হিন্দু প্ৰাৰ্থনা আৰু ধ্যান
৯ প্ৰবন্ধ
-
ভজন
ভজন হৈছে ধৰ্মীয় ধৰ্মৰ মাজত, যিকোনো ভাষাত, ধৰ্মীয় বিষয়-বস্তু বা আধ্যাত্মিক ধাৰণাৰে গঠিত যিকোনো ভক্তিমূলক গীতৰ বাবে এটা ভাৰতীয় শব্দ। ভজনম (সংস্কৃত: भजनम्) শব্দৰ অৰ্থ হৈছে শ্ৰদ্ধা আৰু ই ভজ (সংস্কৃত: भज्) মূল শব্দৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে শ্ৰদ্ধা কৰা, যেনে 'ভজ গোবিন্দম' (গোবিন্দক শ্ৰদ্ধা কৰা)।
-
যোগাসন
যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে।
-
ওঁ
ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্), প্ৰণৱ, ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক। এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে।
-
সাধু
সাধু, হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ যিকোনো পবিত্ৰ ব্যক্তি যিয়ে পাৰ্থিৱ জীৱন ত্যাগ কৰিছে। কেতিয়াবা বিকল্পভাৱে ইহঁতক যোগী, সন্ন্যাসী বা বৈৰাগী বুলিও কোৱা হয়। সাধুৰ অৰ্থ হ'ল যিজনে 'সাধনা' পালন কৰে বা আধ্যাত্মিক অনুশাসনৰ পথ তীক্ষ্ণভাৱে অনুসৰণ কৰে। যদিও সাধুৰ বিপুল সংখ্যক যোগী, সকলো যোগী সাধু নহয়।
-
জপ
জপ (जप) হৈছে ধ্যানৰত অৱস্থাত কৰা মন্ত্ৰ বা ঐশ্বৰিক নামৰ পুনৰাবৃত্তি। হিন্দু ধৰ্মৰ উপৰিও জৈন ধৰ্ম, শিখ ধৰ্ম, আৰু বৌদ্ধ ধৰ্মত জপক এক প্ৰথা হিচাপে গণ্য কৰা হয়। ধ্যানৰ ভঙ্গীত বহি থাকোঁতে, আন কাম-কাজ কৰোঁতে, বা বহুলোকৰ সমাৱেশত আনুষ্ঠানিক উপাসনাৰ অংশ হিচাপে জপ সম্পন্ন কৰিব পাৰি।
-
শ্ৰী ৰামচন্দ্ৰ কৃপালু
শ্ৰী ৰামচন্দ্ৰ কৃপালু বা "শ্ৰীৰাম স্তুতি" হʼল গোস্বামী তুলসীদাসৰ দ্বাৰা ৰচিত বিনয় পত্ৰিকাৰ অন্তৰ্গত এটি স্তুতি। এই স্তুতিগীতটি ষোড়শ শতিকাত সংস্কৃত আৰু অৱধী ভাষাৰ মিশ্ৰণত ৰচিত হৈছিল। উক্ত প্ৰাৰ্থনাটিত শ্ৰী ৰাম আৰু তেওঁৰ গুণাৱলী সৰ্বোত্তমভাৱে মহিমান্বিত হৈছে। মূল সংস্কৰণ:
-
ব্ৰহ্মমুহূৰ্ত
ব্ৰহ্মমুহূৰ্ত (ब्रह्ममुहूर्त, অৰ্থাৎ 'ব্ৰহ্মাৰ সময়') বিশেষ ৪৮ মিনিটৰ সময়ছোৱা, যি সময় সূৰ্য উদয়ৰ এঘণ্টা ৩৬ মিনিট আগতে আৰম্ভ হয়, আৰু সূৰ্য উদয়ৰ ৪৮ মিনিট আগতে শেষ হয়।
-
ভক্তি যোগ
ভক্তি যোগ (সংস্কৃত: भक्ति योग), যাক ভক্তি মাৰ্গ (भक्ति मार्ग) বুলিও কোৱা হয় (আক্ষৰিক অৰ্থত ‘‘ভক্তি’’-ৰ পথ), হিন্দুধৰ্মৰ এটা আধ্যাত্মিক পথ বা আধ্যাত্মিক সাধনা, যি কোনো ব্যক্তিগত দেৱতাৰ প্ৰতি প্ৰেমমূলক ভক্তিত কেন্দ্ৰিত।
-
হিন্দু ধৰ্মত প্ৰাৰ্থনা
প্ৰাৰ্থনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অংগ। হিন্দু ধৰ্মত পূজাৰ সময়ত প্ৰাৰ্থনা কৰা হয় আৰু ই হৈছে ভক্তিৰ প্ৰকাশ। হিন্দু ধৰ্মত মন্ত্ৰৰ জপ সৰ্বাধিক প্ৰচলিত পূজাৰ ধৰণ। বেদ হৈছে হিন্দু ধৰ্মৰ মূল গ্ৰন্থ (মন্ত্ৰ আৰু গীতৰ সমষ্টি)।