আকিৰা য়শ্বিন এগৰাকী জাপানী ৰসায়নবিদ। তেওঁ বৰ্তমান আছাহি কাছেই সংগঠনৰ সদস্য আৰু মেইজ' বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উদ্ভাৱক। এই বেটেৰী বৰ্তমান ম'বাইল ফোন, নোটবুক, লেপটপ, গাড়ী ইত্যাদি সকলোতে ব্যৱহাৰ কৰা হয়। তেওঁ জন বেনিষ্টাৰ গুডএনাফ আৰু এম. ষ্টেনলী হুইটটিনগামৰ সৈতে "লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে" ২০১৯ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আকিৰা য়শ্বিন'” প্ৰবন্ধৰ সংশোধন ৪৮৭৫৬৬ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।