অমৃতা থাপাৰ (Amrita Thapar) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ২০০৫ লাভ কৰিছিল আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ ২০০৫ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।১ ২০০৫ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ খিতাপ লাভ কৰাৰ লগতে একে বছৰতে থাইলেণ্ডত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ সৌন্দৰ্য্য প্ৰতিযোগিতাত আন ৮১খন দেশৰ মাজত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
ব্যক্তিগত জীৱন
১৯৮৪ চনৰ ১২ জুনত মহাৰাষ্ট্ৰৰ পুনেত শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অমৃতাৰ। নিফ্টৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অমৃতাই বৰ্তমান ফেশ্বন ডিজাইনাৰ হিচাপে কাম কৰি আছে। তেওঁ ১৯৯৯ চনৰ মে’ কুইনৰ বিজয়ী। আৰ এছ আই ক্লাবত ১ম ৰানাৰ্ছ আপ,৯৯। পুনা ক্লাবত ১ম ৰানাৰ্ছ আপ,৯৯। তেওঁ এগৰাকী প্ৰমাণিত স্কুবা ডাইভাৰ আৰু কায়াকিং ভাল পায়। তেওঁ নিফ্ট চফ্টত দুটা শ্ৰেষ্ঠ ডিজাইনাৰ বাবে বঁটাও লাভ কৰিছিল, য'ত তেওঁ ফেশ্বন ডিজাইনিং পাঠ্যক্ৰম অধ্যয়ন কৰিছিল।
কেৰিয়াৰ
থাপাৰ এগৰাকী ফেশ্বন ডিজাইনাৰ, ষ্টাইলিষ্ট, পেইণ্টাৰ, ফেশ্বন ৰাইটাৰ আৰু বক্তা।তেওঁ বাৰ্লিন আৰু মৰ্টিয়াছ পৰ্যটনৰ মুখপাত্ৰ আছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক আজীৱন তেওঁলোকৰ সদিচ্ছা দূত হিচাপে এই সন্মান প্ৰদান কৰিছে। তেওঁ ভাৰতত কমনৱেলথ গেমছৰ এগৰাকী সক্ৰিয় প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ বাংগালোৰত অৱস্থিত 'কস্ম' পলিটান ইনষ্টিটিউট অৱ ষ্টাইল' নামৰ তেওঁৰ ঘৰুৱা উদ্যোগৰ সঞ্চালক আৰু ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছে।
পংকজ উধাছৰ মিউজিক এলবাম 'জানেমান' আৰু মলকিত সিঙৰ পাঞ্জাবী মিউজিক ভিডিঅ' "কুৰি পাটোলে ৱাৰগী"ত অভিনয় কৰিছে।
তথ্যসূত্ৰ
- ↑ (19 August 2006). She walks in glory. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা থাপাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৭৭৫৩ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।