লিংগ স্তম্ভন বা লিংগ কঠিনতা বা লিংগোত্থান বা লিংগ স্ফীতি হৈছে এক শাৰীৰিক পৰিঘটনা য'ত লিংগ (যৌনাংগ) দৃঢ়, সুস্থিৰ আৰু আকাৰত ডাঙৰ হৈ পৰে। লিংগ শিথিলতা হৈছে মানসিক, সিৰা সম্বন্ধীয়, ভাস্কুলাৰ, আৰু অন্তঃস্ৰাবী কাৰকৰ জটিল আন্তঃক্ৰিয়াৰ ফল, আৰু প্ৰায়ে যৌন প্ৰৰোচন বা যৌন আকৰ্ষণৰ সৈতে সম্পৰ্কিত হয়, যদিও লিংগৰ কঠিনতা স্বতঃস্ফূৰ্ত হ'ব পাৰে। মানুহৰ ক্ষেত্ৰত স্তম্ভিত লিংগৰ আকৃতি, কোণ আৰু দিশ ইত্যাদি ভিন্ন ভিন্ন হ'ব পাৰে।
স্নায়ুতন্ত্ৰৰ এক স্বয়ংক্ৰিয় সঁহাৰি হিচাপে, লিংগ স্তম্ভন বিভিন্ন ধৰণৰ উদ্দীপনাৰ ফলত হ'ব পাৰে, যেনেঃ যৌন উদ্দীপনা আৰু যৌন উত্তেজনা, আৰু সেয়েহে লিংগৰ কঠিনতা ব্যৱস্থাটো সম্পূৰ্ণৰূপে সচেতন নিয়ন্ত্ৰণৰ দ্বাৰা পৰিচালিত নহয়। টোপনিৰ সময়ত বা শুই উঠাৰ পিছত হোৱা স্তম্ভনক চমুকৈ এনপিটি (nocturnal penile tumescence) বুলি কোৱা হয়। নৈশ লিংগ স্তম্ভন নোহোৱাটোৱে সাধাৰণতে লিংগ অশিথিলতা বিকাৰৰ শাৰীৰিক আৰু মনস্তাত্বিক কাৰণৰ মাজত পাৰ্থক্যক বুজায়।
কেতিয়াবা কোনো লিংগ আংশিক ভাৱে কঠিন হ'ব পাৰে বা একেবাৰেই শিথিল হ'ব পাৰে। ইয়াক লিংগৰ শিথিলতা বুলি জনা যায়।
দেহতত্ত্ব
স্ব-নিয়ন্ত্ৰণ
শাৰীৰিকভাৱে, স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ পেৰাচিম্পেথেটিক বিভাজনৰ দ্বাৰা লিংগৰ কঠিনতা স্থাপন হয়, এই বিভাজনে ট্ৰবেকুলাৰ ধমনী আৰু লিঙ্গৰ মসৃণ পেশীত নাইট্ৰিক অক্সাইডৰ স্তৰ বৃদ্ধি কৰে।১ ধমনী বোৰে লিঙ্গৰ কৰ্পোৰা কেভাৰ্ণোচা (আৰু কম পৰিমাণে কৰ্পাছ স্পঞ্জিওচম) তেজেৰে পুৰাবলৈ আৰম্ভ কৰে; ২ একে সময়তে ইচিওকেভাৰ্নোচাছ আৰু বুলবস্পঞ্জিওচ পেশীয়ে এই তেজৰ প্ৰবাহ আৰু সঞ্চালনত প্ৰতিবন্ধিকতাৰ সৃষ্টি কৰা কৰ্পোৰা কেভাৰ্নোচাৰ শিৰাবোৰ সংকুচিত কৰে।৩ পেৰাচিম্পেথেটিক কাৰ্যকলাপ পূৰ্বৰ স্থিতিলৈ হ্ৰাস হ'লে কঠিনতা হ্ৰাস হয়,কঠিনতাৰ স্তৰ, লিংগৰ দৈৰ্ঘ্য,আকাৰ,ইত্যাদি অনুসৰি নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা সময় বেলেগ-বেলেগ হ'ব পাৰে।৪
স্বেচ্ছাকৃত আৰু অস্বেচ্ছাকৃত নিয়ন্ত্ৰণ
