অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ (Orient Flower Jr. College) সমগ্ৰ বিশ্বনাথ চাৰিআলিৰ ভিতৰতে এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৪ চনৰ ৫জুলাই তাৰিখে বিশ্বনাথ চাৰিআলিৰ 'মামণি ভিলা'ত প্ৰতিষ্ঠা কৰা হয়। পিছত ২০০৫চনত কোচগাৱঁলৈ কনিষ্ঠ মহাবিদ্যালয়খনৰ স্থানান্তৰ কৰা হয়। ২০০৯ চনত পুনৰ কোঁচগাঁও-হালধীবাৰী পথৰ দাঁতিলৈ স্থানান্তৰ কৰা হয় আৰু বৰ্তমান ইয়ে কলেজৰ স্থায়ী ঠিকনা। বিদ্যালয়খনৰ পৰিচালক হৈছে ড° কিশোৰ সিং ৰাজপুত আৰু শ্ৰী মীনা দেৱী ৰাজপুত, বৰ্তমানৰ অধ্যক্ষৰ আসনত। বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ অন্তৰ্গত।
অৱস্থান আৰু চৌহদ
বিশ্বনাথ চাৰিআলি চহৰৰ মাজ মজিয়াৰ কোঁচগাঁও-হালধীবাৰী পথৰ দাঁতিত অৰিয়েন্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয় খন অৱস্থিত।
প্ৰায় সকলো সা-সুবিধা থকা এই কনিষ্ঠ মহাবিদ্যালয়ত সুন্দৰ শ্ৰেণী কোঠা আৰু উন্নত শিক্ষাৰ পৰিৱেশৰ লগতে এটি পুথিভৰাঁলো আছে। পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থাৰে প্ৰস্তুত কৰোৱাৰ উপৰিও দক্ষ অধ্যাপক-অধ্যাপিকাৰ দ্বাৰা সকলো বিষয়ৰ ওপৰত সুস্থ পাঠদান কৰোৱা হয়। ইয়াৰোপৰি উচ্চশিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ইয়াৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ আৰু কেৰিয়াৰ গাইডেন্স দিয়া হয়। ছাত্ৰী সকলৰ বাবে ছাত্ৰী আবাসৰ ব্যৱস্থাৰ উপৰিও অহা-যোৱা সুবিধাৰ হেতু কলেজ বাছৰ ব্যৱস্থাও আছে।
শিক্ষা
অৰিয়েন্ট ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ত বাণিজ্য আৰু কলা - এই দুটা বিভাগৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান কৰা হয়। ই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। সাহিত্য চৰ্চাৰ লগতে অন্যান্য দিশ সমূহতো ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিবৰ বাবে মুঠ চাৰিটা হাউচৰ পৰা প্ৰাচীৰ আলোচনীৰ লগতে "দ্যা অৰিয়েন্ট" নামৰ এখন বাৰ্ষিক আলোচনীৰো প্ৰকাশ কৰা হয়।লগতে বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ, সৰস্বতী পূজা,নৱাগত আদৰণি সভা, বিদায় সভা আদিয়ো অনুষ্ঠিত কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'ৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ” প্ৰবন্ধৰ সংশোধন ২৭০৭৪২ (১০ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।