অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আৰু, জম্মু আৰু কাশ্মীৰ

আৰু (Aru, কাশ্মীৰী ভাষাত আদাব নামেৰে পৰিচিত) হৈছে বিবাদমান কাশ্মীৰ প্ৰান্তৰ অন্তৰ্গত ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন গাঁও তথা পৰ্যটনস্থলী। ই জিলা সদৰ অনন্তনাগ চহৰৰপৰা ৫৩ কিলোমিটাৰ দূৰত অৱস্থিত।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আৰু (Aru, কাশ্মীৰী ভাষাত আদাব নামেৰে পৰিচিত) হৈছে বিবাদমান কাশ্মীৰ প্ৰান্তৰ অন্তৰ্গত ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ এখন গাঁও তথা পৰ্যটনস্থলী। ই জিলা সদৰ অনন্তনাগ চহৰৰপৰা ৫৩ কিলোমিটাৰ দূৰত অৱস্থিত। লিড্ডাৰ নদীৰ নামনিৰপৰা ১১ কিলোমিটাৰ উজনিত আৰু পেহেলগামৰপৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত ই অৱস্থিত। ইয়াৰ নৈসৰ্গিক তৃণভূমি, হ্ৰদ আৰু পৰ্বতমালাৰ বাবে জনাজাত এই স্থানডোখৰ কোলাহোই হিমবাহ, তাৰচাৰ হ্ৰদ, মাৰচাৰ আৰু হেৰবাগোৱান হ্ৰদ অভিমুখে কৰা পৰ্বতাৰোহণ বা ট্ৰেকিং অভিযানৰ এটা মূল শিবিৰ। গাঁওখন লিড্ডাৰ নদীৰ উপনৈ; আৰু নদীৰ বাঁও পাৰে অৱস্থিত।১ জম্মু আৰু কাশ্মীৰৰ সৰ্ববৃহৎ পশুখাদ্য বীজ উৎপাদন কেন্দ্ৰটোও এই আৰু গাঁৱতে অৱস্থিত।

পৰ্যটন

আৰু উপত্যকা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পূৰ তৃণভূমিৰ বাবে বিখ্যাত।২৩ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু দৃশ্যৰাজিৰ বাবে ই পৰ্যটকসকলৰ মাজত অতি জনপ্ৰিয়।

এই গাঁওখন কোলাহোই হিমবাহ, তাৰচাৰ-মাৰচাৰ হ্ৰদ আৰু কাট্ৰিনাগ উপত্যকালৈ যোৱা ট্ৰেকাৰসকলৰ বাবে এটা মূল শিবিৰ। ই লগতে লিড্ডাৰৱাট, বিশানচাৰ-কিষানচাৰ হ্ৰদ আৰু কাংগানলৈ কৰা ট্ৰেকিং অভিযানৰো এটা প্ৰধান কেন্দ্ৰ।৪ কোলাহোই হৈছে কাশ্মীৰ উপত্যকাৰ সৰ্ববৃহৎ হিমবাহ, যি উপত্যকাটোৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কোলাহোইৰ (৫৪২৫ মিটাৰ) ওচৰত অৱস্থিত। পৰ্যটকৰ থকা-খোৱাৰ সুচলতাৰ বাবে ইয়াত বহুসংখ্যক হোটেল, ৰেষ্টুৰেণ্ট আৰু লজ উপলব্ধ। আৰু উপত্যকাৰ চৌপাশে প্ৰায় ২০টা আলপাইন হ্ৰদ, শৃংগ আৰু তৃণভূমি আছে। শীতকালত যেতিয়া আৰু উপত্যকাত প্ৰচুৰ তুষাৰপাত হয়, তেতিয়া স্কীইং আৰু হেলিস্কীইং অনুশীলন কৰা হয়। অন্যান্য পৰ্যটন কাৰ্যকলাপৰ ভিতৰত লিড্ডাৰ নদীত ট্ৰাউট মাছ ধৰা, ট্ৰেকিং, হাইকিং, অশ্বাৰোহণ, ৰমণীয় স্থান দৰ্শন আৰু ফটোগ্ৰাফী অন্তৰ্ভুক্ত।

ওভেৰা-আৰু জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল

ওভেৰা-আৰু জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চলটো ৰাজ্যৰ ৰাজধানী চহৰ শ্ৰীনগৰৰপৰা ৭৬ কিলোমিটাৰ দূৰত অৱস্থিত। ইয়াক অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে আৰু ই ৫১১ বৰ্গ কিলোমিটাৰ এলেকা জুৰি বিস্তৃত হৈ আছে।৫ সাগৰ পৃষ্ঠৰপৰা ইয়াৰ উচ্চতা ৩,০০০ ৰপৰা ৫,৪২৫ মিটাৰ পৰ্যন্ত।৬ ই কেইবাটাও বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ বাবে জনাজাত।২

তথ্যসূত্ৰ

  1. ↑ Sharad Singh Negi. (1991). Himalayan Rivers, Lakes, and Glaciers. Indus Publishing. পৃ. 34. ISBN 978-81-85182-61-2
  2. ↑ Anantnag: Pahalgam. Anantnag District Administration
  3. ↑ Parvéz Dewân. (15 January 2004). Parvéz Dewân's Jammû, Kashmîr, and Ladâkh: Kashmîr. Manas Publications. পৃ. 149. ISBN 978-81-7049-179-8
  4. ↑ M.S. Kohli. (1 April 2004). Mountains of India: Tourism, Adventure, Pilgrimage. Indus Publishing. পৃ. 205–. ISBN 978-81-7387-135-1
  5. ↑ (March 2003). ENVIS Newsletter: State Environment Related Issues, J&K. Directorate of Environment & Remote Sensing
  6. ↑ Dachigam Management Plan pdf. www.jkwildlife.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ গাঁওজম্মু আৰু কাশ্মীৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰু, জম্মু আৰু কাশ্মীৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৫২৪ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।