অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিনা কাম্পৌৰিছ

এলিনা কাম্পৌৰিছ জন্ম: ১৬ ছেপ্টেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নাট্য চলচ্চিত্ৰ মেন, উইমেন এণ্ড চিলড্ৰেন (২০১৪)ত এলিছন ডছ, এনবিচি ধাৰাবাহিক আমেৰিকান অডিছি (২০১৫)ত মায়া ডেকাৰ, ৰোমাণ্টিক কমেডি চলচ্চিত্ৰ ফ্ৰেঞ্চাইজ মাই বিগ ফেট গ্ৰীক ৱেডিং (২০১৬–২০২৩)ৰ ছিকুৱেলসমূহত পেৰিছ মিলাৰ, নাট্য…

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এলিনা কাম্পৌৰিছ জন্ম: ১৬ ছেপ্টেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নাট্য চলচ্চিত্ৰ মেন, উইমেন এণ্ড চিলড্ৰেন (২০১৪)ত এলিছন ডছ, এনবিচি ধাৰাবাহিক আমেৰিকান অডিছি (২০১৫)ত মায়া ডেকাৰ, ৰোমাণ্টিক কমেডি চলচ্চিত্ৰ ফ্ৰেঞ্চাইজ মাই বিগ ফেট গ্ৰীক ৱেডিং (২০১৬–২০২৩)ৰ ছিকুৱেলসমূহত পেৰিছ মিলাৰ, নাট্য চলচ্চিত্ৰ বিফ’ৰ আই ফল (২০১৭)ত জুলিয়েট চাইকছ, আৰু নেটফ্লিক্স ছুপাৰহিৰো ধাৰাবাহিক জুপিটাৰছ লেগেচি (২০২১)ত ক্ল' চেম্পছন চৰিত্ৰৰ বাবে জনাজাত। ২০১৬ চনত তেওঁ লে লিয়াজঁ দঁজেৰুজ নাটকত চেচিল ভোলাংগেছ চৰিত্ৰত অভিনয় কৰি ব্ৰডৱেত আত্মপ্ৰকাশ কৰে।

প্ৰাৰম্ভিক জীৱন

কাম্পৌৰিছৰ জন্ম ১৬ ছেপ্টেম্বৰ, ১৯৯৭ চনত নিউয়ৰ্ক চহৰতত হৈছিল।১ তেওঁ আমেৰিকান ফেশ্বন অলংকাৰ চিত্ৰশিল্পী আইভি বেৰী আৰু গ্ৰীক ৱাইন দোকানৰ মালিক আলেকজেণ্ডাৰ কাম্পৌৰিছৰ কন্যা। তেওঁ আমেৰিকান ষ্টেণ্ডাৰ্ড কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ইমানুৱেল কাম্পৌৰিছৰ নাতিনী।২

তেওঁৰ মাতৃৰ জৰিয়তে ইংৰাজ আৰু ফৰাচী বংশধৰো আছে।৩৪৫৬৭

তেওঁৰ দেউতা কাছোছৰ স্থানীয় বাসিন্দা আৰু তেওঁ নিজৰ ৱাইন দোকান বাস্কিং ৰিজ, নিউ জাৰ্চিত পৰিচালনা কৰে।৮

কাম্পৌৰিছৰ এজন ডাঙৰ ভাই আছে, যাৰ নাম এম্মানুৱেল। তেওঁ ব্ৰীজৱাটাৰ টাউনশ্বিপ, নিউ জাৰ্চিত ডাঙৰ হৈছিল। তেওঁ গিল চেণ্ট বাৰ্নাৰ্ড স্কুলত অধ্যয়ন কৰিছিল, যদিও হাইস্কুলৰ অন্তিম বছৰবোৰত বিদ্যালয় এৰি ব্যক্তিগত শিক্ষকৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিছিল।৫৯

কেৰিয়াৰ

২০১২ চনত কাম্পৌৰিছে দ্য চি ডব্লিউ কিশোৰ নাটক ধাৰাবাহিক গছিপ গাৰ্লৰ এটা খণ্ডত কনষ্টেন্স গাৰ্লৰ চৰিত্ৰত সৰু অতিথি চৰিত্ৰত অভিনয় কৰি অভিষেক ঘটায়।৫৬১০ ইয়াৰ পিছত তেওঁ নিক'ল'ডিয়ান টেলিভিছন কমেডী ছবি জিনক্সেড (২০১৩)ৰ দ্বাৰা আইভী মাৰেৰ চৰিত্ৰত অভিনয় কৰে।৫১১ সেই বছৰতে কাম্পৌৰিছে লেবাৰ ডে' নাটকত অভিষেক ঘটায়, য'ত এগৰাকী যুৱতী ৰেচেল মেককেনৰ চৰিত্ৰত অভিনয় কৰে।৩৪ ২০১৩ চনৰ ডিচেম্বৰ মাহত তেওঁ উইলিয়াম মৰিছ এণ্ডেভাৰ টেলেণ্ট এজেন্সীৰ সৈতে চুক্তিবদ্ধ হয়।১০

