অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্জুন ইৰিগাইচি

অৰ্জুন ইৰিগাইচি (Arjun Erigaisi; জন্ম: ৩ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত খেলুৱৈ।

হালনাগাদ: ৬ মে’ ২০২৬ ৪৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অৰ্জুন ইৰিগাইচি (Arjun Erigaisi; জন্ম: ৩ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত খেলুৱৈ।১ দবাৰ বিস্ময় বালক হিচাপে ১৪ বছৰ ১১ মাহ ১৩ দিন বয়সত গ্ৰেণ্ডমাষ্টাৰৰ উপাধি লাভ কৰি গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰা তেওঁ বৰ্তমানলৈকে ৩২ নং কনিষ্ঠতম ব্যক্তি হিচাপে পৰিগণিত হয়। তেওঁ ভাৰতৰ ৫৪ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ। ২০২২ চনৰ ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ জয়লাভ কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

২০০৩ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে তেলংগানাৰ ৱাৰংগলৰ এক তেলুগু পৰিয়ালত অৰ্জুন ইৰিগাইচিৰ জন্ম হৈছিল।৩ তেওঁৰ পিতৃ এজন স্নায়ুশৈল চিকিৎসক আৰু মাতৃ এগৰাকী গৃহিণী।৪ তেওঁ হানামকোণ্ডাৰ বি এছ দবা একাডেমীত দবা অধ্যয়ন কৰিছিল।৪

খেলুৱৈ জীৱন

২০১৫ চনত অৰ্জুনে ২০১৫ চনত কোৰিয়াত অনুষ্ঠিত এছিয়ান যুৱ চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল।৫ ২০২১ চনত অৰ্জুন ইৰিগাইছিয়ে চেম্পিয়নছ চেছ ট্যুৰ ২০২১ৰ গোল্ডমানি এছিয়ান ৰেপিডলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।৬ তেওঁ এই প্ৰতিযোগিতাত লেভন আৰোনিয়ানৰ হাতত টাই ব্ৰেকত পৰাস্ত হয়।৭

২০২১ চনৰ অক্টোবৰ মাহত বুলগেৰিয়াত অনুষ্ঠিত জুনিয়ৰ ২১ বছৰ অনুৰ্ধৰ ৰাউণ্ড টেবল মুকলি দবা চেম্পিয়নশ্বিপ (ক্লাছিকেল)ত অৰ্জুনে ২য় স্থান লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ আলেক্সী চাৰানাৰ সৈতে ৭/৯ স্ক'ৰ কৰে।৮

২০২১ চনৰ নৱেম্বৰ মাহত ৰিগাত অনুষ্ঠিত লিণ্ড'ৰেছ এবে ব্লিটজ টুৰ্ণামেণ্টত অৰ্জুনে মেক্সিম ভাচিয়াৰ-লাগ্ৰেভ, লেভন এৰ'নিয়ান, ডেভিদ নাভাৰা, ডেনিল ডুব'ভ, পিটাৰ স্ভিডলাৰ আৰু বহুতো খেলুৱৈক চেৰ পেলাই ৩য়/৮২ স্থান লাভ কৰে।৯ সেই মাহৰ শেষৰ ফালে অৰ্জুনে টাটা ষ্টীল ইণ্ডিয়া চেছ টুৰ্ণামেণ্ট (ৰেপিড আৰু ব্লিটজ)ৰ ৰেপিড শাখাত জয়লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ ৬.৫/৯ স্ক'ৰ কৰিছিল।১০ তেওঁ লেভন এৰ'নিয়ানক পৰাজয়ৰ অৱস্থাত ড্ৰ' ৰাখি জয়লাভ কৰে।১১

২০২২ চনৰ জানুৱাৰী মাহত অৰ্জুনে টাটা ষ্টীল চেছ ২০২২ চেলেঞ্জাৰছত জয়লাভ কৰে আৰু১২ পৰৱৰ্তী টাটা ষ্টীল দবা প্ৰতিযোগিতাত মাষ্টাৰছ শাখাত খেলিবলৈ যোগ্যতা অৰ্জন কৰে। ইয়াত তেওঁৰ চূড়ান্ত স্ক'ৰ ১০.৫/১৩ আছিল। প্ৰতিযোগিতাখনত তেওঁৰ টিপিআৰ আছিল ২৮০০+ আৰু ইয়াৰ ফলত তেওঁৰ ফিডে ৰেটিং ২৬৫৯.৫ লৈ বৃদ্ধি হয়। ইয়াৰ ফলত ক্লাছিকেল ফৰ্মেটত তেওঁ শীৰ্ষ ১০০ৰ ভিতৰত স্থান লাভ কৰিছিল।

২০২২ চনৰ ৫৮ সংখ্যক এম পি এল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৮.৫/১১ স্ক’ৰেৰে ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয়ী হয়। তদুপৰি মাৰ্চ মাহত অৰ্জুনে ১৯ সংখ্যক দিল্লী অ'পেনত গুকেশ ডি আৰু হৰ্ষ ভাৰতকোটিক টাই ব্ৰেকত আউট কৰি জয়লাভ কৰে।১৩

