't charge penalty from affected, government directs airlines. The Times of India
  46. ↑ Odisha Train Accident Bus fares skyrocket as demand peaks after trains get cancelled. ETV Bharat News
  47. ↑ (3 June 2023). Howrah station turns into a hospital as train with those who cheated death arrives. The Indian Express
  48. ↑ (3 June 2023). Odisha rail accident: 1,200 stranded passengers to arrive at Howarh on Saturday. The Economic Times
  49. ↑ Bus carrying passengers from Balasore crash site meets with accident in Bengal. India Today
  50. ↑ (2023-06-05). Passenger trains resume services on restored tracks after Odisha three-way collision. Hindustan Times
  51. ↑ PM Modi Announces Rs 2 Lakh For Families Of Odisha Accident Victims. NDTV.com
  52. ↑ Odisha train accident: Bengal government announces measures to aid passengers and kin in distress. www.telegraphindia.com
  53. ↑ (2 June 2023). Coromandel Express accident Live Updates: PM Modi to visit Odisha accident site today, will meet injured at Cuttack hospital. The Indian Express
  54. ↑ Odisha Train Accident: World Leaders Pay Condolences To Victims. Zee News
  55. ↑ (3 June 2023). Odisha train tragedy: World leaders extend support to India, condole loss of lives. Hindustan Times
  56. ↑ (3 June 2023). Odisha train accident: CM Naveen Patnaik declares one-day state mourning. Hindustan Times
  57. ↑ (3 June 2023). Odisha train accident: Tamilnadu Announced Compensation. News 18
  58. ↑ Service, Express News. (4 June 2023). Congress keeps attack on hold, others in Opposition say Govt must own up. Indian Express
  59. ↑ Sharma, Shweta. (June 6, 2023). Odisha train accident – latest: Survivor describes scramble to escape after crash that killed hundreds. Independent
  60. ↑ (June 5, 2023). Oppn parties demand resignation of Railway Min, release letter flagging safety issues. The News Minute
  61. ↑ Sharma, Shweta. (June 6, 2023). Odisha train accident – latest: Survivor describes scramble to escape after crash that killed hundreds. Independent

সম্পৰ্কিত শ্ৰেণী

ওড়িশা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩” প্ৰবন্ধৰ সংশোধন ৬০৩২৭৩ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।