স্নায়ুৰজ্জুৰ পৃষ্ঠ( লাম্বাৰ) আৰু কটিপ্ৰদেশ (ছেক্ৰেল) ৰ ইৰেক্টাইল ছেন্টাৰসমূহৰ কাৰ্যপ্ৰণালীৰ দ্বাৰা ছেৰিব্ৰেল কৰ্টেক্সে কোনো উত্তেজক অনুভূতিৰ অবিহনেও (দৃশ্য, শ্ৰাব্য, ঘ্ৰাণ, কল্পনা আৰু স্পৰ্শৰ দ্বাৰা সৃষ্ট) লিংগোত্থান ঘটাব পাৰে।
তেনেদৰে কৰ্টেক্সে উত্তেজক অনুভূতি থাকিলেও লিংগোত্থানত বাধা দিব পাৰে। আন কিছু মানসিক তথা আবেগিক কাৰক আৰু কিছুমান পৰিবেশেও লিংগ উত্থান হোৱাত বাধা সৃষ্টি কৰিব পাৰে।
নৈশ নিয়ন্ত্ৰণ
টোপনিৰ সময়ত বা পুৱা শুই উঠাৰ সময়ত লিঙ্গটো কঠিন হৈ পৰিব পাৰে ইয়াক এনপিটি (nocturnal penile tumescence) বুলি কোৱা হয়। (সাধাৰণ ভাৱে: মৰ্ণিং উড্ বা মৰ্ণিং গ্লোৰি বা পুৱাৰ গৌৰৱ বুলি কোৱা হয়। )৫৬৭৮
সামাজিক-যৌন দিশ
প্ৰাকৃতিক
লিংগৰ কঠিনতা যৌন প্ৰৰোচনৰ এক সাধাৰণ সূচক আৰু পুৰুষএজনে যোনিদ্বাৰত লিংগ প্ৰৱেশ ঘটাবলৈ বা যৌন সম্ভোগৰ বাবে ই প্ৰয়োজনীয়। প্ৰাকৃতিক ভাৱে গৰ্ভধাৰণ বা কৃত্ৰিম গৰ্ভধাৰণৰ বাবে শুক্ৰাণু সংগ্ৰহৰ বাবে লিংগ কঠিন হোৱা প্ৰয়োজন।
শিশু আৰু কেঁচুৱাৰ ক্ষেত্ৰত সচৰাচৰ দেখাদিয়া লিংগ স্তম্ভন এক সাধাৰণ বিষয়। জন্মৰ আগতেও মাতৃগৰ্ভত শিশুৰ লিংগ কঠিন হয়।৯ যৌৱনপ্ৰাপ্তিৰ পিছত এই লিংগ স্তম্ভন সঘনে হোৱা দেখা যায়।১০ প্লেথিস্মোগ্ৰাফটো হৈছে এনে এক ব্যৱস্থা যাৰ দ্বাৰা লিংগৰ কঠিনতা জোখা হয়। চৰকাৰ আৰু আইনগত ভাৱে যৌন অভিমুখীতা জোখাৰ বাবে ইয়াৰ ব্যৱহাৰ কৰে। লিংগৰ অস্বাভাৱিক শিথিল বিপৰ্যয়ক ফেল্লোফোবিয়া বুলি কোৱা হয়।১১
স্বতঃস্ফূৰ্ত বা যাদৃচ্ছিক কঠিনতা
স্বতঃস্ফূৰ্তভাৱে হোৱা লিংগ স্তম্ভন, যাক অনৈচ্ছিক, যাদৃচ্ছিক বা অনাকাংক্ষিত স্তম্ভন বুলিও কোৱা হয়,১০ পুৰুষ শৰীৰতত্ত্বৰ ই এক স্বাভাৱিক অংশ। সামাজিকভাৱে বা ৰাজহুৱাভাৱে বা অবাঞ্চিতভাৱে হোৱা লিংগ স্তম্ভনে ব্যক্তি বিশেষে এক আচহুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এই স্তম্ভন যিকোনো সময় যিকোনো স্থান বা পৰিস্থিতিতে হ'ব পাৰে, যি পিন্ধা কাপোৰৰ মাধ্যমেৰে প্ৰতিফলিত হয়। সাধাৰণতে শৰীৰৰ সৈতে লিপিটখাই থকা কাপোৰ, দীঘল চোলা, ফুলি থকা হলৌ কাপোৰ পিন্ধনৰ দ্বাৰা এনে পৰিস্থিতিত সহজ হৈ থাকিব পাৰি। ১২
আকাৰ
