আমেৰিকান বেপ্তিষ্ট মিছনেৰী
১১ প্ৰবন্ধ
-
নাথান ব্ৰাউন
নাথান ব্ৰাউন (Nathan Brown, ২২ জুন ১৮০৭ – ১ জানুৱাৰী ১৮৮৬) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক, ভাষাতত্ত্ববিদ, ব্যাকৰণবিদ আৰু অনুবাদক আছিল। তেখেতৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান।
-
মাইলছ ব্ৰনছন
মাইলছ ব্ৰনছন (১৮১২-৮৩) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী আছিল আৰু অসম, ভাৰতৰ উত্তৰপূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভুত কাম কৰি গৈছে। তেখেতৰ কাৰ্যৰ ভিতৰত তেখেতে ১৮৬৭ চনত প্ৰণীত কৰা অসমীয়া অভিধানখন মুখ্য।
-
ইলাইজা হুইট্নি ব্ৰাউন
ইলাইজা হুইট্নি ব্ৰাউন (Eliza Whitney Brown; ১৯ শতিকা) অসমলৈ আহি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমীয়া ভাষাৰ হকে কাম কৰা নাথান ব্ৰাউনৰ পত্নী। অসমীয়া সাহিত্য জগতত তেওঁ এলিজা ব্ৰাউন নামেৰে পৰিচিতা। ১৮০৭ চনৰ ১২ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্লমণ্টত তেওঁ জন্মলাভ কৰিছিল।
-
এ কে গাৰ্নি
এ কে গাৰ্নী বা আল্বানাছ কিম্বল গাৰ্নী (Albanus Kimball Gurney) (২৯ মে' ১৮৪৫- ১৯২৯) আমেৰিকাত জন্মগ্ৰহণ কৰা এগৰাকী খৃষ্টান পাদুৰী। মেইন প্ৰদেশৰ কলবী কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰি ১৮৭৪ চনত পাদুৰী জীৱন গ্ৰহণ কৰে আৰু ১৮৭৬ চনত অসমলৈ আহি শিৱসাগৰৰ 'মিছন প্ৰেছ'ৰ দায়িত্ব গ্ৰহন কৰে।
-
অলিভাৰ থমাছ কট্টাৰ
অলিভাৰ থমাছ কট্টাৰ (১৮১১-১৮৮১) আছিল অসমলৈ অহা আমেৰিকান মিচনেৰী দলৰ অন্যতম সদস্য। ১৮৩১ চনত আমেৰিকাৰ পৰা ব্ৰহ্মদেশ (ম্যানমাৰ) হৈ অসমলৈ আহে। ১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়া পায়হি। ১৮৪৩ চনত শিৱসাগৰলৈ আহি তাত স্থাপন কৰা ‘মিচন প্ৰেছ’ৰ অধ্যক্ষ হয়।
-
উইলিয়াম কেৰি
উইলিয়াম কেৰি(ইংৰাজী: William Carey; ১৭৬১ – ১৮৩৪) এজন বৃটিছ মিছনেৰি৷ তেওঁ বাংলা ভাষাৰ গদ্যৰ পাঠ্যপুথিৰ প্ৰচাৰক, অসমীয়া ছপা পুথিৰ প্ৰথম উদ্যোগগ্ৰহণকাৰী ব্যক্তি, অনুবাদক, সমাজ সংস্কাৰক আৰু সাংস্কৃতিক নৃতত্ত্ববিদ৷ তেওঁ বেপ্টিষ্ট মিছনেৰী ছ’চাইট প্ৰতিষ্ঠা কৰাৰ লগতে শ্ৰীৰামপুৰ কলেজৰ অন্যতম প্ৰতিষ্ঠাপক…
-
হেৰিয়েট বাউমেন ল’ কট্টাৰ
হেৰিয়েট বি ল’ কট্টাৰ (৪ জানুৱাৰী, ১৮১১- ২০ জানুৱাৰী, ১৮৮৪) প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক অ'লিভাৰ টি. কট্টাৰৰ পত্নী। তেওঁৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুছেট্ছ প্ৰদেশৰ মিল্টনত। তেওঁ স্বামীৰ সৈতে ১৮৩১ চনত অসমলৈ আহে আৰু শদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে।
-
উইলিয়াম ৰবিনছন
উইলিয়াম ৰবিনছন (? - ১৮৬৩) গুৱাহাটীৰ শ্ৰীৰামপুৰ খৃষ্টান মিছনৰ সদস্য আছিল। অসমৰ প্ৰথম হাইস্কুল 'গুৱাহাটী চেমিনাৰী'ত প্ৰধান শিক্ষক হিচাপে যোগ দিয়ে। ১৮৪৪ চনত এখেত অসমৰ স্কুল পৰিদৰ্শক নিযুক্ত হয়। ৱিলিয়াম ৰবিনছনে প্ৰথম অসমীয়া ব্যাকৰণ পুথি A "Grammar of the Assamese Language" ৰচনা কৰিছিল ১৮৩৯ চনত।
-
উইলিয়াম ৱাৰ্ড
উইলিয়াম ৱাৰ্ড (? -- ১ আগষ্ট ১৮৭৩) অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম। ১৮৪৩ চনত খৃষ্টান ধৰ্মত দীক্ষা লৈ আমেৰিকাৰপৰা ১৮৫০ চনত আহি গুৱাহাটীত উপস্থিত হয় আৰু 'বেপ্টিষ্ট মিছন'ত যোগ দিয়ে।
-
এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক
এডৱাৰ্ড ডব্লিউ. ক্লাৰ্ক (১৯ শতিকা) অসমলৈ অহা এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী। শিৱসাগৰৰ প্ৰধান পাদুৰীৰ দায়িত্ব বহন কৰিছিল ১৮৬৯ চনৰপৰা ১৮৭৬ চনলৈ। ১৮৭২ চনত নগা পাহাৰলৈ গৈ গাৰো, নগা আৰু চাহ বনুৱা সকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল। সম্ভৱত: ১৮৭৩-৭৫ চনৰ সময়চোৱাত 'অৰুণোদই' সম্পাদনা কৰিছিল।
-
এপল্টন হাও ডেনফ'ৰ্থ
এপল্টন হাও ডেনফ'ৰ্থ ১৯ শতিকাত অসমলৈ আহি বসবাস কৰা এগৰাকী আমেৰিকান। ১৮৪৮ চনত অসমৰ গুৱাহাটীলৈ আহে। ১৮৫৫ চনত দুবছৰমান শিৱসাগৰত থাকি পুনৰ গুৱাহাটীলৈ আহে। ১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা বিদ্ৰোহৰ কালত মিলিটেৰী কুচ-কাৱাজ কৰিছিল। ১৮৫৫-৫৬-আৰু ৫৭ চনৰ জানুৱাৰী মাহলৈ 'অৰুণোদই' কাকতৰ সম্পাদক আছিল।