অনিতা ছুদ-মানকাৰ (: Anita Sood-Mankar জন্ম ১৮ জানুৱাৰী, ১৯৬৬); ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় মহিলা সাঁতোৰ চেম্পিয়ন। তেওঁ ১৯৮৭ চনৰ ১৭ আগষ্টত ৮ ঘণ্টা ১৫ মিনিট সময় লৈ ইংলিচ চেনেল পাৰ হৈছিল। অতি কম সময়ৰ ভিতৰত এই কাৰ্য্য সম্পন্ন কৰি তেওঁ এছিয়াৰ আটাইতকৈ দ্ৰুত সাঁতোৰবিদ হিচাপে পৰিগণিত হয় ১ আৰু এতিয়ালৈকে চেনেলটো সাঁতুৰি পাৰ হোৱা ৩৩৩ সংখ্যক ব্যক্তি হিচাপে পৰিগণিত হয়।২ তেওঁৰ এই কৃতিত্বৰ বাবে ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰে। তেওঁৰ প্ৰশিক্ষক আছিল সন্দীপ দিগ্বিকাৰে।৩
কৃতিত্ব
অনিতাই ১৯৭৫ চনৰ পৰা সাঁতোৰ খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে ত্ৰিবেন্দ্ৰম ৰাষ্ট্ৰীয় বয়সভিত্তিক প্ৰতিযোগিতাত ১৩ বছৰ অনুৰ্ধৰ শাখাত অংশগ্ৰহণ কৰি সাঁতুৰিছিল। এই প্ৰতিযোগিতাত তেওঁ ৯টা পদক লাভ কৰিছিল। সেই পদক বিলাকৰ ভিতৰত - চাৰিটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক আছিল। ইয়েৰ এবছৰৰ পিছত বোম্বেত অনুষ্ঠিত মহাৰাষ্ট্ৰ ৰাজ্যিক মিটত তেওঁ ছটা খিতাপ দখল কৰে আৰু দুটা নতুন অভিলেখ স্থাপন কৰি দীৰ্ঘদিনীয়া সময়ৰ বাবে জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়নৰ আসনত থকা স্মিতা দেশাইক পৰাস্ত কৰি ১০০ মিটাৰ ফ্ৰীষ্টাইলত জয়লাভ কৰি নিজকে নতুন পৰিঘটনা হিচাপে দৃঢ়তাৰে প্ৰতিষ্ঠা কৰে৩
ব্যক্তিগত জীৱন
অনিতা মহাৰাষ্ট্ৰৰ জীয়াৰী৩ তেওঁ অভিজিত মাংকাৰৰ সৈতে বিবাহ হয়। তেওঁলোকে লছ এঞ্জেলেছ, কেলিফোৰ্নিয়াত বসবাস কৰে আৰু তেওঁলোকৰ ২ জন সন্তান আছে।
তথ্যসূত্ৰ
- ↑ Successful English Channel swims by swimmers from India · Dover.UK.com. www.dover.uk.com
- ↑ Anita Sood, English Channel swimmer. www.dover.uk.com
- ↑ Sivan, Mohan. (June 30, 1979). Surging ahead. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা ছুদ” প্ৰবন্ধৰ সংশোধন ৬০৬৮১৪ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।