এলেক্সি একিম'ভ (Alexey Ekimov, Алексей Екимов; জন্ম: ১৯৪৫) এগৰাকী ৰাছিয়ান কঠিন অৱস্থা পদাৰ্থবিজ্ঞানী আৰু নেন'পদাৰ্থ গৱেষণাৰ অগ্ৰণী বিজ্ঞানী।১ ১৯৮১ চনত তেওঁ ভাভিলভ ষ্টেট অপটিকেল ইনষ্টিটিউটত গৱেষণা কৰি থকাৰ সময়তে কোৱাণ্টাম ডট নামেৰে জনাজাত অৰ্ধপৰিবাহী নেন'স্ফটিক আৱিষ্কাৰ কৰে।২৩৪ ২০২৩ চনত তেওঁ এই আৱিষ্কাৰৰ বাবে মুঞ্জী বাৱেণ্ডি আৰু লুই ই. ব্ৰুচৰ সৈতে যুটীয়াভাৱে ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৪৫ চনত ছ'ভিয়েট সংঘ লেনিনগ্ৰাডত এলেক্সি একিম'ভে জন্মগ্ৰহণ কৰিছিল।৫ ১৯৬৭ চনত তেওঁ লেনিনগ্ৰাড ষ্টেট ইউনিভাৰ্চিটিৰ পদাৰ্থ বিজ্ঞান অনুষদৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৭৪ চনত ৰাছিয়ান একাডেমী অৱ চাইন্সেছৰ ইঅ’ফে ইনষ্টিটিউটত পদাৰ্থ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে।
গৱেষণা
স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত একিম'ভে গৱেষণা কৰিবলৈ ভাভিলভ ষ্টেট অপটিকেল ইনষ্টিটিউটলৈ যায়। তেওঁ শ্বট কাঁচ নামেৰে জনাজাত অৰ্ধপৰিবাহী সক্ৰিয় কাঁচ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ৰঙৰ ব্যাখ্যাৰ বাবে তত্ত্ব বিকশিত কৰে।৬ এই কাঁচ গৰম কৰি পিছত ঠাণ্ডা কৰিলে কপাৰ ক্লৰাইড স্ফটিক গঠন হয়। এক্স-ৰে'ৰ সহায়ত এই তথ্য উদ্ঘাটন কৰা হৈছিল। কপাৰ ক্লৰাইডৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ নীলা হয়। সৰু স্ফটিকবোৰে নীলা কাঁচ উৎপন্ন কৰিছিল।৭
১৯৮১ চনত একিম’ভে আলেক্সেই এ অনুচেংকোৰ সৈতে কাঁচত থকা তামৰ ক্লৰাইড নেন’স্ফটিকত কোৱাণ্টাম আকাৰৰ প্ৰভাৱৰ আৱিষ্কাৰৰ প্ৰতিবেদন দাখিল কৰে।৮৯১০১১ এই পৰিঘটনাক বৰ্তমান সময়ত কোৱাণ্টাম ডট নামেৰে জনাজাত। প্ৰতিষ্ঠানটোত থকা সময়ছোৱাত তেওঁ এই ব্যৱস্থাসমূহৰ বিষয়ে অধিক অনুসন্ধান কৰে আৰু আলেকজেণ্ডাৰ এফ্ৰছৰ সৈতে কোৱাণ্টাম আৱদ্ধতাৰ তত্ত্ব বিকশিত কৰিছিল।১২১৩১৪
১৯৯৯ চনৰ পৰা একিম'ভে আমেৰিকাত বাস কৰি আহিছে আৰু নিউয়ৰ্ক ৰাজ্যৰ নেন'ক্ৰিষ্টালছ টেকন'লজি নামৰ কোম্পানীটোৰ বিজ্ঞানী হিচাপে কাম কৰি আহিছে।১৫১৬
বঁটা আৰু সন্মান
অৰ্ধপৰিবাহীত ইলেক্ট্ৰন স্পিন অভিমুখীকৰণৰ গৱেষণাৰ বাবে একিম'ভক ১৯৭৫ চনত বিজ্ঞান আৰু অভিযান্ত্ৰিকীত ইউএছএছআৰ ষ্টেট বঁটা প্ৰদান কৰা হয়। তেওঁ ২০০৬ চনত আলেকজেণ্ডাৰ এফ্ৰ'ছ আৰু লুই ই. ব্ৰুচৰ সৈতে "নেন'স্ফটিক কোৱাণ্টাম ডটৰ আৱিষ্কাৰ আৰু ইয়াৰ ইলেক্ট্ৰনিক আৰু অপটিকেল ধৰ্মৰ অগ্ৰণী অধ্যয়ন"ৰ বাবে অপটিকেল ছ'চাইটি অৱ আমেৰিকাৰ আৰ ডব্লিউ উড বঁটাৰ সহ-প্ৰাপক হয়।১৭
তেওঁ মুঞ্জী বাৱেণ্ডি আৰু লুই ই. ব্ৰুচৰ সৈতে "কোৱাণ্টাম ডট আৱিষ্কাৰ আৰু সংশ্লেষণৰ বাবে" ২০২৩ চনৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৫
নিৰ্বাচিত প্ৰকাশন
- Ekimov, A. I.; Onushchenko, A. A. (30 September 1981). (Quantum size effect in three-dimensional microscopic semiconductor crystals). Zhurnal Eksperimentalnoi I Teoreticheskoi Fiziki. পৃ. 363–366
- Ekimov, A. I.; Onushchenko, A. A. (1982). Quantum size effect in three-dimensional microscopic semiconductor crystals. Journal of Experimental and Theoretical Physics Letters (JETP Lett.). পৃ. 345–349
- Ekimov, A. I.; Efros, Al. L.; Onushchenko, A. A. (1 December 1985). Quantum size effect in semiconductor microcrystals. Solid State Communications. পৃ. 921–924
