অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ

উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ (Open Access Week) বা অʼপেন এক্সেছ সপ্তাহ হৈছে উন্মুক্ত প্ৰৱেশাধিকাৰ আৰু ইয়াৰ আনুষংগিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে উদযাপিত এটি বাৰ্ষিক পাণ্ডিত্যপূৰ্ণ যোগাযোগৰ অনুষ্ঠান।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আছে]]

২০১৫ চনৰ উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহৰ সময়ত আয়োজিত ৱিকিপিডিয়া এডিট-আ-থনৰ এটা ৱেব বেনাৰ (ছুইডিছ ভাষাত)।
২০১৫ চনৰ উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহৰ সময়ত আয়োজিত ৱিকিপিডিয়া এডিট-আ-থনৰ এটা ৱেব বেনাৰ (ছুইডিছ ভাষাত)।ছবি: Jan Ainali · CC BY-SA 4.0
এটা ষ্টেনচিল আৰু "অʼপেন এক্সেছ উইক" লিখা এখন কাৰ্ড।
এটা ষ্টেনচিল আৰু "অʼপেন এক্সেছ উইক" লিখা এখন কাৰ্ড।ছবি: Subhashish Panigrahi · CC BY-SA 4.0

উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ (Open Access Week) বা অʼপেন এক্সেছ সপ্তাহ হৈছে উন্মুক্ত প্ৰৱেশাধিকাৰ আৰু ইয়াৰ আনুষংগিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে উদযাপিত এটি বাৰ্ষিক পাণ্ডিত্যপূৰ্ণ যোগাযোগৰ অনুষ্ঠান। বিশ্বজুৰি বহুতো স্থানত অক্টোবৰ মাহৰ শেষ সপ্তাহজুৰি অনলাইন আৰু অফলাইন উভয়তে এই অনুষ্ঠানটি আয়োজিত হয়। সাধাৰণ কাৰ্য্যকলাপসমূহৰ ভিতৰত আলোচনা, চেমিনাৰ, চিম্পʼজিয়াম, বা উন্মুক্ত প্ৰৱেশাধিকাৰ আদেশ (Open-access mandate) বা উন্মুক্ত প্ৰৱেশাধিকাৰৰ অন্যান্য মাইলৰ খুঁটিৰ ঘোষণা আদি অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, ৰয়েল ছ'চাইটিয়ে ২০১১ চনৰ উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহত, ১৬৬৫ চনৰপৰা ১৯৪১ চনলৈকে তেওঁলোকৰ আৰ্কাইভৰ ডিজিটেলাইজড বেকফাইলসমূহ মুকলি কৰিব বুলি ঘোষণা কৰিছিল।১

ইতিহাস

এৰিজোনা বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন আলোচনা-চক্ৰৰ উদাহৰণ অনুষ্ঠান, ২৫ অক্টোবৰ, ২০১১
এৰিজোনা বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন আলোচনা-চক্ৰৰ উদাহৰণ অনুষ্ঠান, ২৫ অক্টোবৰ, ২০১১ছবি: Skoch3 · CC BY-SA 3.0

উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহৰ শিপা বিয়পি আছে, ২০০৭ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় উন্মুক্ত প্ৰৱেশাধিকাৰ কাৰ্যক্ৰম দিৱসত, যিটো সমগ্ৰ আমেৰিকাত ষ্টুডেণ্টছ ফৰ ফ্ৰী কালচাৰ আৰু এলায়েন্স ফৰ টেক্সপেয়াৰ এক্সেছৰদ্বাৰা আয়োজিত।২ ২০০৮ চনত ১৪ অক্টোবৰ তাৰিখটোক উন্মুক্ত প্ৰৱেশাধিকাৰ দিৱস হিচাপে নিৰ্ধাৰণ কৰা হয় আৰু এই অনুষ্ঠান বিশ্বব্যাপী পালন কৰা হয়।৩ ২০০৯ চনত এই অনুষ্ঠানটো ১৯–২৩ অক্টোবৰৰপৰা এসপ্তাহলৈ সম্প্ৰসাৰিত কৰা হয়।৪ ২০১০ চনত ই ১৮–২৪ অক্টোবৰৰপৰা অনুষ্ঠিত হৈছিল।৫ ২০১১ চনৰপৰা প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষ সপ্তাহজুৰি এই অনুষ্ঠানটি আয়োজিত হৈ আছে।৬

বিষয়-বস্তু

প্ৰথম বছৰবোৰত উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ উদ্‌যাপন কৰা সংস্থাসমূহে নিজৰ নিজৰ বিষয়-বস্তু নিৰ্ধাৰণ কৰিছিল। ২০১২ চনৰপৰা বিশ্ব বেংকত অনুষ্ঠিত হোৱা সংশ্লিষ্ট কিক-অফ অনুষ্ঠানত এটা 'অফিচিয়েল' থিম স্থাপন কৰা হৈছিল আৰু বিশেষ মনোযোগ লাভ কৰিছিল।