শিথিল লিংগদৈৰ্ঘ্যৰ পৰা এইটো অনুমান কৰিব পৰা নাযায় যে কঠিন অৱস্থাত ইয়াৰ প্ৰকৃত দৈৰ্ঘ্য কিমান হ'ব পাৰে। কিছুমান সৰু শিথিল লিংগ কঠিন অৱস্থাত বহু দীঘল হয়, আনহাতে কিছুমান দীঘল শিথিল লিংগ তুলনামূলকভাৱে কম বিকশিত হয়।১৩ সাধাৰণতে, প্ৰাপ্ত বয়স্ক অৱস্থা নোপোৱালৈকে লিংগ আকাৰত বিকশিত হ'ব পাৰে। অস্ত্ৰোপচাৰৰ দ্বাৰা ইয়াৰ আকাৰ বৃদ্ধি কৰিব পাৰি,১৪ অৱশ্যে ই এক বিতৰ্কিত বিষয়, আৰু এটা অধ্যয়নত এইকথা পোহৰলৈ আহে যে বেছিভাগ পুৰুষ নিজৰ লিংগ দৈৰ্ঘ্যক লৈ সন্তুষ্ট নহয়। ১৫ সাধাৰণতে পুৰুষৰ মাজত লিঙ্গৰ আকাৰত যথেষ্ট প্ৰভেদ দেখা যায়, একোটা মানৱ লিঙ্গৰ গড় দৈৰ্ঘ্য ১৪.১২ ছে.মি (৫.১৭ ইঞ্চি), আনহাতে গড় পৰিধি ১১.৬৬ ছে.মি (8.৫৯ ইঞ্চি)।১৬
দিশ
প্ৰায় সংখ্যক উত্থিত পুৰুষাংগ ওপৰলৈ পোন হয়। উলম্বভাৱে ওপৰলৈ বা প্ৰায় উলম্বভাৱে তললৈ বা আনুভূমিকভাৱে সমুখলৈ পোন হোৱাটো সচৰাচৰ আৰু স্বাভাৱিক। এয়া লিংগৰ গঠন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। পোন লিঙ্গ এটা ওপৰলৈ বা তললৈ, সোঁফালে বা বাওঁফালে, বক্ৰ ভাৱে ওপৰলৈ বা তললৈ বা পোন নলীৰ দৰে স্তম্ভন হ'ব পাৰে। লিংগৰ অত্যাধিক বক্ৰতা পেৰ'নাইজ ৰোগৰ ফলত হ'ব পাৰে। ই আক্ৰান্ত ব্যক্তিক শাৰীৰিক বা মানসিকভাৱে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলত স্তম্ভনৰ সময়ত লিংগত বিষ বা লিংগ শিথিলতাই দেখা দিব পাৰে। সাধাৰণতে ঔষধ সেৱন কৰি বা অস্ত্ৰোপচাৰৰ দ্বাৰা এই ৰোগৰ চিকিৎসা কৰিব পাৰি যদিও অস্ত্ৰোপচাৰ একেবাৰে অন্তিম পৰ্যায়ৰ বিকল্প।
নিম্নলিখিত তালিকাখনে দেখুৱায় যে থিয় হৈ থকা অৱস্থাত পুৰুষ এজনৰ বাবে উত্থিত লিংগৰ কোণৰ মাপ সচৰাচৰ কিমান হয়। তালিকাত, শূন্য ডিগ্ৰীয়ে (0°) পেটৰ দিশে পোনকৈ ওপৰলৈ, ৯০° য়ে পোনকৈ আগলৈ আৰু ১৮০° য়ে পোনকৈ ভৰিৰ দিশে নিৰ্দেশ কৰা বুজাইছে।

| + স্তম্ভনৰ সময়ত লিংগৰ দিশ, কোণৰ মাপ হিচাপত- ১৭ | কোণ (°) | জনসংখ্যাৰ শতকৰা মান |
| ০–৩০ | ৫ | |
| ৩০–৬০ | ৩০ | |
| ৬০–৮৫ | ৩১ | |
| ৮৫–৯৫ | ১০ | |
| ৯৫–১২০ | ২০ | |
| ১২০–১৮০ | ৫ |
চিকিৎসা সম্বন্ধীয়
লিংগ স্তম্ভন ত্ৰুটি
