অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অলকা পাণ্ডে

অলকা পাণ্ডে (Alka Pande; জন্ম ১৯৫৬) হ'ল এগৰাকী ভাৰতীয় শিক্ষাবিদ, লেখিকা আৰু সংগ্ৰহালয়ৰ কিউৰেটৰ।

হালনাগাদ: ৯ জুলাই ২০২৬ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
অলকা পাণ্ডে
অলকা পাণ্ডে

অলকা পাণ্ডে (Alka Pande; জন্ম ১৯৫৬) হ'ল এগৰাকী ভাৰতীয় শিক্ষাবিদ, লেখিকা আৰু সংগ্ৰহালয়ৰ কিউৰেটৰ।১২

পটভূমি

অলকা পাণ্ডেৰ জন্ম ১৯৫৬ চনত কলকাতাত। তেওঁ নতুন দিল্লী কনভেণ্ট অৱ জেছু এণ্ড মেৰী স্কুলত অষ্ঠম শ্ৰেণীলৈকে পঢি়ছিল আৰু তাৰ পাছত কানপুৰ ছেইণ্ট মেৰী কনভেণ্ট স্কুল, আইচিএছ-ত (১৯৭২) নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শি‍ক্ষা সম্পন্ন কৰিছিল।

পাণ্ডেই ১৯৮১ চনত বম্বে বিশ্ববিদ্যালয় আৰু ১৯৮৩ চনত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা কলাৰ ইতিহাসত ডাবল এম এ ডিগ্ৰী লাভ কৰে। ১৯৯৬ চনত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা কলা ইতিহাস বিষয়ত পিএইচ. ডি. ডিগ্ৰী লাভ কৰে। পাণ্ডেৰ থিচিচখন ভাৰতীয় শিল্পকলাত অৰ্ধনাৰীশ্বৰ অধ্যয়ন বিষয়ক আছিল, য'ত ভাৰতীয় ভাস্কৰ্যৰ বিশেষ উল্লেখ আছিল। ১৯৯৯ চনত তেওঁ ব্ৰিটিছ কাউন্সিলৰ জৰিয়তে চাৰ্লছ ৱালেছ ফেল'শ্বিপৰ অধীনত লণ্ডন বিশ্ববিদ্যালয়ৰ গোল্ডস্মিথ কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

পাণ্ডে ১৯৯৬ চনৰ পৰা ২০০০ চনলৈকে চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ললিত কলা বিভাগত অধ্যাপক হিচাপে কাম কৰি কৰিছিল আৰু তাৰ আগতে চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ললিত কলা সংগ্ৰহালয়ৰ সঞ্চালক আছিল।

২০০০–বৰ্তমান: বৰ্তমান তেওঁ নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত কলা পৰামৰ্শদাতা হিচাপে কাম কৰি আছে। পাণ্ডে তামিলনাডুৰ কইম্বাটুৰৰ ডিজে একাডেমী অৱ ডিজাইনৰ ভিজিটিং ফেকাল্টীও।

বঁটা

  • ২০০৬ চনত, পাণ্ডেক ফ্ৰান্স চৰকাৰৰ দ্বাৰা উত্তৰাধিকাৰী হিচাপে চেভেলিয়াৰ ডেন্স এল'অৰ্ডাৰ দেছ আৰ্টছ এট দেছ লেট্ৰেছ-নাইট অৱ দ্য অৰ্ডাৰৰ অৱ আৰ্টচ এণ্ড লেটৰ্ছ বঁটা প্ৰদান কৰা হৈছিল।৩
  • ২০০৯ চনত পাণ্ডেই অষ্ট্ৰেলিয়ান এছিয়া কাউন্সিল বিশেষ বঁটা লাভ কৰিছিল ৪
  • ২০১৫ চনত পাণ্ডেক চণ্ডীগড় ললিত কলা একাডেমী সন্মান - কলাৰ প্ৰতি বিশিষ্ট অৱদানৰ স্বীকৃতি স্বৰূপে-অমৃতা শ্বেৰ-গিলৰ সৈতে প্ৰদান কৰা হৈছিল ৫
  • ২০১৫ চনৰ ২৩ মাৰ্চত অলকা পাণ্ডেক ডিজাইন এণ্ড আৰ্টছৰ অধীনত ল'অৰিয়েল পেৰিছ ফেমিনা মহিলা বঁটা ২০১৫ প্ৰদান কৰা হৈছিল ৬

তথ্যসূত্ৰ

  1. ↑ Alka Pande. HarperCollins Publishers India
  2. ↑ (2020-02-19). Art critic Alka Pande's new book explores depth of India's culture through flowers. Hindustan Times
  3. ↑ Ritu Kumar awarded the prestigious French Government honor of Chevalier des Arts et des Lettres, 8th December 2008. La France en Inde / France in India
  4. ↑ Alka Pande
  5. ↑ Chandigarh Lalit Kala Akademi
  6. ↑ 美女体育直播

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলকা পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৬১৬৩২৯ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।