২০২২ চনৰ আগষ্ট মাহত অৰ্জুনে ২৮ সংখ্যক আবু ধাবি আন্তঃৰাষ্ট্ৰীয় দবা মহোৎসৱত ৭.৫/৯ স্কৰৰ সৈতে ২৮৯৩ ৰ প্ৰদৰ্শন ৰেটিং লাভ কৰে।১৪ ২০২২ চনৰ ডিচেম্বৰ মাহত অৰ্জুনে ১২.৫/১৮ স্কৰৰ সৈতে টাটা ষ্টীল চেছ ইণ্ডিয়া ২০২২ ব্লিটজত জয়লাভ কৰে।১৫

২০২৪ চনৰ এপ্ৰিল মাহত অৰ্জুনে ৭.৫/৯ স্ক'ৰেৰে আন ২ জনৰ সৈতে টাই হোৱাৰ পিছত উচ্চমানৰ টাই-ব্ৰেক স্ক'ৰত মেনোৰ্কা অ'পেন এ জয় কৰে।১৬

২০২৪ চনৰ জুন মাহত অৰ্জুনে ষ্টেপান অৱজ্ঞান মেম'ৰিয়েল ২০২৪ প্ৰতিযোগিতা খনত এটা ৰাউণ্ড বাকী থকা অৱস্থাত জয়লাভ কৰে।১৭

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অৰ্জুনে ভাৰতীয় দলৰ অংশ হিচাপে বুডাপেষ্টত অনুষ্ঠিত হোৱা দবা অলিম্পিয়াডত অংশ লৈছিল। তেওঁ প্ৰথম ছয় ৰাউণ্ডত একেৰাহে জয়লাভ কৰা অ'পেন শাখাৰ একমাত্ৰ খেলুৱৈ আছিল।১৮ তেওঁ ১১টা ৰাউণ্ডত ১০ পইণ্ট লাভ কৰি ইভেণ্টখন সমাপ্ত কৰে। তেওঁৰ প্ৰদৰ্শন ৰেটিং ২৯৬৮ পইণ্টৰ বাবে ব্যক্তিগতভাৱে বোৰ্ড ৩ত সোণৰ পদক লাভ কৰে আৰু ভাৰতক অলিম্পিয়াডত প্ৰথমবাৰৰ বাবে দলীয় সোণৰ পদক লাভ কৰাত সহায় কৰে।১৯

বঁটা আৰু সন্মান

  • স্প'ৰ্টষ্টাৰ ইমাৰ্জিং হিৰো বঁটা: ২০২৩২০
  • বৰ্ষশ্ৰেষ্ঠ দবা খেলুৱৈ: ২০২১২১

তথ্যসূত্ৰ

  1. ↑ Erigaisi Arjun. Chess-DB.com
  2. ↑ (6 March 2022). Arjun Erigaisi wins Indian National Championship. www.en.chessbase.com
  3. ↑ Arjun Erigaisi's fast-track to GM title. telanganatoday.com
  4. ↑ (2016-08-01). Hanamkonda boy set to create ripples in chess world. The Hindu
  5. ↑ Subrahmanyam, V. V. (2 August 2016). Hanamkonda boy set to create ripples in chess world. The Hindu
  6. ↑ (28 June 2021). Goldmoney Asian Rapid Chess: Arjun makes history, first Indian in quarterfinals
  7. ↑ Rao, Rakesh. (30 June 2021). Arjun falls to Aronian in tiebreaker. The Hindu
  8. ↑ Chess-Results Server Chess-results.com - Junior U21 Round Table Open Chess Championship. chess-results.com
  9. ↑ Doggers (PeterDoggers), Peter. (8 November 2021). Kirill Shevchenko Surprise Winner at Lindores Abbey Blitz. Chess.com
  10. ↑ Chess-Results Server Chess-results.com - TATA STEEL CHESS INDIA RAPID 2021. chess-results.com
  11. ↑ (19 November 2021). Arjun Erigaisi on winning the Tata Steel Chess India Rapid and training with Kasimdzhanov
  12. ↑ (30 January 2022). Tata Steel Chess 2022: Indian GM Arjun Erigaisi wins Challengers event with a round to spare. www.firstpost.com
  13. ↑ The Week in Chess 1430. theweekinchess.com
  14. ↑ Chess-Results Server Chess-results.com - 28th Abu Dhabi International Chess Festival - Masters. chess-results.com
  15. ↑ Arjun Erigaisi wins Tata Steel Chess India 2022 Blitz with a round to spare, now World no.10 TATA STEEL CHESS INDIA, RAPID & BLITZ, 2022. tatasteelchess.in
  16. ↑ (8 April 2024). Arjun Erigaisi Briefly World #5 As Menorca Open Winner. www.chess.com
  17. ↑ (17 June 2024). Arjun Erigaisi wins Stepan Avagyan Memorial 2024 with a round to spare; Achieves 2779.9 live rating. sportstar.thehindu.com
  18. ↑ Chess Olympiad Arjun Erigaisi scores his sixth straight win Indian women beat Armenia. The Week (Indian magazine)
  19. ↑ (2024-09-22). Chess Olympiad 2024 Round 11 Live Updates: Arjun and Gukesh win as India clinch historic Open GOLD; Divya gives India crucial lead against AZE
  20. ↑ Arjun Erigaisi wins Sportstar Emerging Hero award at Focus Telangana. Sportstar
  21. ↑ TOISA 2021: Arjun Erigaisi wins Chess Player of the Year Award. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ দবা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুন ইৰিগাইচি” প্ৰবন্ধৰ সংশোধন ৬০৪৭৫৭ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।