পুৰুষাংগ কঠিন হ'বলৈ অথবা দীৰ্ঘ সময়ৰ বাবে কঠিনতা বৰ্তাই ৰাখিবলৈ অসমৰ্থ হোৱা যৌন অসুস্থতাবিধক লিংগ স্তম্ভন ত্ৰুটি অথবা পুৰুষত্বহীনতা বোলে।১৮১৯ পুৰুষত্বহীনতাৰ অধ্যয়ন-ইতিহাস পুৰুষত্বৰ অধ্যয়নৰ সমানেই পুৰণি আৰু ই মূত্ৰৰোগবিজ্ঞানৰ এক শাখা।২০
লিংগোত্থান ত্ৰুটীৰ বিভিন্ন কাৰণ আছে। কিন্তু ইয়াৰ সৰ্বোপৰি কাৰণ হ'ল ইণ্টাৰনেল প্যুডেণ্ডেল ধমনীৰ শাখা পেৰিনিয়েল ধমনীৰ বেৰৰ এণ্ডোথেলিয়াম কোষবোৰে পৰ্যাপ্ত পৰিমাণে নাইট্ৰিক এছিড মুকলি কৰি নিদিয়াটো।
লিংগোত্থান ত্ৰুটী শাৰীৰিক আৰু মানসিক উভয় কাৰণতেই হ'ব পাৰে যাৰ অধিকাংশই সহজসাধ্য। মধুমেহ, ৰেচন তন্ত্ৰৰ ৰোগ, দীৰ্ঘকালীন মদ্যপান, মাল্টিপল স্ক্লেৰ'চিচ, ধমণী সংকীৰ্ণতা, শিৰা-ধমনীৰ ৰোগ, নানান স্নায়বিক ৰোগ২১ আদি শাৰীৰিক কাৰকেই প্ৰায় ৭০ শতাংশ পুৰুষত্বহীনতাৰ কাৰণ। অন্য ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা লিথিয়াম, পেৰ'যেনটিন আদিয়েও পুৰুষত্বহীনতাত অৰিহণা যোগাই।১৯২২
প্ৰজনন ক্ষমতা, সৌৰ্য আৰু পুুৰুষত্বৰ সামাজিক দৃষ্টিভংগীৰ লগত লিংগোত্থান ত্ৰুটীক সনাপোটকা কৰি পেলোৱাৰ ফলশ্ৰুতিত ইয়াৰ চিকাৰ হোৱা ৰোগীসকলে বিভিন্ন মানসিক বিপৰ্যয় যেনে লাজ, হীনমন্যতা আদিৰ সন্মুখীন হোৱা দেখা যায়।২৩ তদুপৰি এই ৰোগ সম্বন্ধে আলোচনাৰ অভাৱ আৰু অপাৰগতা সমাজত দেখা যায়। জীৱনৰ কোনো এটা সময়ত প্ৰতি দহজনৰ এজন মানুহ বাৰম্বাৰ আৱিৰ্ভাৱ হোৱা লিংগোত্থান ত্ৰুটীৰ চিকাৰ হয়।২৪
প্ৰায়াপিজম
প্ৰায়াপিজম এক বিষময় ৰোগ য'ত শাৰীৰিক আৰু মানসিক উত্তেজনা অবিহনেও পুৰুষাংগই নিজৰ শিথিল অৱস্থা বৰ্তাই ৰাখিবলৈ সক্ষম নহয়। চাৰিঘণ্টাতকৈ অধিক সময় জুৰি থকা প্ৰায়াপিজমৰ আত্যায়িক চিকিৎসা অত্যন্ত আৱশ্যকীয়।
অন্যান্য জীৱ-জন্তু

যৌন মিলনৰ সময়ত, মতা কুকুৰৰ লিঙ্গ স্ফীত নহয়, কুকুৰৰ লিংগত থকা বেকুলাম নামৰ হাড়ৰ বাবে মতা কুকুৰে মাইকী কুকুৰৰ জনন অংগত লিংগ প্ৰৱেশ কৰিবলৈ সক্ষম হয়। গৰ্ভ থকা স্তন্যপায়ী প্ৰাণীৰ সৰহ সংখ্যকৰে দেহত এই বিশেষত্ব দেখা যায়। পুং জনন অংগ প্ৰৱেশৰ পিছত ই স্ত্ৰী জনন অংগৰ ভিতৰ ভাগতে ক্ৰমে স্ফীত হ'বলৈ ধৰে ইয়াৰ বিপৰীতে মানুহৰ যৌন সম্ভোগৰ ক্ষেত্ৰত পুৰুষৰ জনন অংগ সাধাৰণতে মহিলাৰ জনন অংগত প্ৰৱেশ কৰাৰ পূৰ্বেই স্ফীত হৈ পৰে।২৫
