অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আম পান্না

আম পান্না, আম ঝোৰা(আম ঝোৰাⓘ), বা পানহা হৈছে ভাৰতীয় পানীয়, পৰম্পৰাগতভাৱে গ্ৰীষ্মকালত উপভোগ কৰা হয়। কেঁচা আমৰপৰা তৈয়াৰী আৰু ইয়াৰ ৰং পাতল সেউজীয়া। প্ৰায়ে পানীয়ত পদিনা পাত যোগ কৰা হয়, যাৰ ফলত ইয়াৰ সেউজীয়া ৰং বৃদ্ধি পায়।

হালনাগাদ: ৪ মে’ ২০২৬ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আম পান্না, আম ঝোৰা(আম ঝোৰাⓘ), বা পানহা হৈছে ভাৰতীয় পানীয়, পৰম্পৰাগতভাৱে গ্ৰীষ্মকালত উপভোগ কৰা হয়। কেঁচা আমৰপৰা তৈয়াৰী আৰু ইয়াৰ ৰং পাতল সেউজীয়া। প্ৰায়ে পানীয়ত পদিনা পাত যোগ কৰা হয়, যাৰ ফলত ইয়াৰ সেউজীয়া ৰং বৃদ্ধি পায়।

কাঁচা আম পেকটিনৰ এক সমৃদ্ধ উৎস, আমৰ গুটি সম্পূৰ্ণৰূপে গঠিত হোৱাৰ পাছত ইয়াৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পায়। কেঁচা আম টেঙা স্বাদযুক্ত হয়, ইয়াৰ কাৰণ হ'ল ইয়াৰ ভিতৰত অক্সেলিক অ্যাসিড, চিট্ৰিক অ্যাসিড, আৰু মেলিক অ্যাসিডৰ উপস্থিতি।

আম পান্না বা আম ঝোৰা কেঁচা আম, জিৰা, আৰু বিভিন্ন মচলাৰে তৈয়াৰ কৰা এক সুস্বাদু পানীয়।১ এই পানীয় গ্ৰীষ্মকালত শৰীৰৰপৰা অতিপাত ঘাম বাহিৰ হোৱা ফলত ছ’ডিয়াম ক্ল’ৰাইড আৰু আয়ৰণৰ অতিৰিক্ত ক্ষয় ৰোধ কৰিবলৈ সহায়ক।২

মূলত উত্তৰ ভাৰতত খোৱা এই পানীয় পেটৰ অসুখ,জঠৰসংক্ৰান্তীয় যি কোনো অসুখৰ চিকিৎসাত সহায়ক বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন B1, B2, নিয়াচিন, আৰু ভিটামিন C যথেষ্ট পৰিমাণে থাকে। ভাৰতীয় সংস্কৃতিত, আম পান্নাক এক প্ৰাকৃতিক টনিক হিচাপে গণ্য কৰা হয়, যি যক্ষ্মা, ৰক্তহীনতা, কলেৰা, আৰু অমাশয়ৰপৰা ৰক্ষা কৰিবলৈ সহায়ক বুলি বিশ্বাস কৰা হয়।

ৰেচিপি

ধোঁৱা দিয়া আম পান্না
ধোঁৱা দিয়া আম পান্নাছবি: Plantoholic · CC BY-SA 4.0

উৎস:৩

সামগ্ৰীসমূহ:

  • ২টা ডাঙৰ কেঁচা আম
  • ১/২ কাপ চেনি
  • ১ চামুচ ৰোষ্ট কৰা জিৰাৰ গুড়ি
  • ১/২ চামুচ ক’লা নিমখ
  • ১ চামুচ ক’লা জলকীয়াৰ গুড়ি
  • ১০-১২টা সতেজ পদিনা পাত
  • ৪ কাপ পানী
  • বৰফৰ টুকুৰা (ঐচ্ছিক)

প্ৰস্তুতি প্ৰণালীঃ-

১.আম উতলা: কেঁচা আম ২ কাপ পানীত ধুই কোমল হোৱালৈকে উতলাই ল’ব লাগে। ঠাণ্ডা হোৱাৰ পিছত আমৰ গুটিটো উলিয়াই সজ্জাখিনি উলিয়াই লবলাগে।

২.সজ্জা বনাওক: আমখিনি মসৃণ হোৱালৈকে মিহলাই লওক।

৩.চিৰাপ প্ৰস্তুত কৰক: আমৰ গুড়িখিনি, চেনি, জিৰাৰ গুড়ি, ক’লা নিমখ, ক’লা জলকীয়াৰ গুড়ি, আৰু পদিনা পাত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে। পুনৰ ফেটি ল’ব লাগে যাতে ভাল দৰে ৪.সকলোখিনি বস্তু মিহলি হৈ যায়।

৫.পাতল কৰক: ২ কাপ পানী দি মিঠা আৰু নিমখ সোৱাদ অনুসৰি দি মিশ্ৰণটো তৈয়াৰ কৰিব লাগে।

৬.পৰিৱেশন কৰক: গিলাচত ঢালি ইচ্ছা কৰিলে বৰফ দিব আৰু পদিনা পাতেৰে সজাই লৈ পৰিৱেশন কৰিব পাৰি।

লগতে চাওক

  • ভাৰতীয় পানীয়ৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Aam Panna/Jhora Recipe
  2. ↑ Narayanan, Vidhu. (2010). Longman Active Science. Pearson. পৃ. 147. ISBN 978-81-317-2841-3
  3. ↑ CLASSIC AAM PANNA RECIPE

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম পান্না” প্ৰবন্ধৰ সংশোধন ৬০৪৪৬৭ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।