ৰন্ধনশৈলী
৪ প্ৰবন্ধ
-
আলু ভৰ্তা
আলু ভৰ্তা, হ'ল সিজোৱা কোমল আলু গুড়ি কৰি কটা জলকীয়া, পিঁয়াজ, নিমখ আৰু সৰিয়হৰ তেল মিহলাই তৈয়াৰ কৰা খাদ্য। ইয়াক অন্যতম চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়। এইবিধ খাদ্য ভাৰতৰ পশ্চিমবংগ, অসম, বিহাৰ আদি ৰাজ্যৰ লগতে বাংলাদেশত জনপ্ৰিয়।
-
এণ্ডুৰী পিঠা
এণ্ডুৰী পিঠা হৈছে ভাৰতৰ প্ৰধানকৈ ওড়িশা অঞ্চলত তৈয়াৰ কৰা এক প্ৰকাৰৰ পিঠা, অৱশ্যে ই উত্তৰ আৰু মধ্য অঞ্চলতো ই জনপ্ৰিয়। এই পিঠাৰ উপাদান হ'ল হালধিৰ পাত, ক'লা জিৰা, চাউলৰ গুড়ি, নাৰিকল, ঘিঁউ, আৰু মাটিমাহৰ দালি। এণ্ডুৰী মূলতঃ প্ৰথমাষ্টমীৰ সময়ত তৈয়াৰ কৰা হয়।
-
কণী ভূৰ্জী
কণী ভূৰ্জী, যাক আণ্ডা ভূৰ্জী বা আণ্ডে কা খগিনা বুলিও কোৱা হয়, ই হৈছে ৰাজপথৰ খাদ্য আৰু ব্ৰেকফাষ্ট, দুপৰীয়া বা ৰাতিৰ আহাৰ গ্ৰহণৰ জনপ্ৰিয় ৰেচিপি। ভাৰত উপমহাদেশৰ পৰা উৎপত্তি হোৱা এই খাদ্যক কেতিয়াবা পাৰ্চী খাদ্য আকুৰিৰ সৈতে তুলনা কৰা হয়।
-
জি জেষ্ট
জি জেষ্ট হৈছে ২৪ ঘণ্টীয়া খাদ্য আৰু জীৱনশৈলীৰ টেলিভিছন চেনেল, যিটো ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। এইটো চেনেল জিৰ ব্ৰেণ্ডৰ চেনেলৰ এটা অংশ, যিটো জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজৰ মালিকানাধীন।