মতা হাতীৰ জনন অংগ ইংৰাজীৰ 'S' আকৃতিৰ। স্ফীত অৱস্থাত ই 'Y' আকৃতিৰ হৈ পৰে।২৬
এটা ষাঁড়ৰ লিঙ্গ, উত্থানৰ পিছত আকাৰত সামান্য বৃদ্ধি ঘটে। শিথিল অৱস্থাটো লিঙ্গটো যথেষ্ট কঠিন হৈয়ে থাকে আৰু উত্থানৰ সময়ত ই পূৰ্বতকৈ যথেষ্ট কঠিন হৈ পৰে। প্ৰস্ৰাৱ কৰা প্ৰক্ৰিয়াটো লিংগৰ উত্থিত অৱস্থাত বেছি প্ৰভাৱিত নহয়, কিন্তু লিঙ্গৰ পেশী শিথিল হৈ থকা বা চিগমোইড ফ্লেক্সচৰ পোন অৱস্থাত ই অধিক প্ৰভাৱিত হয়।২৭২৮
স্ফীত হৈ নথকা অৱস্থাত ঘোঁৰাৰ লিংগ দৈৰ্ঘ্য প্ৰায় ৫০ চে.মি আৰু ব্যাস ২.৫ - ৬ চে.মি। স্ফীত অৱস্থাত দৈৰ্ঘ্য দুগুণে২৯ বৃদ্ধি হোৱাৰ বিপৰীতে ব্যাস ৩ বা ৪ গুণ বাঢ়ে।৩০
চৰাইৰ লিংগ স্তন্যপায়ী প্ৰাণীৰ লিংগতকৈ পৃথক। ইহঁতৰ লিংগোত্থানত তেজৰ পৰিৱৰ্তে লসিকাই ক্ৰিয়া কৰে।৩১
অভিধা
নিদানিক ভাৱে স্তম্ভনক প্ৰায়ে "পেনাইল ইৰেকচন" বা লিংগীয় স্তম্ভন বুলি কোৱা হয়, আৰু স্তম্ভনৰ স্থিতি, আৰু প্ৰক্ৰিয়াক স্ফীতি বা লিংগীয় স্ফীতি বুলি বৰ্ণনা কৰা হয় আনহাতে লিংগৰ কঠিনতা হ্ৰাস বা বন্ধ হোৱা বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো হৈছে অৱনমন। থলুৱা ভাৱে আৰু অশ্লীল ভাষাত লিংগৰ কঠিন অৱস্থাক বুজাবলৈ বহু অনানুষ্ঠানিক শব্দৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰৰ ভিতৰত আছে 'ষ্টীফী', 'হাৰ্ড-অন', 'ব'নাৰ' আৰু 'ৱুডি' ইত্যাদি।৩২ ইংৰাজী আৰু অন্যান্য ভাষাত স্তম্ভনৰ বাবে বহু শব্দ, যোজনা, প্ৰতিশব্দ আদি আছে। অসমীয়া ভাষাত 'থিঙখোৱা', 'দাঙখোৱা' ইত্যাদি শব্দ ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ wiley.com > Viagra function image Retrieved on Mars 11, 2010
- ↑ Moore, Keith; Anne Agur. (2007). Essential Clinical Anatomy, Third Edition. Lippincott Williams & Wilkins. পৃ. 265. ISBN 978-0-7817-6274-8
- ↑ Hsu, Geng-Long; Lu, Hsiu-Chen. (2018). Penis Structure-Erection. Academic Press. পৃ. 367–375. ISBN 9780128151457
- ↑ Harris, Robie H. (et al.), It's Perfectly Normal: Changing Bodies, Growing Up, Sex And Sexual Health. Boston, 1994.