২০১৪ চনত কেম্পৌৰিছে কমেডী-ড্ৰামা ছবি মেন, উইমেন এণ্ড চিলড্ৰেনত এলিছন ডছৰ চৰিত্ৰত অভিনয় কৰিছিল।৪১১ পিছলৈ তেওঁ কমেডী-ড্ৰামা ছবি দ্য কবলাৰত এলেক্সিয়াৰ চৰিত্ৰত অভিনয় কৰে।১২

২০১৫ চনত এনবিচিৰ থ্ৰিলাৰ ধাৰাবাহিক আমেৰিকান অডিচিত পিটাৰ ফেচিনেলিৰ চৰিত্ৰৰ কন্যা মায়া ডেকাৰৰ চৰিত্ৰত অভিনয় কৰে।৩৬১৩ এটা ছিজনৰ পিছত এই ধাৰাবাহিকখন বাতিল কৰা হয়।১৪ কাম্পৌৰিছে ২০১৬ চনৰ ছিকুৱেল মাই বিগ ফেট গ্ৰীক ৱেডিং ২ৰ পৰা আৰম্ভ কৰি ৰোমান্টিক কমেডী ছবি ফ্ৰেঞ্চাইজি মাই বিগ ফেট গ্ৰীক ৱেডিংত পেৰিছ মিলাৰৰ চৰিত্ৰত সহযোগী ভূমিকা পালন কৰে আৰু ২০২৩ চনৰ ছিকুৱেল মাই বিগ ফেট গ্ৰীক ৱেডিং ৩ত এই চৰিত্ৰটো পুনৰায় অভিনয় কৰে।৩১৫

২০১৬ চনত তেওঁ ব্ৰডৱেত অভিষেক ঘটায় Les Liaisons Dangereusesৰ প্ৰযোজনাত। কেম্পৌৰিছে চেচিল ভোলাংগেছ নামৰ এগৰাকী ধনী আৰু বোকা কিশোৰৰ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। পিছৰ বছৰত তেওঁ নাটকীয় ছবি বিফোৰ আই ফ'লত জুলিয়েট চাইকেছৰ চৰিত্ৰত সহযোগী চৰিত্ৰত অভিনয় কৰে।১৬

২০১৯ চনৰ ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হয় যে নেটফ্লিক্সৰ ছুপাৰহিৰো ছিৰিজ জুপিটাৰছ লেগেচিত ক্ল' চেম্পছনৰ চৰিত্ৰত অভিনয় কৰা হৈছে।১৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Performer: Elena Kampouris. Internet Broadway Database
  2. ↑ Obituary: Donald Barry. Wilson Funeral Home
  3. ↑ (May 2015). Elena Kampouris Talks My Big Fat Greek Wedding 2. Teen Vogue
  4. ↑ (September 2014). Elena Kampouris stars in Men, Women & Children. USA Today
  5. ↑ (August 25, 2016). Greek Actress Elena Kampouris is True to Her Roots. New Jersey Monthly
  6. ↑ Maya Decker – American Odyssey. NBC
  7. ↑ Coppenger, Mark. (2018). For Such a Time as This: Kampouris and Kairos. WestBow Press. ISBN 9781973636465
  8. ↑ Nordstrom, Leigh. (March 24, 2016). Growing Up Greek: Elena Kampouris Stars in 'My Big Fat Greek Wedding 2'. Women's Wear Daily
  9. ↑ La Gorce, Tammy. "Greek Actress Elena Kampouris is True to Her Roots; The star of My Big Fat Greek Wedding 2 and Bridgewater native talks about her Greek upbringing and spending weekends at the mall.", New Jersey Monthly, August 25, 2016. Accessed December 10, 2017
  10. ↑ (December 2013). Elena Kampouris Joins Men, Women & Children. The Hollywood Reporter
  11. ↑ (December 2013). Elena Kampouris Cast in Men, Women & Children. Film School Rejects
  12. ↑ (February 2015). Elena Kampouris Interview. Fashion Magazine
  13. ↑ Andreeva, Nellie. (June 30, 2015). 'American Odyssey' Cancelled By NBC After One Season. Deadline Hollywood
  14. ↑ Andreeva, Nellie. (June 30, 2015). 'American Odyssey' Cancelled By NBC After One Season. Deadline Hollywood
  15. ↑ McNary, Dave. (May 21, 2015). 'My Big Fat Greek Wedding 2' Set for March 25 Against 'Batman v Superman'. Variety
  16. ↑ Sneider, Jeff. (October 27, 2015). Halston Sage, Logan Miller, Kian Lawley Join Zoey Deutch in 'Before I Fall'. TheWrap
  17. ↑ Petski, Denise; Andreeva, Nellie. (February 11, 2019). 'Jupiter's Legacy': Josh Duhamel, Leslie Bibb, Ben Daniels & Matt Lanter Among 7 Cast In Netflix Series. Deadline Hollywood

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিনা কাম্পৌৰিছ” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৪৬ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।