অট’গ্ৰাফ (Autograph) হৈছে ২০১০ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। এইখন পৰিচালনা কৰিছিল নৱাগত সৃজিত মুখাৰ্জীয়ে।
কাহিনীৰ সাৰাংশ
চলচ্চিত্ৰখনৰ আৰম্ভণিতে নৱাগত পৰিচালক তথা কাহিনীকাৰ শুভব্ৰতই (ইন্দ্ৰনীল সেনগুপ্তা)ই সত্যজিৎ ৰায়ৰ প্ৰখ্যাত কথাছবি নায়কৰ পুনঃনিৰ্মাণৰ বাবে বাংলা অভিনেতা অৰুণ চেটাৰ্জী (প্ৰসেনজিত চেটাৰ্জী)ক প্ৰস্তাৱ আগবঢ়ায়। অৰুণে এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ছবিখনৰ প্ৰযোজনা কৰাৰ দায়িত্ব লয়। শুভব্ৰতে নিজৰ প্ৰেয়সী শ্ৰীনন্দিতা/ শ্ৰীন (নন্দনা সেন)ক নায়িকাৰ চৰিত্ৰ ৰূপায়ন কৰিবৰ বাবে সন্মতি কৰোৱায়। চলচ্চিত্ৰখন নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে অৰুণ আৰু শ্ৰীনন্দিতা দুয়োৰে মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠে। এদিন আৱেগিক হৈ অৰুণে শ্ৰীনন্দিতাক তেওঁৰ জীৱনৰ অতীতৰ কথা কিছুমান ব্যক্ত কৰে। এই আৱেগিক মূহুৰ্তটো ভিডিঅ’ কেমেৰাত আকস্মিকভাৱে ৰেকৰ্ড হৈ যায়। শুভ্ৰব্ৰতে এই ভিডিঅ’টো উদ্ধাৰ কৰে। শ্ৰীনন্দিতাৰ অজ্ঞতাৰ সুযোগ লৈ বোলছবিখনৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ ভিডিঅ’টো শুভ্ৰব্ৰতে মিডিয়াৰ হাতত গতাই দিয়ে। শ্ৰীনন্দিতাই এই কথা জানিব পাৰি শুভ্ৰজিতৰ লগত নিজৰ সম্পৰ্ক ছেদ কৰি আঁতৰি যায়। অৰুণে এই ভিডিঅ’টোৰ ভয়াৱহতাৰ বিষয়ে জানি বোলছবিখনৰ কাম বন্ধ কৰে আৰু মুক্তি নিদিয়াৰ সিদ্ধান্ত লয়। অৰুণে পাছত জানিব পাৰে যে শ্ৰীনন্দিতাৰ এই কথাৰ লগত কোনো সম্পৰ্ক নাই। শেষ মূহুৰ্তত, শ্ৰীনন্দিতাই এখন ধাবাত অৰুণৰ বাবে এটা বাৰ্তা এৰি থৈ যায়। এই ধাবাখনতেই অৰুণ আৰু শ্ৰীনন্দিতা পূৰ্বতে লগ হৈছিল।
চৰিত্ৰ
- অৰুণ চেটাৰ্জীৰ: প্ৰসেনজিত চেটাৰ্জী
- শ্ৰীনন্দিতা: নন্দনা সেন
- শুভব্ৰত মিত্ৰ: ইন্দ্ৰনীল সেনগুপ্তা
- ৰুদ্ৰপ্ৰসাদ সেনগুপ্তা
- বিশ্বজিত চক্ৰৱৰ্তী
- পীয়ুষ গাংগুলী
- দ্বিজেন বেনাৰ্জী
- সুহিনি পল
- ধ্ৰুৱ মুখাৰ্জী
- দিলীপ ৰয়।
সংগীত
চলচ্চিত্ৰখনৰ গীতৰ পৰিচালক হৈছে দেৱজ্যোতি মিশ্ৰ আৰু অনুপম ৰয়।
ট্ৰিভিয়া
বোলছবিখনৰ মূল চৰিত্ৰটো হৈছে অৰুণ চেটাৰ্জী (প্ৰখ্যাত অভিনেতা উত্তম কুমাৰৰ প্ৰকৃত নাম)। ছবিখনত দেখু্ওৱা ষ্টুডিঅ’টোত বাংলা ভাষাৰ প্ৰখ্যাত বোলছবি জলসাগৰ আৰু নিৰ্মাতা ঋত্বিক ঘাটকৰ চিত্ৰ ব্যৱহাৰ কৰা হৈছে। পৰিচালক সৃজিতে নায়ক ছবিৰ মূল কাহিনীটোৰ কিছু পৰিমাণে সাল-সলনি কৰিছে। অট’গ্ৰাফ হৈছে ২০১০ চনৰ সৰ্বাধিক আয় কৰা টলিউড বোলছবি।
স্বীকৃতি