- ↑ Morning Erections: Sizemed retrieved 28 February 2012
- ↑ After Prostate Cancer: A What-Comes-Next Guide to a Safe and Informed recovery: p.48
- ↑ Listen To Your Hormones, Abraham Harvey Kryger - 2004. p.32
- ↑ Janell L. Carroll. (29 January 2009). Sexuality Now: Embracing Diversity: Embracing Diversity. Cengage Learning. পৃ. 149. ISBN 978-0-495-60274-3
- ↑ erections in babies retrieved 11 February 2012
- ↑ Lynda Madaras. (8 June 2007). What's Happening to My Body? Book for Boys: Revised Edition. Newmarket Press. পৃ. 119. ISBN 978-1-55704-769-4
- ↑ Goldblatt, Howard. (1990). Worlds Apart: Recent Chinese Writing and Its Audiences. পৃ. 56
- ↑ Sarah Attwood. (15 May 2008). Making Sense of Sex: A Forthright Guide to Puberty, Sex and Relationships for People with Asperger's Syndrome. Jessica Kingsley Publishers. পৃ. 62. ISBN 978-1-84642-797-8
- ↑ (2009). Penis Size FAQ & Bibliography. Kinsey Institute
- ↑ (2006). Penile suspensory ligament division for penile augmentation: indications and results. Eur. Urol.. পৃ. 729–733
- ↑ (2006-02-16). Most Men Unsatisfied With Penis Enlargement Results. Fox News
- ↑ Is Your Penis Normal? There's a Chart for That - RealClearScience
- ↑ Sparling J. (1997). Penile erections: shape, angle, and length. Journal of Sex & Marital Therapy. পৃ. 195–207
- ↑ Milsten, Richard (et al.), The Sexual Male. Problems And Solutions. London, 2000.
- ↑ (2007). Effect of lithium on endothelium-dependent and neurogenic relaxation of rat corpus cavernosum: role of nitric oxide pathway. Nitric Oxide. পৃ. 54–63
- ↑ Williams, Warwick, It's Up To You: Overcoming Erection Problems. London, 1989.
- ↑ Hsu, Geng-Long. (2018). Encyclopedia of Reproduction. Academic Press. পৃ. 382–390. ISBN 9780128151457
- ↑ (2007). Effect of chronic lithium administration on endothelium-dependent relaxation of rat corpus cavernosum: the role of nitric oxide and cyclooxygenase pathways. BJU Int.. পৃ. 177–182
- ↑ Tanagho, Emil A. (et al.), Smith's General Urology. London, 2000.
- ↑ (2017-11-13). Erectile dysfunction (impotence). nhs.uk
- ↑ (2002-09-14). Semen Collection from Dogs. Arbl.cvmbs.colostate.edu
- ↑ Shoshani, p. 80
- ↑ William O. Reece. (4 March 2009). Functional Anatomy and Physiology of Domestic Animals. John Wiley & Sons. ISBN 978-0-8138-1451-3
- ↑ James R. Gillespie; Frank Bennie Flanders. (28 January 2009). Modern Livestock & Poultry Production. Cengage Learning. ISBN 978-1-4283-1808-3
- ↑ James Warren Evans. (15 February 1990). The Horse. W. H. Freeman. ISBN 978-0-7167-1811-6
- ↑ The Stallion: Breeding Soundness Examination & Reproductive Anatomy. University of Wisconsin-Madison
- ↑ Frank B. Gill. (6 October 2006). Ornithology. Macmillan. পৃ. 414–. ISBN 978-0-7167-4983-7
- ↑ Gabrielle Morrissey. (27 January 2005). Urge: Hot Secrets For Great Sex. HarperCollins Publishers. পৃ. 6. ISBN 978-0-7304-4527-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংগ স্তম্ভন” প্ৰবন্ধৰ সংশোধন ৬৩৭৭১৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।