আল্ফ্ৰেড' ষ্টিফান' ডি ষ্টিফান' ল'উহি (Alfredo Stéfano di Stéfano Laulhé)১ (; ৪ জুলাই ১৯২৬ – ৭ জুলাই ২০১৪) এজন আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক আছিল। ১৯২৬ চনৰ ৪ জুলাইত বাৰাকাছ, বুৱেন'ছ আয়াৰ্ছত জন্মলাভ কৰা ডি ষ্টিফান'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰূপে গণ্য কৰা হয়।২৩৪৫ পঞ্চাছৰ দশকত ডি ষ্টিফান'ই ৰিয়েল মাড্ৰিডক ১৯৫৬ চনৰ পৰা লেথাৰিয়ে পাঁচবাৰ ইউৰোপীয়ান চেম্পিয়ন্ছ লীগ খিতাপ দখল কৰাত সহায় কৰিছিল। মাত্ৰ ফ্ৰান্সিস্ক' গেণ্ট' আৰু তেৱেঁই সেই খিতাপ লাভ কৰা আটাইকেইখন খেলত খেলা দুজন খেলুৱৈ। বেছিকৈ স্পেইনৰ হৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলা ডি ষ্টিফান'ই আৰ্জেণ্টিনা আৰু কলম্বিয়াৰ হৈও খেলিছিল।
"Saeta rubia" ("blond arrow" বা সোণালী চুলিৰ কাঁড়),৬৭৮ নামেৰেও জনাজাত ডি ষ্টিফান' ষ্টেমিনা, কৌশল আৰু দৃষ্টিৰে সমৃদ্ধ এজন শক্তিশালী ফৰৱাৰ্ড আছিল। খেলপথাৰৰ যিকোনো স্থানতে তেওঁ খেলিব পাৰিছিল। স্পেইনৰ শীৰ্ষ লীগত তেওঁ পঞ্চম সৰ্বোচ্চ স্ক'ৰাৰ। ১৯৫৩ৰ পৰা ১৯৬৪ চনলৈ ২৮২ খন লীগ খেলত ২১৬টা গ'লেৰে তেওঁ ৰিয়েল মাড্ৰিডৰ সৰ্বকালৰ দ্বিতীয় সৰ্বোচ্চ লীগ গ'লস্ক'ৰাৰ।
২০০৩ চনৰ নৱেম্বৰত উৱেফাৰ জয়ন্তীৰ লগত সংগতি ৰাখি Royal Spanish Football Federation-এ যোৱা পঞ্চাছ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তেওঁক স্পেইনৰ Golden Player হিচাপে নিৰ্বাচিত কৰিছিল।৯ ২০০৪ চনৰ মাৰ্চত পেলেই তেওঁক "১২৫ জন শ্ৰেষ্ঠ জীৱিত খেলুৱৈ"ৰ মাজত স্থান দিয়ে (২০০৯ চনৰ ছেপ্টেম্বৰত পেলেই ডি ষ্টিফান'ক আৰ্জেণ্টিনাৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি অভিহিত কৰিছিল)১০ ফৰাছী সাপ্তাহিক আলোচনী France Football-এ প্ৰাক্তন বেলন ডিঅ'ৰ বিজয়ীসকলৰ লগত আলোচনা কৰি শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ নিৰ্বাচনৰ বাবে কৰা ভোটত ডি ষ্টিফান'ই পেলে, ডিয়েগ' মাৰাড'না আৰু য়'হান ক্ৰায়্ফৰ পিছত চতুৰ্থ স্থান পাইছিল।১১
পেলে, ইউজেবিউ, লুইছ ছুৱাৰেজ, ছেন্দ্ৰ' মাজ'লা আৰু জন চাৰ্লছৰ দৰে খেলুৱৈয়ে ডি ষ্টিফান'ক "খেলৰ ইতিহাসত সকলোতকৈ সম্পূৰ্ণ খেলুৱৈ" বুলি কৈ গৈছে।১২
২০১৪ চনৰ জুলাইৰ হৃদৰোগত আক্ৰান্ত হোৱাত ডি ষ্টিফান'ক মাড্ৰিডৰ গ্ৰেগ'ৰিঅ' মাৰানন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়১৩ আৰু তাতে ৭ জুলাইত তেওঁৰ মৃত্যু হয়।১৪১৫
তথ্যসূত্ৰ
General
- (Autobiography) Di Stéfano, Alfredo. (2000). Gracias, Vieja: Las Memorias del Mayor Mito del Futbol. Aguilar. ISBN 84-03-09200-8
Specific
বাহ্যিক সংযোগ
- Alfredo Di Stéfano at Real Madrid
- Di Stéfano's high five UEFA.com
- Di Stéfano's golden memories UEFA.com
- Madrid salute Di Stéfano UEFA.com
- Spain national team stats from Sportec.es
- Detail of international appearances by RSSSF
- European Champions Cup/UEFA Champions League Winning Squads
- European Champions Cup/UEFA Champions League Winning Squads
তথ্যসূত্ৰ
- ↑ di Stéfano Profile. Realmadrid.com
- ↑ IFFHS' Century Elections. Rsssf.com (30 January 2000). Retrieved on 31 March 2013
- ↑ "The Best of The Best". Rsssf.com (19 June 2009). Retrieved on 31 March 2013
- ↑ Alfredo Di Stéfano: The greatest footballer of all time?. Bleacher Report. Retrieved on 31 March 2013
- ↑ Football's Greatest – Alfredo Di Stefano. youtube.com
- ↑ (16 July 2005). The birth of the Saeta Rubia. Clarin
- ↑ Saeta Rubia (Movie)
- ↑ (27 June 2008). Alfredo di Stefano – Saeta Rubia. AlbionRoad.com
- ↑ Golden Players take centre stage. UEFA.com (29 November 2003)
- ↑ (17 September 2009). Pele hits back in Maradona spat. BBC News
- ↑ RSSSF.com – Various Lists of 'Players of the Century/All-Time'
- ↑ (19 February 2008). Football world honors Real Madrid legend Di Stefano. China Daily
- ↑ (5 July 2014). Alfredo Di Stéfano in critical condition after heart attack in Madrid. The Guardian
- ↑ (7 July 2014). Alfredo Di Stéfano dies at the age of 88. The Guardian
- ↑ Rice, Simon. (7 July 2014). Alfredo Di Stefano dead: Legendary Argentinian player and honorary Real Madrid President passes away aged 88. The Independent
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল্ফ্ৰেড' ডি ষ্টিফান'” প্ৰবন্ধৰ সংশোধন ৬৩৬৮২৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।