ইব'লা ভাইৰাছ ৰোগ বা ইব'লা ৰক্তক্ষৰিত ৰোগ (Ebola virus disease (EVD বা Ebola hemorrhagic fever,EHF) ইব'লা নামৰ ভাইৰাছবিধৰ বাবে হোৱা মানুহৰ এটা ৰোগ। ইয়াৰ লক্ষণ সাধাৰণতে ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ ২ দিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত দেখা দিব পাৰে। এই ৰোগৰ প্ৰধান লক্ষণসমূহ হ’ল- জ্বৰ, ডিঙিৰ বিষ, মাংসপেশীৰ বিষ (Myalgia) আৰু মূৰৰ বিষ ৰোগে অগ্ৰগতি পোৱাৰ লগে লগে অন্যান্য লক্ষণ যেনে বমি, ডায়েৰিয়া আদিৰ পৰা যকৃৎ আৰু কিডনী বিকল হৈ পৰিব পাৰে। ১
ৰোগৰ সংক্ৰমণৰ কাৰণ
সংক্ৰমিত জন্তুৰ (সাধাৰণতে বান্দৰ বা ফল বাদুলী/fruit bat) তেজ বা দেহ প্ৰৰসৰ লগত সংস্পৰ্শৰ পৰা হ'লে এই ৰোগ হয়।১ বতাহৰ যোগেদি প্ৰাকৃতিক পৰিবেশত ৰোগ বিয়পাৰ প্ৰমাণ নাই।২ ফল বাদুলীয়ে নিজে সংক্ৰমিত নোহোৱাকৈ ভাইৰাছবিধ কঢ়িয়াব আৰু বিয়পাব পাৰে। এবাৰ মানুহৰ সংক্ৰমণ হ'লে ই আন মানুহলৈ বিয়পিব পাৰে। বাছি যোৱা পুৰুষ দুমাহলৈকে বীৰ্যৰ জৰিয়তে ৰোগ বিয়পাব পাৰে। ৰোগনিৰ্ণয়ৰ বাবে একেধৰণৰ লক্ষণ থকা আন ৰোগ যেনে মেলেৰিয়া, কলেৰা আৰু আন ভাইৰেল ৰক্তক্ষৰিত ৰোগৰ সম্ভাৱনা প্ৰথমে বাদ দিয়া হয়। ৰোগ নিশ্চিত কৰিবলৈ তেজৰ নমুনা ভাইৰেল প্ৰতিদেহ, ভাইৰেল আৰ এন এ, বা ভাইৰাছৰ বাবে পৰীক্ষা কৰা হয়।১
ৰোগৰ লক্ষণ
ইব'লাৰ চিহ্ন আৰু লক্ষণবোৰ হঠাতে ইনফ্লুৱেঞ্জাৰ দৰে ভাগৰ লগা, জ্বৰ, মূৰৰ বিষ, গাঁঠিৰ বিষ আৰু পেটৰ বিষেৰে আৰম্ভ হয়।৩৪ বমি, হাগনী আৰু আভোক প্ৰায়েই হয়।৪ কমকৈ হোৱা লক্ষণবোৰ হৈছে: ডিঙিৰ বিষ, বুকুৰ বিষ, হিকটি, উশাহ চুটি হোৱা আৰু গিলাত অসুবিধা।৪ সংক্ৰমণ হোৱা আৰু লক্ষণৰ আৰম্ভণিৰ মাজৰ গড় সময় ৮ৰ পৰা ১০ দিন, কিন্তু এয়া ২ৰ পৰা ২১ দিনলৈকে হ'ব পাৰে।৪ ছালত ৰঙচুৱা দাগ পৰিব পাৰে (৫০% ৰোগীৰ ক্ষেত্ৰত)। EVD-ৰ প্ৰাৰম্ভিক লক্ষণ মেলেৰিয়া, ডেংগি জ্বৰ বা আন ক্ৰান্তীয় জ্বৰৰ দৰে আৰু তাৰ পাছত ৰোগ ৰক্তক্ষৰণ স্তৰলৈ আগবাঢ়ে।৩
This may be done by checking such animals for infection and killing and properly disposing of the bodies if the disease is discovered. Properly cooking meat and wearing protective clothing when handling meat may also be helpful, as are wearing protective clothing and Washing hands when around a person with the disease. Samples of bodily fluids and tissues from people with the disease should be handled with special caution.১ -->
তথ্যসূত্ৰ
Bibliography
- Klenk, Hans-Dieter. (January 1999). Marburg and Ebola Viruses (Current Topics in Microbiology and Immunology). Springer-Verlag Telos. ISBN 978-3-540-64729-4
- Klenk, Hans-Dieter; Feldmann, Heinz. (2004). Ebola and Marburg viruses: molecular and cellular biology. Horizon Bioscience. ISBN 978-0-9545232-3-7
- Kuhn, Jens H. (2008). Filoviruses: A Compendium of 40 Years of Epidemiological, Clinical, and Laboratory Studies. Archives of Virology Supplement, vol. 20. SpringerWienNewYork. ISBN 978-3-211-20670-6
- McCormick, Joseph; Fisher-Hoch, Susan. (1999). Level 4: Virus Hunters of the CDC. Barnes & Noble. ISBN 978-0-7607-1208-5
- Pattyn, S. R. (1978). Ebola Virus Haemorrhagic Fever. Elsevier/North-Holland Biomedical Press. ISBN 0-444-80060-3
- Ryabchikova, Elena I.; Price, Barbara B. (2004). Ebola and Marburg Viruses: A View of Infection Using Electron Microscopy. Battelle Press. ISBN 978-1-57477-131-2
বাহ্যিক সংযোগ
- ViralZone: Ebola-like viruses – Virological repository from the Swiss Institute of Bioinformatics
- CDC: Ebola hemorrhagic fever – Centers for Disease Control and Prevention, Special Pathogens Branch
- WHO: Ebola haemorrhagic fever – World Health Organization, Global Alert and Response
- Virus Pathogen Database and Analysis Resource (ViPR): Filoviridae
- 3D macromolecular structures of the Ebola virus archived in the EM Data Bank(EMDB)
- Google Map of Ebola Outbreaks
- WHO recommended infection control measures
তথ্যসূত্ৰ
- ↑ (March 2014). Ebola virus disease Fact sheet N°103. World Health Organization
- ↑ (Apr 21 2014). 2014 Ebola Virus Disease (EVD) outbreak in West Africa. WHO
- ↑ Gatherer D. (2014). The 2014 Ebola virus disease outbreak in West Africa. J. Gen. Virol.. পৃ. 1619–1624
- ↑ (January 28, 2014). Ebola Hemorrhagic Fever Signs and Symptoms. CDC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইব'লা ভাইৰাছ ৰোগ” প্ৰবন্ধৰ সংশোধন ৬৩১২৮০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।