- Ekimov, A. I.; Hache, F.; Schanne-Klein, M. C. (1 January 1993). Absorption and intensity-dependent photoluminescence measurements on CdSe quantum dots: assignment of the first electronic transitions. JOSA B. পৃ. 100–107
তথ্যসূত্ৰ
- ↑ Edwards, Christian; Hunt, Katie; Upright, Ed. (4 October 2023). Nobel Prize awarded for discovery of quantum dots that changed everything from TV displays to cancer imaging. CNN
- ↑ Екимов А.И., Онущенко А.А. (1981). Квантовый размерный эффект в трехмерных микрокристаллах полупроводников. Письма в ЖЭТФ. পৃ. 363–366
- ↑ (2023-10-04). Russian-Born Quantum Dot Pioneer Ekimov Wins Nobel Prize in Chemistry. The Moscow Times
- ↑ (2023-10-09). Alexei Ekimov · Biography, Nobel Prize, Quantum Dots, & Facts · Britannica. www.britannica.com
- ↑ (4 October 2023). They planted an important seed for nanotechnology. The Nobel Prize
- ↑ Robinson2023-10-11T17:50:00+01:00, Julia. The quantum dot story. Chemistry World
- ↑ Bubola, Emma; Miller, Katrina. (Oct 4, 2023). Nobel Prize in Chemistry Awarded to 3 Scientists for Exploring the Nanoworld. The New York Times
- ↑ Sanderson, Katharine; Castelvecchi, Davide. (4 October 2023). Tiny 'quantum dot' particles win chemistry Nobel. Nature. পৃ. 227–228
- ↑ Gramling, Carolyn. (4 October 2023). The development of quantum dots wins the 2023 Nobel prize in chemistry. Science News
- ↑ Clery, Daniel; Kean, Sam. (4 Oct 2023). Creators of quantum dots, used in TV displays and cell studies, win chemistry Nobel. Science
- ↑ Ekimov, A. I.; Onushchenko, A. A. (1981-09-01). Quantum size effect in three-dimensional microscopic semiconductor crystals. Soviet Journal of Experimental and Theoretical Physics Letters. পৃ. 345
- ↑ Efros, Alexander L.; Brus, Louis E. (27 April 2021). Nanocrystal Quantum Dots: From Discovery to Modern Development. ACS Nano. পৃ. 6192–6210
- ↑ Ekimov, A. I.; Onushchenko, A. A.; Plyukhin, A. G. (1985-04-01). Size quantization of excitons and determination of the parameters of their energy spectrum in CuCl. Soviet Journal of Experimental and Theoretical Physics. পৃ. 891
- ↑ Efros, Al. L.; Rosen, M. (2000). The Electronic Structure of Semiconductor Nanocrystals. Annual Review of Materials Science. পৃ. 475–521
- ↑ Devlin, Hannah. (2023-10-04). Scientists share Nobel prize in chemistry for quantum dots discovery. The Guardian
- ↑ Bubola, Emma; Miller, Katrina. (4 October 2023). Nobel Prize in Chemistry Awarded to 3 Scientists for Work With Quantum Dots. The New York Times
- ↑ (30 August 2006). Twenty attain 2006 top honors from the OSA. Laser Focus World
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেক্সি একিম'ভ” প্ৰবন্ধৰ সংশোধন ৪৩৪৮১১ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।