২০১০ চনৰ ১০ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত আবু ঢাবি চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়। ২০১০ চনৰ MIAAC (Mahindra Indo-American Arts Council) film festivalত, নিউয়ৰ্কত এই চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছিল। এই বোলছবিৰ বাবে প্ৰসেনজিত চেটাৰ্জীয়ে শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনয়ন লাভ কৰে। ইয়াৰ উপৰি ২০১১ বৰ্ষত Glasgow International Film Festival আৰু London Indian Film Festival, ২০১২ বৰ্ষত মুম্বাইৰ Kala Ghoda Film Festival আৰু ছিংগাপুৰৰ Darpan Film Festivalত প্ৰদৰ্শিত হৈছিল। কলকাতাৰ বক্স অফিচত একেৰাহে ১২০ দিন প্ৰদৰ্শন কৰা হৈছিল। ই এক অভিলেখ।
বঁটা
বৰ্তমানলৈকে এই বোলছবিখনে ৪১ টা বঁটা লাভ কৰিছে।
বিগ বাংলা মুভি এৱাৰ্ডছ:
- শ্ৰেষ্ঠ বোলছবি,
- শ্ৰেষ্ঠ পৰিচালক,
- শ্ৰেষ্ঠ অভিনেতা: প্ৰসেনজিত চেটাৰ্জী
- শ্ৰেষ্ঠ অভিনেতা (নিগেটিভ চৰিত্ৰ): ইন্দ্ৰনীল সেনগুপ্তা
- শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী
- শ্ৰেষ্ঠ সম্পাদনা
- শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ,
- শ্ৰেষ্ঠ সংগীত পৰিচালক
- শ্ৰেষ্ঠ গীতৰ কথা: অনুপম ৰয় (আমাকে আমাৰ মতে)
- শ্ৰেষ্ঠ গায়ক: ৰূপম ইছলাম (বেছে থাকাৰ গান)
- শ্ৰেষ্ঠ গায়িকা: শ্ৰেয়া ঘোষাল (চল ৰাষ্টায়ে)
জি টি ভি বাংলাৰ গৌৱৱ মুভি এৱাৰ্ডছ:
- শ্ৰেষ্ঠ বোলছবি
- শ্ৰেষ্ঠ পৰিচালক
- শ্ৰেষ্ঠ নৱাগত পৰিচালক
- শ্ৰেষ্ঠ অভিনেতা (প্ৰসেনজিত চেটাৰ্জী),
- শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ
- শ্ৰেষ্ঠ সংগীতপৰিচালক
- শ্ৰেষ্ঠ গীতৰ কথা: অনুপম ৰয় (আমাকে আমাৰ মতে)
- শ্ৰেষ্ঠ গায়ক: ৰূপম ইছলাম (বেছে থাকাৰ গান)
- শ্ৰেষ্ঠ গায়িকা: শ্ৰেয়া ঘোষাল (চল ৰাষ্টায়ে)
KKN-ABP বাংলা মিউজিক এৱাৰ্ডছ
- শ্ৰেষ্ঠ এলবাম
- শ্ৰেষ্ঠ গীত (আমাকে আমাৰ মতে)
- শ্ৰেষ্ঠ গায়ক: ৰূপম ইছলাম (বেছে থাকাৰ গান)
- শ্ৰেষ্ঠ গীতৰ কথা: অনুপম ৰয় (আমাকে আমাৰ মতে)
আনন্দলোক এৱাৰ্ডছ:
- শ্ৰেষ্ঠ গীত: অনুপম ৰয়
ষ্টাৰ জলছা এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছ:
- শ্ৰেষ্ঠ পৰিচালক,
- শ্ৰেষ্ঠ অভিনেতা (প্ৰসেনজিত চেটাৰ্জী)
- শ্ৰেষ্ঠ চিত্ৰনাট্য,
- শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী
- শ্ৰেষ্ঠ সম্পাদনা
- শ্ৰেষ্ঠ গায়িকা: শ্ৰেয়া ঘোষাল (চল ৰাষ্টায়ে)
- শ্ৰেষ্ঠ গীতৰ কথা: চল ৰাষ্টায়ে
- শ্ৰেষ্ঠ Upcoming Talent: অনুপম ৰয়
১১তম টেলিচিনে এৱাৰ্ডছ:
- শ্ৰেষ্ঠ বোলছবি, শ্ৰেষ্ঠ পৰিচালক
- শ্ৰেষ্ঠ অভিনেত্ৰী: নন্দনা সেন
- শ্ৰেষ্ঠ গায়ক: ৰূপম ইছলাম (বেছে থাকাৰ গান)
- শ্ৰেষ্ঠ গীতৰ কথা: অনুপম ৰয় (আমাকে আমাৰ মতে)
২০১১ বিগ বাংলা ৰাইজিং ষ্টাৰ এৱাৰ্ডছ:
- শ্ৰেষ্ঠ পৰিচালক
- শ্ৰেষ্ঠ অভিনেত্ৰী: নন্দনা দাস
- শ্ৰেষ্ঠ গায়ক: অনুপম ৰয়
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অট'গ্ৰাফ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৪৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।