অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১

উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১ (North-Eastern Areas (Reorganisation) Act, 1971) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সীমাক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ এক বৃহৎ সংস্কাৰ আছিল।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ
আইনখন গৃহীত হোৱাৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ মানচিত্ৰ
আইনখন গৃহীত হোৱাৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ মানচিত্ৰছবি: Wikitruecified · CC BY-SA 4.0

উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১ (North-Eastern Areas (Reorganisation) Act, 1971) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সীমাক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ এক বৃহৎ সংস্কাৰ আছিল।

পৰিৱৰ্তনৰ প্ৰভাৱ

  • মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যৰ প্ৰতিষ্ঠা। পূ্ৰ্বে সেইবোৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।
  • মেঘালয় ৰাজ্যৰ প্ৰতিষ্ঠা। পূৰ্বে ই অসমৰ স্বায়ত্তশাসিত অংশ আছিল।
  • কেন্দ্ৰীয় শাসিত অঞ্চল- মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ গঠন।
  • উপৰোক্ত পৰিৱৰ্তনৰ ফলত অসম ৰাজ্যৰ ক্ষেত্ৰফল হ্ৰাস।
  • নতুনকৈ সৃষ্টি হোৱা ভূখণ্ডৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ আসন আবণ্টন।
  • নতুনকৈ সৃষ্টি হোৱা ভূখণ্ডৰ বাবে বিধানসভাৰ আসন আবণ্টন।
  • ১৯৭১ চনৰ মূল আইনখনত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা থকাৰ বিপৰীতে ২০১২ চনৰ সংশোধনীৰ ফলত ২০১৩ চনৰ মাৰ্চ মাহত মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে পৃথক উচ্চ ন্যায়ালয়ৰ সৃষ্টি কৰা হয়।
  • বাকী পৰিৱৰ্তিত ভূখণ্ডৰ বাবে নতুন, উমৈহতীয়া উচ্চ ন্যায়ালয়ৰ সৃষ্টি।

কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যৰ মৰ্যদা প্ৰদান

  • ১৯৮৬ চনত মিজোৰাম শান্তি চুক্তিৰ পিছত ১৯৮৭ চনত মিজোৰামক ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়।১
  • অৰুণাচল প্ৰদেশক অৰুণাচল প্ৰদেশ আইন, ১৯৮৬ৰ দ্বাৰা সম্পূৰ্ণভাৱে ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হয়।২

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hazarika, S. (30 September 2016). 'There is Peace in Mizoram Because of Its Brutal Past'. The Wire
  2. ↑ (24 December 1986). State of Arunachal Pradesh Act, 1986. liiofindia.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন, ১৯৭১” প্ৰবন্ধৰ সংশোধন ৬০৩২৩৪ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।