আলী মেচ ১৩শ শতিকাৰ অবিভক্ত বংগৰ উত্তৰ অঞ্চলৰ মেচ জনগোষ্ঠীৰ অন্তৰ্গত এজন জনজাতীয় প্ৰধান আছিল।১২ তেওঁ তিব্বত অভিযানৰ সময়ত বখতিয়াৰ খিলজীক সহায় কৰিছিল আৰু তেওঁৰ প্ৰভাৱতেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি কোৱা হয়।৩
জীৱনী
আলি মেচক বৰ্তমানৰ উত্তৰ-বংগৰ প্ৰথম মুছলমান ধৰ্মত ধৰ্মান্তৰিত জনজাতীয় লোক বুলি গণ্য কৰা হয়।৩ কামৰূপৰ পাদদেশত এজন জনজাতীয় প্ৰধান হিচাপে, তেওঁ ১২০৬ চনত তিব্বতৰ বিফল আক্ৰমণত বখতিয়াৰ খিলজীক পথপ্ৰদৰ্শক হিচাপে কাম কৰি সহায় কৰিছিল।২
ই. এ. গেইটে উল্লেখ কৰিছে যে তেওঁ (আলি মেচে) বখতিয়াৰ খিলজীক কাৰতোয়া নদীৰ সোঁ-পাৰ (বৰ্তমানৰ বাংলাদেশ)ৰ পৰা দহ দিনৰ বাবে উত্তৰদিশে কোচ, মেচ আৰু থাৰু (তেৰাই) জনজাতিৰ দ্বাৰা বাস কৰা এখন দেশৰ মাজেৰে যাত্ৰা কৰিবলৈ পথ প্ৰদৰ্শন কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Baruah, Sanjib. (2020-02-04). In the Name of the Nation: India and Its Northeast. Stanford University Press. ISBN 978-1-5036-1129-0
- ↑ Siddiq. (2015). Epigraphy and Islamic Culture: Inscriptions of the Early Muslim Rulers of Bengal (1205–1494). Routledge. পৃ. 36. ISBN 9781317587460
- ↑ Nath, Monoj Kumar. (2021-03-29). The Muslim Question in Assam and Northeast India. Taylor & Francis. ISBN 978-1-000-37027-0
- ↑ Saikia, Jaideep. (2003). Terror Sans Frontiers: Islamic Militancy in North East India. Program in Arms Control, Disarmament, and International Security, University of Illinois at Urbana-Champaign. ISBN 978-99909-1-507-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলী মেচ” প্ৰবন্ধৰ সংশোধন ৪৩৭৩৬৯ (১৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।