অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অ'চেন অফ টিয়েৰৰ্চ

অ'চেন অফ টিয়েৰৰ্চ (Ocean of Tears) হ'ল ২০১২ চনত ৰাজীৱ মেহৰোটাৰ দ্বাৰা প্ৰযোজিত কাশ্মীৰী ভাষাত বিল্লাল এ জান পৰিচালিত এখন চুটি তথ্যচিত্ৰ, এই তথ্যচিত্ৰখন ভাৰতীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ ন্যাস (পিবিএছটি) ৰ বেনাৰত নিৰ্মিত।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অ'চেন অফ টিয়েৰৰ্চ (Ocean of Tears) হ'ল ২০১২ চনত ৰাজীৱ মেহৰোটাৰ দ্বাৰা প্ৰযোজিত কাশ্মীৰী ভাষাত বিল্লাল এ জান পৰিচালিত এখন চুটি তথ্যচিত্ৰ, এই তথ্যচিত্ৰখন ভাৰতীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ ন্যাস (পিবিএছটি) ৰ বেনাৰত নিৰ্মিত।১ চলচ্চিত্ৰখন কাশ্মীৰৰ জনসাধাৰণৰ ওপৰত, বিশেষকৈ মহিলাসকলৰ ওপৰত আৰোপ কৰা অপৰাধ আৰু মানৱ অধিকাৰ উলংঘনৰ এক তথ্যচিত্ৰ।২ তথ্যচলচ্চিত্ৰখনত কুনান পশপোৰাৰ গণধৰ্ষণৰ ঘটনাকো সামৰি লোৱা হৈছে। ৩৪

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত এই ছবিখন কাশ্মীৰ বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ে নিজ নিজ চৌহদত প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলেও ছবিখন প্ৰদৰ্শনত বাধা দিয়াৰ চেষ্টা চলাইছিল ৫৬৭৮

উৎপাদন

বিলালে কাশ্মীৰত শিশু শ্ৰমিকৰ ওপৰত পূৰ্বৰ এখন তথ্যচিত্ৰ চিত্ৰগ্ৰহণ কৰাৰ সময়তে অঞ্চলটোৰ মহিলাসকলৰ পৰিস্থিতিৰ সন্ধান কৰাৰ ধাৰণাটো কল্পনা কৰিছিল। মূল প্ৰস্তাৱটো বহুত দীঘলীয়া ছবি এখনৰ বাবে আছিল যদিও পিছলৈ পি এছ বি টিৰ পৰামৰ্শ অনুসৰি ইয়াক চুটি কৰা হয়।৯ কুনান পশপোৰা আৰু শ্বোপিয়ান গাঁৱত ১০ দিনৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। গাঁৱৰ লোকসকলে কেমেৰাত তেওঁলোকৰ কাহিনী ক'বলৈ সন্মত হোৱাৰ আগতে তেওঁলোকৰ সৈতে কেইবাটাও আলোচনা কৰিবলগীয়া হৈছিল; প্ৰথমে কেৱল পুৰুষসকলেহে ইচ্ছা প্ৰকাশ কৰি‍ছিল, কিন্তু চাৰিবাৰ ভ্ৰমণৰ পিছত মহিলাসকলে চিত্ৰগ্ৰহণত অংশ ল'বলৈ‍ সন্মত হৈছিল।১০ চাৰিজন যুৱতীৰ এটা দলে চিত্ৰগ্ৰহণত সহায় কৰিছিল।১১

পি এছ বি টিয়ে প্ৰথমে পৰিকল্পনা কৰা ৭৮ মিনিট ২৬ মিনিটলৈ কৰ্তন কৰাৰ পৰামৰ্শ দিছিল, যাতে চুটি ছবিৰ শ্ৰেণীৰ অন্তৰ্গত হয়, আৰু ছবিখনৰ লগত এটা ডিচক্লেইমাৰ ৰাখিবলৈ‍ অনুৰোধ জনায়। তাৰ পিছত চেন্সৰশ্বিপ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। ১০

বাধা

কাশ্মীৰ বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ে নিজ নিজ চৌহদত ছবিখন প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ২০১৩ চনত খবৰ আহিছিল যে ভাৰতত ছবিখনৰ একমাত্ৰ প্ৰদৰ্শন আছিল ফেডাৰেচন অৱ ফিল্ম ছ’চাইটিজ অৱ ইণ্ডিয়াৰ চলচ্চিত্ৰ মহোৎসৱত। ভাৰতৰ বাহিৰত হিউমেন ৰাইটছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু দোহাৰ আল জাজীৰা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।৫৬৮

লগতে খবৰ ওলাইছিল যে ২০১৪ চনত থ্ৰিছুৰত অনুষ্ঠিত এখন চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে ছবিখনৰ প্ৰদৰ্শনত বাধা দিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় আৰক্ষীয়ে কৰ্মীসকলক ক্লিয়াৰ কৰি প্ৰদৰ্শন আগবঢ়াই নিবলৈ অনুমতি দিছিল৷৭৮

তথ্যসূত্ৰ

  1. ↑ (13 December 2013). A conspiracy of silence
  2. ↑ Chatterji. (2015). Filming Reality: The Independent Documentary Movement in India. SAGE Publications India. ISBN 9789351505433
  3. ↑ (14 December 2012). Ocean of Tears. Greater Kashmir
  4. ↑ A documentary movie on Kashmir lands in controversy. english.samaylive.com
  5. ↑ (15 December 2012). KU bans screening of 'Ocean of Tears'. Kashmir Times
  6. ↑ (7 May 2013). http://tehelka.com/2013/05/govt-sponsored-kashmir-documentary-struggles-with-unofficial-ban/
  7. ↑ (15 February 2014). https://timesofindia.indiatimes.com/india/RSS-workers-stop-screening-of-Ocean-of-Tears-at-film-festival/articleshow/30453942.cms
  8. ↑ (15 February 2014). https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/Ocean-of-Tears-screened-under-police-protection/articleshow/30471659.cms
  9. ↑ (18 November 2012). GoI helps Kashmir's 'Ocean of Tears' reach nation, world. Kashmir Times
  10. ↑ (5 November 2012). Valley of Tears
  11. ↑ (18 February 2013). 'Ocean of Tears' selected for international festival

সম্পৰ্কিত শ্ৰেণী

২০১২ বৰ্ষৰ চলচ্চিত্ৰতথ্যচিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'চেন অফ টিয়েৰৰ্চ” প্ৰবন্ধৰ সংশোধন ৪৭৯৯৯৬ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।