আবিদ আজাদ (Abid Azad; ১৬ নৱেম্বৰ ১৯৫২ - ২২ মাৰ্চ ২০০৫) বাংলাদেশৰ এজন আগশাৰীৰ কবি, সমালোচক আৰু সাহিত্য সম্পাদক আছিল। আজাদ ১৯খন কাব্যগ্ৰন্থৰ ৰচক। সেই গ্ৰন্থসমূহৰ ভিতৰত আছে - ঘাসেৰ ঘটনা (১৯৭৬), আমাৰ মন কেমন কৰে (১৯৮০), বনতৰুদেৰ মৰ্ম (১৯৮২) আৰু শীতেৰ ৰচনাৱলি (১৯৮৩)।১
প্ৰাৰম্ভিক জীৱন
আবিদ আজাদৰ জন্মৰ সময়ত পিতৃ-মাতৃয়ে নামকৰণ কৰিছিল হবিবুৰ।২ তেওঁৰ ছদ্মনাম আছিল ৰেণু। এঘাৰজন সন্তানৰ ভিতৰত তেওঁ আছিল দ্বিতীয় সন্তান।২ তেওঁ ৰেণু আৰু সুমন অল ইউছুফ নামেৰে কবিতা লিখিছিল।২ তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ১৯৭৬ চনত ঘাসেৰ ঘটনা নামেৰে প্ৰকাশিত হৈছিল।২ তেওঁ আজিমুদ্দিন স্কুল, গুৰুদয়াল কলেজ আৰু ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।২
ব্যক্তিগত জীৱন
১৯৮৭ চনত আজাদৰ পত্নীৰ মৃত্যু হৈছিল।২ ১৯৮২ চনত তেওঁলোকৰ প্ৰথম পুত্ৰ টাইমুৰ ৰছিদৰ জন্ম।২
তথ্যসূত্ৰ
- ↑ Zaman. (2003). Under the krishnachura: fifty years of Bangladeshi writing. Dhaka University Press. পৃ. 448. ISBN 978-984-05-1663-6
- ↑ Rashid, Taimur. (2024-03-22). দাদি বাবাকে পাঠিয়েছিলেন ডাক্তাৰ হতে, কিন্তু তিনি হলেন কবি. Prothomalo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবিদ আজাদ” প্ৰবন্ধৰ সংশোধন ৬৩১৮২৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।