  • ২০১২: "অবিকল্পিতক উন্মুক্ত প্ৰৱেশাধিকাৰলৈ সংহতি কৰা" (Set the default to open access)৭
  • ২০১৩: "প্ৰভাৱ পুনৰ সংজ্ঞায়িত কৰা" (Redefining impact)৮
  • ২০১৪: "উন্মুক্ত প্ৰজন্ম" (Generation Open)৯
  • ২০১৫: "সহযোগিতাৰ বাবে উন্মুক্ত" (Open for Collaboration)১০
  • ২০১৬: "কৰ্মত উন্মুক্ততা" (Open in Action)১১
  • ২০১৭: "অপেন ইন অৰ্ডাৰ টু" (Open In Order To)১২
  • ২০১৮: "মুক্ত জ্ঞানৰ বাবে সমতাপূৰ্ণ ভেটি নিৰ্মাণ কৰা" (Designing Equitable Foundations for Open Knowledge)১৩
  • ২০১৯: "কাৰ বাবে উন্মুক্ত? মুক্ত জ্ঞানত সমতা" (Open for Whom? Equity in Open Knowledge)১৪
  • ২০২০: "উদ্দেশ্যৰে মুকলি: গাঁথনিগত সমতা আৰু অন্তৰ্ভুক্তি গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা" (Open with Purpose: Taking Action to Build Structural Equity and Inclusion)১৫
  • ২০২১: “আমি জ্ঞান কেনেকৈ উন্মুক্ত কৰো সেয়া গুৰুত্বপূৰ্ণ: গাঁথনিগত সমতা গঢ়ি তোলা” (It Matters How We Open Knowledge: Building Structural Equity)১৬
  • ২০২২: "জলবায়ু ন্যায়ৰ বাবে মুকলি" (Open for Climate Justice)১৭
  • ২০২৩: "বাণিজ্যিকীকৰণৰ ওপৰত সম্প্ৰদায়" (Community over Commercialisation)১৮
  • ২০২৪: "বাণিজ্যিকীকৰণৰ ওপৰত সম্প্ৰদায়" (Community over Commercialisation)১৯
  • ২০২৫: "আমাৰ জ্ঞানৰ মালিক কোন?" (Who Owns Our Knowledge?)২০

অনুষ্ঠান

প্ৰতি বছৰৰ উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহৰ অনুষ্ঠানসমূহ উন্মুক্ত প্ৰৱেশাধিকাৰ ডাইৰেকটৰী২১ আৰু উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহৰ ৱেবছাইটত লিপিবদ্ধ কৰা হয়।২২

লগতে চাওক

  • বিজ্ঞান উৎসৱ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (26 October 2011). Royal Society journal archive made permanently free to access. The Royal Society
  2. ↑ Announcing the National Day of Action for Open Access: Feb. 15 (WebCite)
  3. ↑ First Open Access Day to be held October 14, 2008 (WebCite)
  4. ↑ (5 March 2009). Open Access Week declared for 2009. SPARC (WebCite)
  5. ↑ Open Access Week 2010 declared for October 18 to 24 (Webcite)
  6. ↑ (17 December 2010). Open Access Week 2011 Dates announced. Open Access Week
  7. ↑ (October 23, 2013). Open Access Week 2012. Electronic Information for Libraries (EIFL)
  8. ↑ (October 18, 2013). Redefining Impact Through Open Access. World Bank
  9. ↑ (July 15, 2014). SPARC and the World Bank to co-host kickoff event for 2014 International Open Access Week. International Open Access Week
  10. ↑ (March 4, 2015). Theme of 2015 Open Access Week to be "Open for Collaboration"
  11. ↑ (May 12, 2016). Theme of 2016 International Open Access Week to be "Open in Action"
  12. ↑ Theme of 2017 International Open Access Week to be "Open in order to…". www.openaccessweek.org
  13. ↑ Theme of 2018 International Open Access Week To Be "Designing Equitable Foundations for Open Knowledge". www.openaccessweek.org
  14. ↑ Shockey, Nick. Theme of 2019 International Open Access Week To Be "Open for Whom? Equity in Open Knowledge". Openaccessweek.org
  15. ↑ Shockey, Nick. (31 August 2020). Theme of 2020 Open Access Week to be Open with Purpose: Taking Action to Build Structural Equity and Inclusion. Open Access Week
  16. ↑ International Open Access Week 2021. UO Libraries
  17. ↑ (August 12, 2022). International Open Access Week 2022 Theme. International Open Access Week
  18. ↑ (April 27, 2023). Theme for Open Access Week 2023
  19. ↑ Theme for Open Access Week 2024 Continues Call to Put “Community over Commercialization”. International Open Access Week
  20. ↑ Theme for Open Access Week 2025 Asks “Who Owns Our Knowledge?”. International Open Access Week
  21. ↑ Events. Open Access Directory. Simmons School of Library and Information Science
  22. ↑ Upcoming events. Open Access Week

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উন্মুক্ত প্ৰৱেশাধিকাৰ সপ্তাহ” প্ৰবন্ধৰ সংশোধন ৬২৯৬১৮ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।