অ'পেন (ইংৰাজী: Open) এটি বিত্তীয় প্ৰযুক্তি সম্বন্ধীয় কোম্পানী। এই কোম্পানীৰ মুখ্য দপ্তৰ ভাৰতত স্থিত। অ'পেন ভাৰতৰ এশতম্ একশৃংগ কোম্পানী হ'ল মে' ২০২২ চনত।১২ ই এক নব্য-বেংক (neo-bank)।২ কোম্পানীটোৰ প্ৰায় ২.৩ নিযুত গ্ৰাহক আছিল ২০২২ চনত।
প্ৰতিষ্ঠা আৰু কৰ্ম
অ'পেন এটি বিত্তীয় প্ৰযুক্তি সম্বন্ধীয় কোম্পানী যিয়ে ব্যৱসায় বেংকিং আৰু খৰচ পৰিকল্পনা আদিৰ সৈতে সম্বন্ধ থকা সেৱা প্ৰদান কৰে।৩ লঘু আৰু মধ্যমীয়া ব্যৱসায়সকলক এই কোম্পানীয়ে বিশেষভাৱে সেৱা প্ৰদান কৰে।৪
কোম্পানীটোৰ প্ৰতিষ্ঠাপক অনীশ অচ্যুতন, অজীশ অচ্যুতন, মাবেল চাক' আৰু দীনা জেকব।৩ কোম্পানীটো মুখ্যতঃ কেৰালা ৰাজ্যৰ।৪
বিনিয়োগ
গুগল, টামাচেক, ভিছা আৰু জাপানৰ চফ্টবেংকে এই কোম্পানীত প্ৰায় ১০০ নিযুত ডলাৰ পূৰ্বতে বিনিয়োগ কৰিছিল। চেৰিজ ডিত আই আই এফ এল, চিংগাপুৰৰ চৰকাৰী কোম্পানী টামাচেক, আমেৰিকী বিনিয়োগকাৰী ব্যৱসায় টাইগাৰ গ্ল'বেল আৰু ভাৰতীয় কোম্পানী থ্ৰি ৱান ফ'ৰে অ'পেনত ৫০ নিযুত ডলাৰ বিনিয়োগ কৰি কোম্পানীটোৰ মূল্যায়ন ১ বিললিয়ন ডলাৰলৈ বৃদ্ধি কৰিলে,২ যাৰ পাছত ই হৈ পৰিল ভাৰতৰ এশতম আৰু কেৰালাৰ প্ৰথম একশৃংগ কোম্পানী।৪
তথ্যসূত্ৰ
- ↑ Google-backed Neobank Open Becomes 100th Unicorn Of India, 14th Startup To Join Unicorn Club This Year ইণ্ডিয়া টাইমছ www.indiatimes.com/worth/news/neobank-open-becom
- ↑ India gets its 100th unicorn startup as neobank Open কাৰেণ্ট এফেয়াৰ্ছ currentaffairs.adda247.com/india-gets-its-100th-
- ↑ ইংক ৪২ inc42.com/features/indias-unicorn-club-the-compr
- ↑ Open becomes Kerala’s first unicorn start-up দ্য হিন্দু www.thehindu.com/news/national/kerala/open-becom
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'পেন (কোম্পানী)” প্ৰবন্ধৰ সংশোধন ৩৬৯৩৫৮ (২১ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।