ইৰ'চ (Eros) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম আৰু যৌনতাৰ দেৱতা। তেওঁৰ ৰোমান সমকক্ষ হৈছে কিউপিড।১ প্ৰাৰম্ভিক কালত ইৰ'চক এক আদি দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰ বিপৰীতে পিছৰ পৰ্যায়ৰ লিখনি আদিত তেওঁক সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটি আৰু যুদ্ধৰ দেৱতা এৰিচৰ পুত্ৰ বুলি আখ্যা দিয়া হৈছে। ইৰ'টিচ নামেৰে পৰিচিত ডেউকাযুক্ত প্ৰেমৰ দেৱতাসকল তেওঁৰ সহোদৰ।
উপস্থাপন
পৌৰাণিক গ্ৰীক সূত্ৰসমূহত ইৰ'চৰ উপস্থিতি বিভিন্নধৰণে দেখিবলৈ পোৱা যায়। প্ৰাৰম্ভিক কালৰ ৰচনা যেনে, ক'চম'গনি, দৰ্শনশাস্ত্ৰ, গ্ৰীক-ৰোমান ৰহস্য সম্পৰ্কীয় লেখনি আদিত ইৰ'চক এজন আদি দেৱতা হিচাপে উপস্থাপন কৰা হৈছে আৰু ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ সৈতেও তেওঁৰ সম্পৰ্ক স্থাপন কৰা হৈছে। পিছৰ কালছোৱাৰ সূত্ৰসমূহত ইৰ'চক এফ্ৰোডাইটিৰ পুত্ৰ হিচাপে বৰ্ণনা কৰা হৈছে য'ত তেওঁৰ হস্তক্ষেপত দেৱতা আৰু মানৱৰ মাজত প্ৰায়েই অবৈধ প্ৰেম উৎপন্ন হৈছে। নৱজাগৰণৰ সময়ৰ ইৰ'চক যৌন শক্তিৰ এক মূৰ্তমান স্বৰূপ আৰু শিল্পী হিচাপে এক কমবয়সীয়া যুৱকৰ ৰূপত চিত্ৰায়িত কৰা হৈছে।২
প্ৰাক-ধ্ৰুপদী কালৰ গ্ৰীচত ইৰ'চৰ উপাসকসকলৰ এক পন্থা আছিল যদিও এফ্ৰোডাইটিৰ পন্থাতকৈ ইয়াৰ গুৰুত্ব কম আছিল। অৱশ্যে পৰৱৰ্তী সময়ত থেছপি নামৰ ঠাইত ইৰ'চক এক উৰ্বৰতা সম্পৰ্কীয় পন্থাই উপাসনা কৰিছিল। এথেন্সত এফ্ৰোডাইটিৰ সৈতে ইৰ'চৰ উপাসনাৰ পন্থা জনপ্ৰিয় আছিল আৰু প্ৰতিমাহৰ চতুৰ্থ দিনটো হেৰাক্লিচ, হাৰ্মিচ আৰু এফ্ৰোডইটিৰ লগতে ইৰ'চৰ বাবেও পবিত্ৰ হিচাপে গণ্য কৰা হৈছিল।৩
ইৰ'চ আছিল ইৰ'টিচসকলৰ (ডেউকাধাৰী প্ৰেমৰ দেৱতাসকল) অন্যতম যাক পুৰুষৰ মাজত সমকামিতাৰ পৃষ্ঠপোষক হিচাপে গণ্য কৰা হৈছিল।৪ হেৰাক্লিচ আৰু হাৰ্মিচৰ সৈতে ইৰ'চে সমকামিতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল য'ত তেওঁলোকে সমকামী পুৰুষসকলক সৌন্দৰ্য, নিষ্ঠা, শক্তি আৰু বাগ্মিতা প্ৰদান কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ Larousse Desk Reference Encyclopedia, The Book People, Haydock, 1995, p. 215
- ↑ "Eros", in S. Hornblower and A. Spawforth, eds., The Oxford Classical Dictionary
- ↑ Mikalson, Jon D. (2015). The Sacred and Civil Calendar of the Athenian Year. Princeton University Press. পৃ. 186. ISBN 9781400870325
- ↑ Conner, Randy P.; Sparks, David Hatfield; Sparks, Mariya. (1998). Cassell's Encyclopedia of Queer Myth, Symbol and Spirit. Cassell. পৃ. 133. ISBN 0-304-70423-7
- ↑ Conner, Randy P.; Sparks, David Hatfield; Sparks, Mariya. (1998). Cassell's Encyclopedia of Queer Myth, Symbol and Spirit. Cassell. পৃ. 132. ISBN 0-304-70423-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰ'চ” প্ৰবন্ধৰ সংশোধন ৬৩২১৫২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।